তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত ক’ভিত ৰোগীক চিকিৎসা নকৰাৰ অভিযোগ , মৃত্যুৰ সৈতে যুঁজি আছে বিশ্বনাথৰ ৰোগী 

3
59
তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত ক’ভিত ৰোগীক চিকিৎসা নকৰাৰ অভিযোগ , মৃত্যুৰ সৈতে যুঁজি আছে বিশ্বনাথৰ ৰোগী
দুৰ্নীতিৰ দৰ্পণ সেৱা , ছয়নিকা ডেকা , বিশ্বনাথ, ১২ মে:- তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত ক’ভিড ৰোগী ন্যূনতম চিকিৎসা পৰা বঞ্চিত হোৱাৰ অভিযোগ উঠিছে ৷ তৃষ্ণাতুৰ ৰোগীয়ে এটুপি খোৱা পানীৰ বাবে হাঁহাকাৰ কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে চিকিৎসালয় খনত ৷ এই অভিযোগ এগৰাকী ৰোগীৰ পৰিয়ালৰ । জানিব পৰা মতে , বিশ্বনাথ চাৰিআলিৰ শান্তিপুৰৰ নিবাসী ৰতন মণ্ডল নামৰ ব্যক্তি জনৰ লগতে তেখেতৰ পত্নীৰ যোৱা ৯ মে’ তাৰিখে ক’ভিত পজিটিভ ওলোৱাৰ পাছতে ব্যক্তি দুজনক বিশ্বনাথ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ কিন্তু ৰতন মণ্ডলৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাৰ লগে লগে ব্যক্তি জনক তেজপুৰ মেডিকেল কলেজলৈ উন্নত চিকিৎসাৰ বাবে স্থানান্তৰ কৰে ৷ লগতে পত্নী গৰাকী পুনৰ পৰীক্ষণত নেগটিভ্ ফলাফল অহাত তেওঁক ঘৰলৈ যাবলৈ দিয়া হয় ৷  অভিযোগ উঠা মতে,চিকিৎসা মহাবিদ্যালয় খনত উন্নত চিকিৎসাটো বাদেই,ন্যূনতম চিকিৎসাকণৰ পৰাও বঞ্চিত হৈ আছে ৰতন মণ্ডল নামৰ ব্যক্তিজন ৷পৰ্যাপ্ত অক্সিজেনৰ অভাৱ,এটুপি পানীৰ বাবে দিয়াৰ বাবেও কোনো নাই ৷ নাই ন্যূনতম চিকিৎসাকণো ৷ ইফালে, ৰোগী গৰাকীয়ে অক্সিজেনৰ অভাৱত কথা কোৱা সামৰ্থ্য কনো হেৰুৱাই পেলাইছে ৷ ইফালে , ব্যক্তিগত চিকিৎসাললৈ স্থানান্তৰ হ’বলৈ কথা পাতিবও পৰা নাই ৷ এতিয়া প্ৰশ্ন হয় , এনেকৈয়ে চলি আছে নেকি চিকিৎসা মহাবিদ্যালয় সমূহৰ চিকিৎসা ব্যৱস্থা ? ৰোগীক তিল তিলকৈ মৃত্যুৰ মূখলৈ ঠেলি দি হেতালি খেলিছে নেকি স্বাস্থ্যৰ বিয়াগোম বিভাগটোৱে । এই কথা পোহৰলৈ আহিছে ৰতন মণ্ডলৰ পৰিয়ালৰ লোকৰ অভিযোগৰ পিছত । ৰতন মণ্ডলৰ দৰে আন বহুতো ক’ভিড ৰোগীয়ে উচিত চিকিৎসাৰ পৰা বঞ্চিত হৈ মৃত্যুৰ মূখলৈ গতি কৰিব ? এই প্ৰশ্ন পৰিয়ালৰ লোকৰ । এই ক্ষেত্ৰত নৱনিৰ্বাচিত স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কেনে ব্যৱস্থা গ্ৰহণ কৰিব পৰৱৰ্তী সময়ত পৰিলক্ষিত হ’ব ৷

3 COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here