যোৰহাটৰ কবি জ্যোতিমণি শইকীয়া বৰুৱালৈ ২০২১ বৰ্ষৰ ‘কবিকণ্ঠ বঁটা’

40

যোৰহাটৰ কবি জ্যোতিমণি শইকীয়া বৰুৱালৈ ২০২১ বৰ্ষৰ ‘কবিকণ্ঠ বঁটা’

দুৰ্নীতিৰ দৰ্পণ সেৱা , পশ্চিম যোৰহাট , ৮ ছেপ্টেম্বৰ : অসমৰ অগ্রণী প্ৰকাশন গোষ্ঠী দিগদর্শন প্ৰকাশনৰ চলিত বৰ্ষৰ “কবিকণ্ঠ বঁটা”ৰ বাবে নিৰ্বাচিত হৈছে দেৰগাঁৱৰ জেলেহুৱা গাঁৱৰ প্ৰয়াত সোনাধৰ শইকীয়া আৰু শ্ৰীযুতা লিলি শইকীয়াৰ জীয়ৰী তথা যোৰহাট টেকেলা গাঁৱৰ প্ৰয়াত কান্তিৰাম বৰুৱা আৰু প্ৰয়াত সোণপাহি বৰুৱাৰ বোৱাৰী আৰু দুলাল বৰুৱাৰ পত্নী জ্যোতিমণি শইকীয়া বৰুৱা । নৱম শ্ৰেণীত পঢ়ি থকাৰে পৰা কবিতা, গল্প, প্ৰবন্ধ আদি লিখিবলৈ লোৱা আৰু বিভিন্ন বাতৰি কাকত , আলোচনীত প্ৰকাশ পাই অহা জ্যোতিমণি শইকীয়া বৰুৱাই কিছু ঘৰুৱা অসুবিধাৰ বাবে লেখা-মেলাৰ এই ধাৰাবাহিকতা নিয়মীয়াকৈ ৰক্ষা কৰিব পৰা নাছিল যদিও শেহতীয়াকৈ ২০২০ বৰ্ষৰ কৰ’না মহামাৰী আৰু লকডাউনৰ পৰিপ্ৰেক্ষিতত বিশ্বজুৰি অচলাৱস্থাৰ সৃষ্টি হোৱাৰ সময়তে ভাৰ্চুৱেল জগতখনে দপদপাই আছিল তাৰ সুযোগতে পুনৰ জ্যোতিমণিৰ সাহিত্য চৰ্চাই ঠন ধৰি উঠিছিল । বিভিন্ন সাহিত্য প্ৰতিযোগিতাত সদৌ অসম ভিত্তিত স্থান লাভ কৰিবলৈ সক্ষম হোৱা জ্যোতিমণিয়ে দিগদৰ্শন প্ৰকাশনৰ সৌজন্যত সদৌ অসম ভিত্তিত আয়োজিত কবিতাৰ পাণ্ডুলিপি প্ৰতিযোগিতাটো স্থান লাভ কৰিছে । বৰ্তমান নগাঁও জিলাৰ অন্তৰ্গত লাওখোৱা ব্লকৰ ২৭২৬ নং পশ্চিম মহব্বৰালী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰীৰূপে কৰ্মৰত জ্যোতিমণিয়ে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত হৈ থকাৰ উপৰিও ফেচবুকৰ এটি জনপ্ৰিয় সাহিত্যৰ গ্ৰুপ “সন্মিলিত সাহিত্য মঞ্চ”ৰ প্ৰশাসিকা হিচাপে সুচাৰুভাৱে দায়িত্ব পালন কৰি আহিছে । জনপ্ৰিয় লেখিকা গৰাকীৰ দুখন কবিতা গ্ৰন্হ ক্ৰমে “নৈয়ে গান গায়” আৰু “সূৰ্য নামি আহে নদীৰ বুকুলৈ” শীঘ্ৰে প্ৰকাশৰ পথত । কবি জ্যোতিমণি শইকীয়া বৰুৱাক যোৰহাটত অনুষ্ঠিত হ’বলগা দিগদৰ্শনৰ প্ৰকাশনৰ আগন্তুক অষ্টদশ প্ৰতিষ্ঠা দিৱসত কবিকণ্ঠ বঁটাৰে সন্মানিত কৰিব।