সেউজীয়া পৰিৱেশত মোৰ শৈশৱ

103

আশ্ৰানুল হক , বেছিমাৰী , দৰং , অসম

সৰুতে শুৱনি আমাৰ ভৰা গাঁওখনী সেউজীয়া গছ-গছনিৰে ভৰা । ঠিক তেনেকৈ আমাৰ ক্ষেত্ৰতো ব্যতিক্ৰম নহয় । কাৰণ আমি গাঁৱত থাকো গাঁৱৰ  সৰুৰে পৰা গাঁৱৰ পৰিৱেশত ডাঙৰ দীঘল হৈছো । গাঁও বুলি কলে অন্তৰ খন যেন সতেচ হৈ যায় ।আমাৰ গাঁওখনৰ প্ৰায় ৮০ শতাংশ লোক কৃষিজীৱি । গাঁৱৰ মনোমহা দৃশ্যৰ দেখিলে মন প্ৰায় পৰিষ্কাৰ যেন হৈ যায় । সদায় আবেলি ৰাতিপুৱা মই আৰু মোৰ বন্ধু এজনে গাঁৱৰ সেউজীয়া দৃশ্য চাৱলৈ আবেলি ওলাই গৈছিলো । খেলা-ধুলা কৰাৰ সমান্তৰাল ভাৱে গাঁৱৰ মাজতে বিভিন্ন ঘাহ বন বাঁহৰ ঝাৰৰ কেৰ কেৰ শব্দ শুনিছিলো । পথাৰখনত দৃষ্টি নিক্ষেপ কৰাৰ লগে লগে চকুৱে মনিব পৰাকৈ যিমান দূৰ চাইছিলো আনন্দত আত্মহাৰা হৈ পৰিছিলোঁ । এজন মানুহে চহৰত থাকি যিমান আনন্দ পায় , তাতকৈ গাঁৱত থকাৰ মানুহৰ আমেজ বেলেগ । গাঁৱত ঘুৰি-ফুৰা দিনবোৰ আজিও মনত পৰে । বয়সৰ অনুপাতে আজি কালি উপাৰ্জন ব্যস্ত হোৱাৰ বাবে গাঁৱৰ সেই দৃশ্য বিলাকৰ আমেজ লব নোৱাৰো । মনত ইচ্ছা থাকিলেও যেন চাৱ নোৱাৰো সেই দৃশ্য বিলাক । চৰাই চিৰিকটিৰ মাতত প্ৰাণ পাই উঠিছিল গছ লতা পাৰ্বন । জাকে জাকে বগলী আহি আমাৰ গাঁৱৰ পুখুৰীবিলাকত বহিছিল । গাঁৱৰ মাজত জাকে জাকে বগলীৰ আগমনে মনত নতুন নতুন জোৱাৰ আহিছিল । বন্ধু বৰ্গৰ লগত খেল-ধেমালীত অংশ গ্ৰহণ কৰিলো । আজি কালি খেল-বিলাক যেন নাইকীয়া হৈ আছে । আমাৰ গাঁৱৰ ওচৰতে প্ৰায় এখন নদী বৈ গৈছিল । নদীত গাঁ -ধুবলৈ যোৱা আমিবোৰে আনন্দৰ সৈতে নদীৰ সন্দৰ্য্য উপভোগ কৰিছো । আমাৰ গাঁৱৰ পথাৰত যেতিয়া আহু ধান খেতি কৰিছিল । আমি সৰু থাকোতে যেতিয়া আহু ধানৰ খেতি কৰিছিল । পথাৰত প্ৰথমতে মাটি চহায় তাৰ পিছত আমি সকলোৱে মিলিজুলি পথাৰত যোৱাৰ পিছত আমিবোৰক নাস্তা খাৱলৈ দিছিল , তাৰ পিছত খেতিত বীজ ৰোপন কৰিছিল ।আজি কালি যেন বিলুপ্ত হবলৈ ধৰিছে । মোৰ অনুভৱ হয় , কিছু বছৰ পিছত এইবিলাক প্ৰথা যেন নাইকীয়া হৈ যাব । সময় বৰ তাকৰ অহা প্ৰজন্মই কিজানি চিনিয়ে নাপাব । গাঁৱত বগলীৰ জাক বিলাকো যেন দেখা নাপাও । গছ-গছনিৰ সেউজীয়া পৰিৱেশৰ আনন্দ যেন উপভোগ কৰা নহয় । আমি ৰাতিপুৱা ঘৰৰ পৰা ওলাই যাও সন্ধিয়া ঘৰলৈ উভতি যাও । সৰু থাকোতে সেউজীয়া পৰিৱেশত ঘাহনি পথাৰত যেতিয়া গৈছো বেলি মাৰ যোৱা সময়ত সূৰ্য্যৰ পোহৰ আহি যেতিয়া পৰে মনটো বহুত বহুত সতেচ হৈ পৰিছিল । গাঁৱৰ জনসংখ্যা বৃদ্ধি হোৱাত ঘন বসতি হৈছে আমাৰ গাঁও  সেই কলগছৰ খেতি বিলাক আৰু নাই ।হলেও লাহে লাহে মানুহৰ ঘৰ-দুৱাৰ বাঢ়িছে বহুগুণে । এজন মানুহৰ ঘৰত আনজন মানুহ যোৱাৰ সময় নাই । সময়ৰ গতি আজি কোন ফালে গতি কৰিছে । না সেউজীয়া পৰিৱেশ চাৱ পাৰো না আগৰ নিচিনাকৈ ঘুৰি-ফুৰিব পাৰো । আকৌ যেন সৰু হবলৈ মন যায় । সময়ৰ চাহিদাত বিলাহী জীৱন যাপন কৰাত সকলোৱে গাঁৱৰ পৰিৱেশ পাহৰী গৈ আছে লাহে লাহে । আগতে যেতিয়া গাঁৱৰ বন্ধুবিলাকে একে লগে সেই মাৰুতি বল কিনিবলৈ পাঁচ টকা কৈ উঠাইছিলো তথাপিও আমিবোৰে কাজিয়া কৰিছিলো । খেতিবলৈ যোৱা পথাৰখনত প্ৰচণ্ড ৰ’দৰ মাজত খেলিছিলো মোৰ বেটখন হোৱাৰ বাবে প্ৰথমে বেট মোক ধৰিবলৈ নিদিনা খেল  বন্ধ বুলি কৈছিলো । আজি পকেটত অকলে বল কিনাৰ টকা আছে , কিন্তু সেই বন্ধু বিলাক নাই । সময়ৰ সোঁতত যেন সকলো সলনি হ’ল । বন্ধুবিলাকে একে লগে আড্ডা দিয়াৰ মজাই বেলেগ আছিল । মোৰ শৈশৱৰ কেইজন মান বন্ধুৰ নাম নিলিখি থাকিব নোৱাৰিলো -মিজানুৰ ৰহমান , মোজাহিদুল হক , জচমত আলী , জাহিদুল ইছলাম , মধুদ আলম। বন্ধু বিলাকৰ লগত ফুৰ্তি কৰা দিন বিলাক আজিও মনত পৰে ।