শঙ্কৰদেৱৰ অনুপম সৃষ্টি মুখাশিল্প আৰু ইয়াৰ চৰ্চা

171

শঙ্কৰদেৱৰ অনুপম সৃষ্টি মুখাশিল্প আৰু ইয়াৰ চৰ্চা

✍️নীলাঞ্জনা পাচনি , যোৰহাট

মুখা মানৱ সভ্যতাৰ আদিম কৃতি। পৰৱৰ্তী পৰ্য্যায়ত ই সভ্যতাৰ ক্ৰমবিকাশৰ মাপকাঠি হোৱাৰ লগতে কলালৈও পৰ্য্যবসিত হ’ল। অসমত মুখাৰ ব্যৱহাৰ আদিম কালৰেপৰাই আছিল যদিও মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱেই মুখাশিল্পক এক পৰিশীলিত ৰূপেৰে আগবঢ়াই লৈ আহিল । জগতগুৰু শ্ৰীমন্ত শঙ্কৰদেৱে নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰত বৰগীত নাট,বাদ্য,ভাওনা আদিক মূখ্য মাধ্যম হিচাপে লৈ যি সাংস্কৃতিক আন্দোলন গঢ়ি তুলিছিল মুখাও তাৰ অন্যতম অংগ । আমাৰ অসমৰ খেতিপথাৰত বা লোকনাট্য পৰম্পৰাসমূহত আগৰেপৰাই মুখা বা মুখাসদৃশ সামগ্ৰী থকাৰ উমান পোৱা যায় । খেতিপথাৰত মাটিৰ টেকেলিত বা খেৰৰ জুমুঠিত মুখা তৈয়াৰ কৰি ভয়ংকৰ ৰূপ দি জীৱ-জন্তুক ভয় খুৱাবলৈ চেষ্টা কৰা আজিও দেখা যায় । মুখাৰ জৰিয়তে অতি নাটকীয়,ভয়াবহ পৰিবেশ আৰু মুগ্ধ পৰিবেশ সৃষ্টি কৰিবৰ বাবে ব্যৱহাৰ কৰা হৈছিল । দৰ্শকক বীৰ ,হাস্য ,বীভৎস ,অদ্ভূত ,ভয়ানক ৰসৰ যোগান ধৰাই মুখাৰ প্ৰধান মুখ্য উদ্দেশ্য। আজিও অসমৰ বিভিন্ন ঠাই আৰু মাজুলীৰ বিভিন্ন সত্ৰসমূহত মুখাশিল্পৰ চৰ্চা ব্যাপকভাৱে দেখা যায় । অভিনয়ৰ লগত জড়িত প্ৰায়বোৰ অনুষ্ঠানেই আজি মুখাক পোনপটীয়াকৈ ব্যৱহাৰ কৰি আহিছে।স্থানীয়ভাৱে সহজলভ্য বাঁহ,বেত ,কাপোৰ ,গোবৰ মাটি ,কাঠ, কুঁহিলা ,কাগজ ,আঠা ,হেঙুল ,হাইতাল ,বজাৰত উপলদ্ধ ৰং , প্লাষ্টাৰ কাপোৰ আদিৰে এই মুখাসমূহ তৈয়াৰ কৰা দেখা যায় । খ্ৰীঃপূঃ তেৰশ চনৰ আগতেই ভাৰতত মুখাৰ প্ৰচলন আছিল বুলি ঠাৱৰ কৰিব পাৰি । ভাগৱত পুৰাণত বৰ্ণিত বিষ্ণুৰ নৃসিংহ ৰূপ,হিৰণ্যকশিপু ,ৰাৱণ ,পুতনা ,জটায়ু ,বকাসুৰ আদিৰ মুখা শঙ্কৰদেৱৰ আগৰ সৃষ্টি হ’লেও গুৰুজনাই এই মুখাশিল্পক অংকীয়া ভাওনাত ব্যৱহাৰ কৰি গণমাধ্যমটোৰে হৰিকথা প্ৰচাৰ কৰিছিল । পণ্ডিতসকলৰ মতে গ্ৰীক নাটকতো মুখাৰ ব্যৱহাৰ মন কৰা যায় । এই মুখাসমূহ জীৱ-জন্তুৰ ছাল-নোম,লাউৰ খোলা,গছৰ বাকলি,চৰাইৰ পাখি আদিৰে তৈয়াৰ কৰিছিল । জনা মতে , অল্ড টেষ্টামেণ্ট আৰু নিউ টেষ্টামেণ্টতো অসুৰ,ড্ৰেগন ,সৰীসৃপ আদিৰ ছবি মুখাৰে সৈতে উপস্থাপন কৰিছিল । ভাৰতীয় নাট্য পৰম্পৰাৰ উৰিষ্যা,বিহাৰ,কেৰেলাৰ লোকনাট্য আৰু উত্তৰ ভাৰতৰ ৰামলীলাতো মুখাৰ ব্যৱহাৰ আছে । চীন , জাভা, বালিদ্বীপ,জাপান আদিতো বাঁহ বা কাঠৰ মুখাৰ প্ৰয়োগ আছে । শঙ্কৰদেৱৰ নাট আৰু পৰৱৰ্তীসময়ত সত্ৰসমূহৰ নাট-ভাওনাসমূহত মুখাই এক ব্যাপক ভূমিকা লৈছিল । এই মুখাসমূহৰ বেছিভাগেই পুৰুষকেন্দ্ৰিক আৰু নাৰীৰ ক্ষেত্ৰত ব্যৱহৃত মুখাসমূহতো পুৰুষসুলভ ভঙ্গীহে দেখা যায় । স্বনামধন্য মুখাশিল্পী ৰেৱকান্ত মহন্তদেৱে স্পষ্টভাৱে লিখিছে –নিজৰ মুখখন ঢাকি আৱৰণৰ সহায়ত অন্যৰূপ প্ৰদৰ্শন কৰা বস্তুটোৱেই মুখা। ছোঁ-ঘৰতে এই মুখা যতনেৰে পিন্ধা হয় । সাধাৰণতে এই মুখা নিৰ্মাণত জাতি বাঁহেৰে ‘টোম ‘ আকৃতিৰে বৈ বৈ সজা হয় । প্ৰথমে জকাটো বৈ লয় ,পিছলৈ তাত কুমাৰ মাটি ,বোকা গুলি নিৰ্মাণ কৰা হয় । ৰ’দ লগাই শুকোৱাৰ পিছত একেবাৰে শেষত প্ৰাকৃতিক ৰং ব্যৱহাৰ কৰে । মুখাশিল্পী ৰেৱকান্ত মহন্তদেৱে তেওঁৰ প্ৰৱন্ধ ‘অংকীয়া ভাওনাৰ অন্যতম আহাৰ্য পৰম্পৰাগত মুখাশিল্প ‘ত স্পষ্টভাৱে লিখিছে —- মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰ গুৰুজনাই বাঁহৰ কাঠিৰে মুখা সাজি ভাওনা ঘৰত ব্যৱহাৰ কৰি দেখুৱা প্ৰথমজন শিল্পী । মহাপুৰুষজনাই সজা মুখাসমূহৰ ভিতৰত অনন্ত শৰ্য্যা,ব্ৰহ্মাৰ মুখা তথা ব্ৰহ্মাৰ বাহন ‘ৰাজহংস,শিৱৰ মুখা তথা শিৱৰ বাহন ‘বৃষভ’, বিষ্ণুৰ বাহন ‘গৰুড়’ আদিয়েই প্ৰধান ।
মুখাৰ প্ৰকাৰঃ
মুখা কেইবা প্ৰকাৰো । নাট্যশাস্ত্ৰৰ মতে পুষ্ট মুখা আৰু সঞ্জীৱ মুখা । ব্ৰহ্মা ,হিৰণ্যাক্ষ ,অসুৰ ,পুতনা আদি পুষ্ট মুখা আৰু জীৱ-জন্তু,সৰীসৃপ ,বগলী ,চৰাই আদিৰ মুখাসমূহ সঞ্জীৱ মুখা । আকৃতিৰ ফালৰ পৰাও মুখা দুই প্ৰকাৰৰ । যেনে— মূৰ মুখা আৰু মুখ মুখা । মূৰ মুখাই কেৱল মূৰ ভাগ আৱৰি ৰাখে । আনহাতে , মুখ মুখাই শৰীৰৰ অন্যান্য ভাগটো আৱৰি ৰাখে ।
অসমত ৪ প্ৰকাৰৰ মুখা সজাৰ ব্যৱস্থা আছে —
ক) কাঠৰ মুখা ,খ) বাঁহৰ কাঠিৰ মুখা ,গ) কাপোৰৰ মুখা ,ঘ) সাঁচৰ মুখা ।
কাঠৰ মুখা ঃ কাঠমিস্ত্ৰীৰ সকলো সামগ্ৰীৰে কাঠ এডোখৰ সুন্দৰকৈ কাটি এনেবোৰ মুখা বনোৱা হয় ।
বাঁহৰ কাঠিৰ মুখা ঃ টোমৰ মোৰ ,লখিমী মোৰ বা বিশ্বকৰ্মা মোৰ আদিৰে ৬ টা মোৰেৰে বাঁহৰ দৈ তুলাই (বহু সময়ত পানীত জুবুৰিয়াই থৈ )এইবিধ মুখা তৈয়াৰ কৰি কেইবাদিনো ৰ’দাই তাৰ ওপৰত বিশেষ এক শ্ৰেণীৰ মাটি লিপি তাৰ ওপৰত ৰং ঘঁহি এই মুখা প্ৰস্তুত কৰা হয়।কাঠিবোৰ পানীত গোৰাই থোৱাৰ কাৰণ হ’ল যাতে বেছিদিন পোক-পৰুৱাই নষ্ট কৰিব নোৱাৰাকৈ ৰাখিব পৰা যায় ।
কাপোৰৰ মুখা ঃ কাপোৰ,তুলা,বেজী-গুলী আদিৰ ব্যৱহাৰেৰে এই মুখা প্ৰস্তুত কৰা হয় । সাধাৰণতে ডাঢ়ি,চুলি,চেলাউৰি আদি এনেদৰে প্ৰস্তুত কৰে ।
সাঁচৰ মুখা ঃ কাগজ,মৰাপাট ,কলগছৰ আঁহ,আটা ,ময়দা ,কেন্দুগুটি আদিৰে এইবিধ মুখা প্ৰস্তুত কৰা হয় । হেঙুল,হাইতাল ,এঙাৰ ,কেৰাচিন তেলৰ চাকিৰ ধোঁৱা,নীল ,জামুগছৰ খৰিৰ এঙাৰ,খনিজ পদাৰ্থ ,বগামাটি আদি বিবিধ পদাৰ্থৰে মুখাৰ ৰং প্ৰস্তুত কৰা হয় । আজিকালি বহুতে বজাৰত উপলদ্ধ ৰঙো ব্যৱহাৰ কৰে । ৰামবিজয় ভাওনাত তাৰকা ৰাক্ষসী,মাৰীচ আৰু সুবাহুৰ মুখা,ৰাৱণৰ মুখা,শূৰ্পনখাৰ মুখা ,হনুমান,বালি,সুগ্ৰীৱ ,জাম্বৱন্ত আদিৰ মুখা আৰু নৃসিংহ যাত্ৰা ভাওনাত হিৰণ্যাক্ষ,হিৰণ্যকশিপু,বৰাহ,নৰসিংহ,গৰুড়পক্ষীৰ আদিৰ মুখা এই ক্ষেত্ৰত লেখত ল’বলগীয়া । একেদৰে ৰাস ভাওনাত অনন্ত শৰ্য্যা,শিশুকৃষ্ণক যমুনা পাৰ কৰোঁতে লগত যোৱা সাপদালৰ মুখা,বকাসুৰ,অঘাসুৰ ,পুতনা আদিৰ মুখা স্যমন্তক হৰণত সিংহ,জাম্বৱন্ত,প্ৰসেনৰ ঘোঁৰা,বাঘ ,হৰিণ আদিৰ মুখা , গজেন্দ্ৰ উপ্যাখানত গ্ৰাহ,গজেন্দ্ৰ,গৰুড়ৰ মুখা আদি এনে অন্যমম মুখা। নৃসিংহ মুখাভাগেই অসমৰ প্ৰাচীন মুখা বুলি জনা যায় । মাজুলীৰ চামগুৰি সত্ৰৰ বাহিৰেও এলেঙি নৰসিংহ,বিহিমপুৰ ,নতুন কমলাবাৰী আদি সত্ৰটো এই শিল্পবিধৰ সাধনা চলে । মুখাবিলাকৰ আকৃতি -অবয়ব তথা শিল্পসজ্জা অঞ্চলভেদে বেলেগ বেলেগ । থলুৱা চিন্তা-চৰ্চাই মুখাক আজিও প্ৰভাৱান্বিত কৰি আহিছে । উদাহৰণস্বৰূপে বাস্তৱৰ পৰা আঁতৰিও বহু সময়ত মুখা প্ৰস্তুত কৰা দেখা যায় । মুখাসমূহ ভাওনাকেন্দ্ৰিক যদিও আজিকালি ৰাজহুৱা দৰ্শনী বা বিদ্যায়তনিক দিশৰ বাবেও মুখা সজা দেখা যায়।
মুখাৰ সংৰক্ষণ ঃ
মুখাসমূহৰ সংৰক্ষণৰ বাবে যাদুঘৰৰ দায়িত্ব অপৰিসীম । ৰবীন্দ্ৰ ভৱন,কলাক্ষেত্ৰ,চিত্ৰকলা মহাবিদ্যালয় আদিয়ে এই মুখাসমূহৰ উপযুক্ত সংৰক্ষণৰ বাবে অহৰহ চেষ্টা কৰি আহিছে যদিও পৰ্য্যাপ্ত নহয় । জনা মতে,কলাক্ষেত্ৰ সমাজৰ লগতে ভাৰত চৰকাৰৰ ললিত কলা একাডেমীয়ে উত্তৰ – পূৰ্বাঞ্চল আৰু অন্যান্য কলা-কুশলীৰ মাজত মুখাশিল্পৰ কেইবাখনো কৰ্মশালা পাতিছে আৰু থলুৱা শিল্পীসকলৰ অধীনত বিভিন্ন সত্ৰসমূহতো সৰু সৰু কৰ্মশালা অনুষ্ঠিত কৰিছে । পিছে এইবোৰৰ প্ৰচাৰ আৰু প্ৰসাৰৰ আৰু অধিক প্ৰয়োজনৰ অৱকাশ আছে । মুখাশিল্পী সকল সদায় প্ৰচাৰ বিমুখ । গতিকে , চৰকাৰ আৰু স্বেচ্ছাসেৱী সংগঠনে এই মুখাশিল্পীসমূহক বিচাৰি আনি সমাজৰ আগত পৰিচয় কৰাই দি প্ৰেৰণা যোগালে ,সমাজলৈ তেওঁলোকে অধিক বৰঙণি আগবঢ়াবলৈ উৎসাহিত হ’ব ।