মৰিগাঁৱৰ ভূৰবন্ধা শাখা সাহিত্য সভাৰ উদ্যোগত সতীৰ্থ সমাৰোহ আৰু কবি সন্মিলন সম্পন্ন

67

মৰিগাঁৱৰ ভূৰবন্ধা শাখা সাহিত্য সভাৰ উদ্যোগত সতীৰ্থ সমাৰোহ আৰু কবি সন্মিলন সম্পন্ন

ষ্টাফৰিপৰ্টাৰ , মৰিগাঁও , ১২ ছেপ্তেম্বৰ : কবিতা হৈছে মানুহৰ অনুভূতিৰ ৰসপূৰ্ণ প্ৰকাশ । কবিতাই কেৱল মানুহৰ ব্যক্তিগত দুখ-সুখ,অনুভূতি প্ৰকাশতে সীমাবদ্ধ হৈ নাথাকে । ই সমাজ পৰিবৰ্তনৰ অগ্ৰদূত হ’ব পাৰে । সমাজৰ বাস্তৱতাক বাদ দি সাৰ্থক কবিতা সৃষ্টি হ’ব নোৱাৰে—-মৰিগাঁও জিলাৰ ভূৰবন্ধাত আজি এই বক্তব্য প্ৰকাশ কৰে মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি প্ৰতাপ হাজৰিকাই । ভূৰবন্ধা শাখা সাহিত্য সভা অধিনত ভূৰবন্ধা সমূহীয়া ভৱনত অনুষ্ঠিত হোৱা কবি সন্মিলন উদ্বোধন কৰি জিলা সাহিত্য সভাৰ সভাপতি প্ৰতাপ হাজৰিকাই বক্তব্যত কয় যে- কবিতাৰ সমল হিচাপে বিশ্বব্ৰহ্মাণ্ড, প্ৰকৃতি জগতৰ ঘটনা পৰিঘটনা বিলাকক অন্তৰ্ভুক্ত কৰিব লাগিব । কবিতাই নিজৰ অধিকাৰতে স্বাধীন । এই দিশ সমূহ লক্ষ্য কৰি নতুন প্ৰজন্মৰ কবি সকলে কবিতা ৰচনাত অগ্ৰাধিকাৰ দিয়া উচিত বুলি জিলা সাহিত্য সভাৰ সভাপতি গৰাকীয়ে উদ্বোধনী ভাষণত বক্তব্য প্ৰকাশ কৰে । ভূৰবন্ধা শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তিলক হাজৰিকাৰ সঞ্চালনাত অনুস্থিত হোৱা কবি সন্মিলনৰ সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি জিলা সাহিত্য সভাৰ সম্পাদক পিনাকী ভূষণ মহন্তই কবিতাৰ সৃষ্টিৰ ওপৰত বিস্তৃত ভাৱে ভাষণ প্ৰদান কৰে । ইফালে , দিনৰ ভাগত শাখা সাহিত্য সভাৰ সভাপতি মঙলু বৰা সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত প্ৰয়াত ৰমা ভাগৱতী সোঁৱৰণীত এখন প্ৰাচীৰ পত্ৰিকা “সোনাই” উন্মোচন কৰে । এই অনুষ্ঠানতো ভূৰবন্ধা শাখা সাহিত্য সভাৰ সম্পাদক ৰবীন ডেকাই আঁতধৰে । আনহাতে , আজি পুৱা ভাগৰ পৰা ভূৰবন্ধা সমূহীয়া ভৱনত অনুষ্ঠিত হোৱা সতীৰ্থ সমাৰোহ আৰু কবি সন্মিলনৰ প্ৰাক:ক্ষণত ভূৰবন্ধা শাখা সাহিত্য সভাৰ সভাপতি মঙলু বৰাই পতাকা উত্তোলন কৰাৰ পিছতে স্মৃতি তৰ্পন কৰে শাখাৰ প্ৰাক্তন সভাপতি ভানুৰাম কাকতিয়ে । পুৱা ১০ বজাত শাখা সাহিত্য সভাৰ এক কাৰ্যনিৰ্বাহক সভা অনুস্থিত হোৱাৰ পিছতে সতীৰ্থ সমাৰোহ অনুস্থিত হয় । ইপিনে , আজি দিনৰ ভাগত ভূৰবন্ধা শাখা সাহিত্য সভাৰ দ্বাৰা আয়োজিত এই কবি সন্মিলনত মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি প্ৰতাপ হাজৰিকা,মঙলু বৰা, প্ৰসেন হাজৰিকা,পুলিন কাকতি,পল্লৱ গোস্বামী, প্ৰাঞ্জল গোস্বামীকে ধৰি প্ৰায় অৰ্ধশতাধিক নবীন প্ৰবীণ কবিয়ে নিজৰ স্ব-ৰচিত কবিতা পাঠ কৰে ।