নগাঁৱত সামাজিক দূৰত্ব ধোঁৱাচাঙত , বজাৰ ব্যৱসায়িক প্ৰতিষ্ঠানত গ্ৰাহকৰ ভিৰ

0
56

নগাঁৱত সামাজিক দূৰত্ব ধোঁৱাচাঙত , বজাৰ ব্যৱসায়িক প্ৰতিষ্ঠানত গ্ৰাহকৰ ভিৰ

ৱাহিদুদ জামান নগাঁও , ৬ মে’: ক’ভিড ১৯ ৰ দ্বিতীয় লহৰে সৃষ্টি কৰা ভয়াবহক পৰিস্থিতিয়ে টলাব পৰা নাই নগাঁৱৰ একাংশ লোকক । সমগ্ৰ দেশজুৰি ক’ভিড ১৯ ভাইৰাছৰ দ্বিতীয় লহৰত সংক্ৰমণৰ আতংকময় পৰিৱেশৰ মাজতে নগাঁও জিলাৰ বিভিন্ন ঠাইৰ চাৰিআলি,তিনিআলি,বজাৰ, ব্যৱসায়ীক প্ৰতিষ্ঠান,ঔষধৰ বিপনী আদিত বিৰাজ কৰিছে এক ভয়ংকৰ পৰিৱেশ । জিলাখনৰ গ্ৰাম্যাঞ্চলৰ চাৰিআলি,তিনিআলি,বজাৰ সমূহৰ কথাটো বাদেই আন নালাগে নগাঁও চহৰৰ বিভিন্ন প্ৰান্তৰ একাংশলোকে মাস্ক পৰিধান নকৰাকৈ ঘূৰি ফুৰিছে । ঠিক একেদৰে গুৰুত্বহীন হৈ পৰিছে সামাজিক দূৰত্বৰ চৰকাৰী নিৰ্দেশনাও ৷ বজাৰ সমূহত একাংশ লোকে গাত গা লগাই বজাৰ সমাৰ কৰা দৃশ্য সূলভ হৈ পৰিছে ।
জিলাখনৰ নগৰ-চহৰ,গ্ৰাম্যাঞ্চলত বজাৰে- সমাৰে অথবা আন কোনো কামত ঘৰৰ পৰা ওলাই যোৱা প্ৰায় একাংশ লোকেই মুখত মাস্ক নিপিন্ধে । খোজকাঢ়ি,চাইকেল চলাই যোৱা একাংশৰ মুখত আজিৰ তাৰিখত নাই কোনো মাস্কৰ ব্যৱহাৰ ৷ মাস্ক পিন্ধা একাংশ লোকে আকৌ নাক ওলিয়াই, একাংশই আকৌ থুতৰিত মাস্ক পৰিধান কৰাটোহে সম্প্ৰতি ভয়াবহ পৰিবেশ হৈ পৰিছে । সেইদৰে,হোটেল-মিঠাই বিপনী,চাটহাউছ,ৰেষ্টুৰেণ্ট আদিত মুখত মাস্ক আৰু হাতত হেণ্ডগ্ল’ভ অবিহনে গ্ৰাহকক চেলছ মেন সমূহে বিলাইছে খাদ্য সামগ্ৰী ৷ ইপিনে , জিলা খনৰ বিভিন্ন প্ৰান্তত প্ৰশাসনৰ সামাজিক দূৰত্বৰ নিৰ্দেশনা ধোঁৱাচাঙত উঠিছে । বজাৰ সমূহ,বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান,ঔষধৰ বিপনী সমূহত মাস্ক পৰিধান নকৰা লোকে ইজনে সিজনৰ গাত লগাই আজিও সামগ্ৰী ক্ৰয় কৰি থকা পৰিলক্ষিত হৈছে । উল্লেখ্য যে,জিলাখনৰ মিশ্যন মাৰ্টেক , ষ্টেডিয়াম মাৰ্কেট, সদৰ থানা ৰোড,হয়বৰগাঁও বজাৰ,ধিং গেট বজাৰ স্থিত ঔষধৰ বিপনী সমূহত এক ভয়ংকৰ দৃশ্য দেখিবলৈ পোবা গৈছে আজি কেইবাদিনো ধৰি ৷ এইসমূহ অঞ্চলত যি কেইখন ঔষধৰ বিপনী আছে , তাত বহুলোকে ভিৰৰ মাজৰ পৰাই ঔষধ ক্ৰয় কৰি থকা পৰিলক্ষিত হৈছে ৷ ঔষধ বিপনীৰ কতৃপক্ষই এইক্ষেত্ৰত কোনো নিয়ম মানি চলা দেখিবলৈ পোৱা নাই সাধাৰণ ৰাইজে ৷ তাৰোপৰি, নগাঁও চহৰকে প্ৰমুখ্য কৰি জিলা খনৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন বেংক,বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰত গুৰুত্বহীন হৈ পৰিছে সামাজিক দূৰত্বৰ নিৰ্দেশনা । বেংকৰ ভিতৰতো এনে কেতবোৰ গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হয় , যাৰ মুখত নাই মাস্ক অথবা যাৰ মুখৰ বিপৰীতে থুতৰীতহে মাস্ক থাকে । নগাঁও জিলা প্ৰশাসনৰ শিথিলতাৰ সুযোগ গ্ৰহণ কৰি এই লোক সকলে মাস্ক আৰু সামাজিক দূৰত্বৰ নিৰ্দেশনাক গুৰুত্বহীন কৰি সৰ্বসাধাৰণ লোকৰ জীৱনলৈ নমাই আনিছে ভয়ংকৰ বিপদ । ইপিনে , ৰাজপথত বাইক আৰোহী , চাইকেল আৰোহীয়ে থু-খেকাৰ পেলোৱাটো যেন নিয়মত পৰিনত হৈছে ৷ আন ঠাইৰ কথাটো বাদেই নগাঁৱৰ ৰাজপথৰ বিভিন্ন অংশত তামোল , গুটখাৰ পিকৰে ৰাঙলী হৈ পৰা পৰিলক্ষিত হৈছে । সেইবোৰ ভৰিৰে গচকি মুহাৰী ৰাইজ ঘৰমুৱা হব লগীয়াত পৰিচে ৷ আনহাতে , নগাঁৱৰ চহৰাঞ্চলৰ ব্যৱসায়ীক প্ৰতিষ্ঠান সমূহ বিয়লি ২ বজাৰ ঠিক লগেলগে বন্ধ হৈ যায় যদিও চহৰৰ দাতিকাষৰীয়া অঞ্চল সমূহত সন্ধিয়া পৰ্যন্ত ব্যৱসায়ীক প্ৰতিষ্ঠান সমূহ মুকলি কৰি থৈ ৰাইজৰ বৃহৎ সমাগম হৈ থকা দেখিবলৈ পোবা গৈছে ৷ এই ক্ষেত্ৰত ব্যৱসায়ীক প্ৰতিষ্ঠান-ঔষধৰ বিপনী সমূহত হোবা বৃহৎ সমাগম বোৰে সৰ্ব্বসাধাৰণ ৰাইজলৈ বিপদ মাতি অনাৰ আশংকাই দেখা দিছে ৷ আনহাতে , বহি:ৰাজ্য কেৰেলাকে ধৰি বিভিন্ন ৰাজ্যত কৰ্মৰত নগাঁৱৰ লোকসকল বাছেৰে নগাঁৱলৈ আহিছে । এই সকল লোকৰ পৰাও ক’ৰনা সংক্ৰমণ হোৱাতো নুই কৰিব নোৱাৰি । এইক্ষেত্ৰত জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনক বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে নগাঁৱৰ সচেতন মহলে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here