সাংবাদিকতা জীৱন আৰু মোৰ বন্ধু 

83

সাংবাদিকতা জীৱন আৰু মোৰ বন্ধু

আশ্ৰানুল হক,.
বেছিমাৰী,দৰং,অসম

বন্ধু শব্দটো শুনিবলৈ বহুত ভাল লগা এটা শব্দ নহয় নে বাৰু ? বন্ধু সকলোৰে জীৱনতে থাকে , মোৰ জীৱনতো তাৰ কোনো ব্যতিক্ৰম নহয় । মোৰ সাংবাদিকতা জীৱনত বহুত বন্ধু লগ পালোঁ । তাৰ মাজৰ পৰা কিছু কথা শ্বেয়াৰ কৰিব ওলাইছো । মোৰ জীৱনৰ অন্যতম এজন বন্ধু ৰফিক তালুকদাৰ এখেত বহুত বছৰ আগৰে পৰা  সাংবাদিকতা কৰি আছে , মোতকৈ বহুগুণে জেষ্ঠ সাংবাদিক । তেখেতৰ লগত মোৰ তেজৰ সম্পৰ্ক নহলেও ডাঙৰ দাদা আৰু বন্ধু হিচাপে মানো । বিভিন্ন বিষয়ত পৰামৰ্শ পাওঁ । উপদেশ দিয়ে কেতিয়া বা গালিও দিয়ে তথাপিও ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি গোটেই দিন একেলগে বাতৰি সংগ্ৰহ কৰো । মোক সাংবাদিকতা জীৱনত বহুত শিকাইছে । তেখেত মানুহটো বহুত সহজ সৰল । আৰু এজন ইমৰান আলী তেখেতে আনুমানিক ১০ বছৰৰ পৰা সাংবাদিকতা কৰি আছে , হলেও সাংবাদিকতা তেখেতৰ নিচা হে , মাত্ৰ তেখেতে সাংবাদিকতা কৰাৰ লগতে কোম্পানীৰ চাকৰীও এটা কৰে । তেখেত বহুত হাঁহি ধেমালীৰ মাজত থাকে মুখত যেন তেখেতৰ হাঁহি সদায়ে থাকে । মোক সদায় তেখেতে বিভিন্ন বিষয়ত জ্ঞান দিয়ে , গুৰু হিচাপে মানো তেখেতক । হলেও বন্ধু হিচাপেও যথেষ্ট ভাল মানুহ মোৰ দৃষ্টি কোণৰ পৰা । তেখেতে বিভিন্ন বিষয়ত লিখা-মেলা সদায় কৰি থাকে বহুত ভাল লাগে , তেখেতৰ লিখনি সদায় বেলেগ বেলেগ কথা উপস্থাপন কৰে । আৰু এজন হ’ল আবুল খায়েৰ এখেতৰ জ্ঞানৰ ভাণ্ডৰ কাৰণ বিভিন্ন বিষয়ত পাকৈ মানুহজন । মোক সকলো বিষয়ত মানুহজনে সদায় সাহস দিয়াৰ চেষ্টা কৰে । মানুহজন যেনেকোৱা গম্ভীৰ , তেনেকোৱা তেখেতৰ কাম কাজ । সদায় বিভিন্ন বিষয়ত আলোকপাত কৰে তেখেতে । কেতিয়া বা মোক গালিও দিয়ে বন্ধুৰ লগতে এজন ডাঙৰ দাদা হিচাপেও বহুত সন্মান কৰো মই । মই কিবা বস্তু বুজি নাপালে তেখেত মোক বুজাই দিয়াৰ চেষ্টা কৰে সদায় । আৰু এজন আছে সেইজন হ’ল মহম্মদ আলিম আজাদ মানুহ জনে ধেমালী কৰাৰ লগতে খঙালো যথেষ্ট বিভিন্ন বিষয়ত ধেমালী কৰে । মনটো বেয়া লাগিলে কেতিয়া মোক বিভিন্ন কথাৰে বুজাবলৈ যত্ন কৰে । টোপনীৰ পৰা যথেষ্ট দেৰিকৈ উঠাৰ বাবে আমি সদায় জুকায় থাকো । বেয়াও নাপায় মোক সৰু ভাইটি আৰু মোক এজন বন্ধু হিচাপে জ্ঞান কৰে । মইও তেখেতক বন্ধু হিচাপে মানো । আৰু এজন আছে , বয়সত মোতকৈ ডাঙৰ হলেও সাংবাদিকতা ক্ষেত্ৰত মোতকৈ কনিষ্ঠ । হলেও যথেষ্ট বুদ্ধি আছে তেওঁৰ । কেতিয়াবা কেতিয়াবা কাজিয়া লাগে  ফোনত । আকৌ লগ হলে , লগে লগে কথা পাতো । তেনেকুৱা আমাৰ বন্ধুত্ব সৰু সৰু কথাত বেছি মই খং কৰো । আমাৰ বন্ধু বিলাকে যথেষ্ট সয্য কৰে । আমিবোৰে বিভিন্ন কামত ব্যস্ত থাকিলেও ভিডিঅ ক’লত সকলোৰে লগত একে লগে কথা পাতো , খুবেই ভাল লাগে । আৰু এজন আছে এখেত আব্দুল আৱাল আমি আৱাল ভাই হিচাপে মাতো , সকলোৱে কিন্তু মানুহজন লৈ সদায় ধেমালী কৰো , তথাপিও কেতিয়াও খং নকৰে । মানুহজন খুবেই ভাল ।মোৰ সাংবাদিকতা জীৱনত বন্ধুবিলাকৰ পৰামৰ্শ আশীৰ্বাদ ধেমালী মোৰ প্ৰাপ্যৰ অধিক । সকলোৱে একে লগত হলে আমাৰ মাজত যেন ঠাণ্ডৰ দিনত কুৱলী পৰাৰ নিচিনাকৈ হাঁহি ধেমালী থাকেই এক আনন্দৰ মূহুূৰ্ত । মই মোৰ জীৱনত এনেকোৱা বন্ধু পাই নিজকে খুবেই ভাগ্যবান বুলি ভাবো । আশা কৰো , এনেদৰে যাতে আমি সকলোৱে মিলি গোটেই জীৱন বন্ধুত্ব শব্দৰ প্ৰকৃত অৰ্থ ৰক্ষা কৰিব পাৰো । বন্ধু বিহীন জীৱন যেন অকলশৰীয়া , কিন্তু এজন বন্ধু থাকিলে নিজৰ সকলো কথা প্ৰকাশ কৰিব পাৰি । মোৰ বন্ধুবিলাক সকলোৱে ধেমালীয়া খঙালো হয় । আমি চাৰি পাঁচজনে সদায় একে লগে বন্ধুত্বৰ শিকলিৰ মাজত বান খোৱাৰ বাবে আমাৰ মাজত যথেষ্ট একতা । মানুহে কথাত কয় , একতায় বল , ঠিক তেনেকৈ একতাই আমাৰ শক্তি । একৰ নাওঁ পানীতো নাযায় কথাত কয় , কিন্তু আমাৰ নাওঁ শুকান মাটিত যায় , এনেকোৱা একতা আমাৰ । সদৌ শেষত সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰাৰ লগতে সু-স্বাস্থ্য কামনা কৰিলোঁ ।