ব্যক্তি পাৰ্থক্যতা আৰু তাৰ গুৰুত্বতা…

100

ব্যক্তি পাৰ্থক্যতা আৰু তাৰ গুৰুত্বতা…

নন্দেশ্বৰ মিলি , নগাঁও,অসম

সকলো ব্যক্তি নিজৰ স্থানত একক , অদ্বিতীয় আৰু অনন্য । পৃথিৱীত যিমান মানুহৰ জন্ম হৈছিল , হৈছে বা হ’ব সকলোৰে নিজস্বতা আছিল , আছে আৰু থাকিব । গতিকে , আমি কাৰোবাৰ লগত আন কাৰোবাক তুলনা কৰাটো কেতিয়াওঁ কাম্য হ’ব নোৱ‍ৰে ।

ব্যক্তি দৈহিক , মানসিক , আৱেগিক বা ব্যক্তিত্ব সকলো ক্ষেত্ৰতে ভিন্নতা আছে । মানুহৰ ৰুচি , অভিৰুচি , ধ্যান-ধাৰণা , চিন্তা -চৰ্চা , চেহেৰা , গাৰ গঠন , অভ্যাস আদি সকলোতে বিভিন্নতা আছে । সেয়ে দুজন মানুহ কেতিয়াও সম্পূৰ্ণ সাইলাখ একে হ’ব নোৱাৰে । তেজৰ সম্পৰ্ক নথকাৰ কথা বাদেই দিয়ক , তেজৰ সম্পৰ্ক থকা ব্যক্তিসকলৰ মাজতো এশ শতাংশই সমান নহয় । আপুনি কেতিয়াওঁ দুজন মানুহৰ মাজত উচ্চ-নীচৰ কথা তুলনা কৰাটো প্ৰকৃততে সমীচীন নহয় । কাৰণ প্ৰতিজনে নিজৰ নিজৰ ক্ষেত্ৰত সঠিক ।

সকলো ব্যক্তি সকলো ক্ষেত্ৰতে সমান নহয় । সকলো কামতে সকলো ব্যক্তি সম্পূৰ্ণ নহয় । তেনে অসম্পূৰ্ণতাই আমাক পাৰস্পৰিক নিৰ্ভৰশীলতা কৰি তুলিছে । ফলত সামাজিক সম্পৰ্ক , সমন্ধ সমূহ সৃষ্টি হয় । গতিকে , ব্যক্তি পাৰ্থক্য সমূহ সত্য । আমি প্ৰায়েই কিছুমান ঘটনা দেখা পাওঁ । মাক-দেউতাকে নিজৰ সন্তানক কাৰোবাৰ লগৰীয়া বা বেলেগ সন্তানৰ লগত তুলনা কৰে । অমুকৰ ল’ৰাটো বা ছোৱালীয়ে পৰীক্ষাত বহুত নম্বৰ পাই পাছ কৰিলে আমাৰটো কিয় নাপালে বা নোৱাৰিলে । শিক্ষক সকলকো দেখো কোনোবা ছাত্র-ছাত্রীক আন কোনোবা ছাত্র-ছাত্রীৰ লগত তুলনা কৰে । আচলতে তেনে তুলনাই শিশুটিক বা শিক্ষাৰ্থীজনৰ ব্যক্তিগত পাৰ্থক্যৰ কথাখিনি আমি পাহৰি যাওঁ বা মনোবৈজ্ঞানিক নীতিটো ভংগ কৰোঁ । ঠিক তেনেকৈ কোনোবা অভিভাৱকে নিজৰ সন্তানটিক কোনোবা শাখাত বা বিষয়ত পঢ়িবলৈ হেঁচা প্ৰয়োগ কৰে । তেনে কৰোঁতে আমি ছাত্র-ছাত্রীজনীৰ ৰুচি-অভিৰুচি , আগ্ৰহ , সামৰ্থৰ কথাটো পাহৰি যোৱা হয় । আমি প্ৰতিটো দিনেই তেনেকুৱা কামবোৰ কৰি থাকোঁ । আপুনি চাব কোনোবা সংগীত শিল্পীৰ কণ্ঠটো বিহুগীতৰ বাবে সুৰীয়া যেন লাগিলেও আধুনিক বা বৰগীতৰ ক্ষেত্ৰত তেওঁৰ কণ্ঠটো ভাল নালাগিবও পাৰে । কোনোবা নায়কে একচন ছবিত ভাল লাগিলেও কমেডী বা ৰোমান্টিক ছবিত ভাল নালাগিবও পাৰে । কোনোবা শিক্ষকৰ শিক্ষাদানক আমি বেলেগ শিক্ষকৰ তুলনাত বেছি ভাল পাবও পাৰোঁ বা বেয়া লাগিবও পাৰোঁ । গতিকে , সেইবোৰত ব্যক্তি পাৰ্থক্যৰ কথাবোৰ উপলব্ধি কৰিব পৰা যায় ।

প্ৰতিটো ব্যক্তিকে নিজস্বতা বজাই ৰাখি বিকাশ হ’বলৈ দিয়া উচিত । কোনোবাই পঢ়া-শুনা কৰি ভাল পায় , আকৌ কোনোবাই সংগীত , নৃত্য , চিত্রাংকন , খেল-ধেমালি কৰি ভাল পাব পাৰে । কোনোবাই বিজ্ঞান পঢ়ি ভাল পায় , আকৌ আন কোনোবাই কলা বা বাণিজ্য বিভাগত পঢ়ি ভাল পায় । এইদৰে ভাল পোৱাবোৰৰ জৰিয়তে চখ বা হবি , অভ্যাস , স্বভাৱ , ব্যক্তিত্ব আদি গঠন হয় । কিন্ত তেনেবোৰ গঠন হওঁতে সচেতন হ’ব লাগে , যাতে শিশুটি বেয়া কৰ্ম , আচৰণ বা বদ অভ্যাস সমূহ গঢ় লৈ নুঠে । উপযুক্ত দিহা-পৰামৰ্শ আৰু পথ-প্ৰদৰ্শনে শিশুটিক বেয়া পথৰ পৰা আঁতৰাই সু-পথত আগৱাঢ়ি যোৱাত অভিপ্ৰেত কৰি তুলিব ।

কোনোবা শিশুক আমি কিবা এটা হ’বলৈ বা কৰাবলৈ জোৰ- জবৰদস্তি কৰো , তেন্তে শিশুটিৰ নিজস্বতাক হত্যা কৰাৰ দৰে হয় । শিশুটিৰ আগ্ৰহ , ৰুচি-অভিৰুচিক নস্যাৎ কৰি শিশুটিক বিদ্ৰোহী কৰি তুলিবও পাৰে । তেনে বিদ্ৰোহী মনোভাবে এটা সময়ত ফিৰিঙতিৰ পৰা খাণ্ডৱ বন দাহৰ দৰে অৱস্থা হ’বগৈ পাৰে । তেনে শিশুৱে অপৰাধপ্ৰৱণতা , ড্ৰাগছ আসক্ত , দুঃশ্চিন্তা , মানসিক ভাৰসাম্য হেৰুওৱা , পলায়নবাদী মনোভাৱ , জটিল ব্যক্তিত্বৰ অধিকাৰী , আত্মহত্যা আদি নতুন নতুন সমস্যাবোৰ গা কৰি উঠিবও পাৰে । গতিকে , প্ৰতিজন ব্যক্তিৰ ব্যক্তিত্বক আমি উপযুক্ত শ্ৰদ্ধা, সন্মান জনাব লাগিব । তেতিয়াহে সকলো দিশ সুস্থভাৱে চলি থাকিব ।

ব্যক্তি পাৰ্থক্য বা ব্যক্তিভেদ সামাজিক, পাৰিৱেশিক, সাংস্কৃতিক, ভৌগোলিক,লিংগ, সময় আদি দিশবোৰৰ প্ৰভাৱৰপৰাও সৃষ্টি হ’ব পাৰে।এজন পাঞ্জাৱী পৰিয়ালৰ সন্তানে পাঞ্জাৱী ভাষা ক’ব আৰু তেওঁ ভাততকৈ ৰুটি খাই ভাল পাব।অসমৰ অসমীয়া পৰিয়ালৰ সন্তানে অসমীয়া ভাষী হ’ব আৰু তেওঁ ৰুটিতকৈ চাউলৰ ভাত খাই বেছি ভাল পাব।জনজাতীয় লোকৰ সন্তানৰ অ-জনজাতীয় সম্প্ৰদায়ৰ লোকৰ সন্তানৰ চিন্তাধাৰাতকৈ পাৰ্থক্য থাকিব।ভাৰতীয় পৰিয়ালৰ সন্তানতকৈ ইউৰোপীয় পৰিয়ালৰ সন্তানৰ পাৰ্থক্য থাকিব।চহৰীয়া পৰিয়ালৰ সন্তানকৈ গ্ৰামাঞ্চল বা চৰ-চাপৰি অঞ্চলৰ সন্তানৰ পাৰ্থক্য থাকিব।ধনী পৰিয়ালৰ সন্তানকৈ দুখীয়া পৰিয়ালৰ সন্তানৰ মাজত পাৰ্থক্য থাকিব।কৃষিপ্ৰধান অঞ্চলৰ সন্তানতকৈ শিল্পপ্ৰধান বা উদ্যোগপ্ৰধান অঞ্চলৰ সন্তানৰ পাৰ্থক্য আহিব। ভৈয়াম অঞ্চলৰ সন্তানতকৈ পাহাৰীয়া অঞ্চলৰ সন্তানৰ মাজত পাৰ্থক্য থাকিব। ল’ৰা-ছোৱালী সাপেক্ষে পচ্ছন্দ-অপচ্ছন্দ,আগ্ৰহ আদি ভিন্ন হ’ব পাৰে। মধ্যযুগ বা প্ৰাচীন যুগৰ লগত আধুনিক যুগৰ সন্তানৰ পাৰ্থক্য থাকিব।গতিকে সেইবোৰ সকলো দিশ চালি-জাৰি চাই ক’ব পাৰি যে ব্যক্তি পাৰ্থক্য থকাটো স্বাভাৱিক ।

গতিকে আপোনাৰ সন্তানক কোনো টমাচ আলভা এডিচন,শ্বেক্সপীয়েৰ, এৰিষ্ট’টল, অমিতাভ বচ্চন,শচীন তেণ্ডুলকাৰ, লতা মংগেশকাৰ, ভূপেন হাজৰিকাৰ দৰে কৰাৰ প্ৰয়োজন নাই।হয় তেওঁলোকৰ আদৰ্শ ,চিন্তাধাৰাবোৰ আমি গ্ৰহণ কৰিব লাগে,জীৱন যাত্রাত সহচৰ কৰিব লাগে।কিন্ত্ত একদম তেওঁলোকৰ দৰেই হ’ব লাগিব বুলি জোৰ কৰা কামটো, ভবাটো অমূলক বা অনৰ্থক।কাৰণ কোনেও অমিতাভ বচ্চন বা ভূপেন হাজৰিকা হ’ব নোৱাৰে। তেওঁলোকে তেওঁলোকৰ স্থানত একক আৰু অদ্বিতীয় ।

কোনোবা সন্তানে বা কোনবাই যি দিশত জীৱনটো গঢ়াৰ লক্ষ্য বান্ধিছে তেন্তে তেওঁক সন্মান জনাওঁক।কোনোবাই চিকিৎসক, কোনোবাই বিজ্ঞানী,কোনোবাই লেখক,কোনোবাই কবি, কোনোবাই উকীল,কোনোবাই পুলিচ,কোনোবাই অধ্যাপক , কোনোবাই উচ্চপদস্থ বিষয়া, কোনোবাই পাইলট, কোনোবাই কৃষক হ’বলৈ বিচাৰিব পাৰে।তাত কোনো সৰু-বৰ বা উচ্চ-নীচ বৃত্তি থাকিবই নোৱাৰে।কাৰণ সমাজ, দেশখন চলিবৰ বাবে সকলো বৃত্তি সমানেই প্ৰয়োজনীয়।কাৰণ চিকিৎসকজনে খেতি-বাতি কাম কৰিবলৈ নাজানিবও পাৰে বা কৃষকজনে চিকিৎসকৰ কাম কৰিবলৈ নোৱাৰে।আকৌ খেতিয়কজনে খেতি-বাতি উৎপাদন নকৰিলে চিকিৎসকজন বা কোনো মানুহেই খাদ্য পাব নোৱাৰে।সেয়েহে সকলো শ্ৰমৰে মূল্য বুজি যিজনে যি দিশত কেৰিয়াৰ গঢ়িব খোজে তাতে উৎসাহিত আৰু অনুপ্ৰাণিত কৰাটো খুবেই দৰকাৰী।

গতিকে ব্যক্তি পাৰ্থক্যতা থকাৰ বাবে বিভিন্ন ব্যক্তিৰ ভিন্ন ভিন্ন মতামত, ভাবনা আদি থাকিব পাৰে।সেয়ে কোনো সংজ্ঞা, তথ্য,সূত্র আদি ব্যক্তিভেদে ভিন্নতা থকাটো পৰিলক্ষিত হয়। উদাহৰণস্বৰূপে ,শিক্ষাৰ ধাৰণাটো মহাত্মা গান্ধী আৰু ৰুচোৰ মাজত পাৰ্থক্য থাকিব পাৰে।সাধাৰণ যেন লগ গছ পাতটিৰ সন্দৰ্ভত সাধাৰণ মানুহৰ তুলনাত কবি,বিজ্ঞানী মানুহৰ ধাৰণা নিশ্চয় ভিন্ন হ’ব।ঠিক তেনেকৈ বয়স,অভিজ্ঞতা,পৰিপক্কতাই সাধাৰণ শিশু বা ব্যক্তিৰ তুলনাত অভিজ্ঞ,পাৰদৰ্শী থকা ব্যক্তিৰ দৃষ্টি নিশ্চয় প্ৰভেদ থাকিব।সেয়ে সমাজৰ সকলো লোকৰ কেতিয়াও একে মানসিকতাৰ অধিকাৰী হ’ব নোৱাৰে। সেয়ে অসমীয়াত কোৱা হয়…নানা মুনিৰ নানা মত।

ব্যক্তি পাৰ্থক্যতাই আমাক বিভিন্ন দিশত,ক্ষেত্ৰত প্ৰভাৱ পেলায়।জীৱনৰ লক্ষ্য নিৰ্ণয়,বৃত্তি নিৰ্বাচন,জীৱন-শৈলী, আচৰণ,ধ্যান-ধাৰণা,বিশ্বাস আদি সকলোতে প্ৰভাৱান্বিত কৰে। কিন্ত্ত সেই বৈচিত্র্যতাই আমাক সামাজিক-সাংস্কৃতিক বা সকলো দিশতে এক প্ৰাণ-প্ৰাচ্যুৰ্যময় কৰি তুলি পাৰস্পৰিক জীৱন-নিৰ্বাহ আৰু একতা,সংহতিৰ তাৎপৰ্য উপলব্ধি কৰাত সহায় কৰে।গতিকে আমি সকলোকে সন্মান আৰু শ্ৰদ্ধা ভাব ৰাখি সমিলমিলেৰে বসবাস কৰি অনৈক্যৰ মাজত ঐক্য স্থাপন কৰি বিশ্বখনক এক শান্তিৰ আলয় স্থাপন কৰাত আগভাগ লোৱাত গুৰুত্ব দিব লাগিব।