ডিগবৈ টিংৰাইৰ গ্ৰেনেড বিস্ফোৰণস্থলীত মুখ্যমন্ত্ৰী পৰিভ্ৰমণ , বিস্ফোৰণত নিহত দুই পৰিয়াললৈ পাচঁ লাখ টকাকৈ এক কালীন সাহায্য , ৰিতুল শইকীয়া ম্যানমাৰত নিৰাপদে সুশৰীৰে থকাৰ কথা উল্লেখ 

3
124
ডিগবৈ টিংৰাইৰ গ্ৰেনেড বিস্ফোৰণস্থলীত মুখ্যমন্ত্ৰী পৰিভ্ৰমণ , বিস্ফোৰণত নিহত দুই পৰিয়াললৈ পাচঁ লাখ টকাকৈ এক কালীন সাহায্য , ৰিতুল শইকীয়া ম্যানমাৰত নিৰাপদে সুশৰীৰে থকাৰ কথা উল্লেখ
দুৰ্নীতিৰ দৰ্পণ সেৱা , দ্বীপেন শইকীয়া , ডিগবৈ , ১৫ মেঃ তিনিচুকীয়া আৰু ডিব্ৰুগড় দুয়োখন জিলা ক’ভিড পৰিস্থিতিৰ বোজ লবলৈ এদিনীয়া কাৰ্যসূচীৰে অহা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কালি ডিগবৈ টিংৰাই বজাৰত দুপৰীয়া প্ৰায় এক বজাত সংগঠিত হোৱা ভয়ংকৰ গ্ৰেনেড বিষ্ফোৰণস্হলীত উপস্থিত হৈ ঘটনাৰ বোজ লয় ৷ পুৱা প্ৰায় ১০ বাজি ১৫ মিনিটত ডিগবৈ গ’ল্ফ ফিল্ডৰ হেলিপেডত হেলিকপ্টাৰৰ জৰিয়তে অৱতাৰণ কৰাৰ পাচতেই পোনে পোনে প্ৰথমেই গ্ৰেনেড বিষ্ফোৰণ হোৱা বিষ্ফোৰণস্হলীত উপস্থিত হয় ৷ বিষ্ফোৰণ সংগঠিত কৰা দোকানখনৰ স্বতাধিকাৰী পোৰণমল আগৰৱালাৰ লগতে আন আন সমল ব্যক্তিসকলৰ লগত প্ৰায় দহ মিনিট জোৰা আলোচনাৰ পাচতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিষ্ফোৰণত নিহত হোৱা সুৰজিৎ তালুকদাৰৰ বাসগৃহত পৰিয়ালবৰ্গক সাক্ষাৎ কৰে ৷ ঘটনাস্থলীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদকৰ্মী সকলৰ সৈতে হোৱা সাক্ষাৎকাৰত বিষ্ফোৰণৰ লগত জড়িত পক্ষক তীব্ৰ ভাষাৰে গৰিহণা প্ৰদান কৰে ৷ ঘটনাৰ লগত জড়িত কোনেও যাতে হাত সাৰি যাব নোৱাৰে , তাৰ ওপৰত উচিত তদন্ত কৰি দোষীক শীঘ্ৰে কৰায়ত্ত কৰিবলৈ অসম আৰক্ষীৰ উচ্চপদস্থ বিষয়াক নিৰ্দেশ দিয়াৰ কথা উল্লেখ কৰে ৷ বিষ্ফোৰণৰ ফলস্বৰূপে নিহত হোৱা সঞ্জীৱ সিং আৰু সুৰজিৎ তালুকদাৰ নামৰ দুই যুৱকৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰি দুয়োটা পৰিয়ালক পাচঁ লাখ টকাৰ এককালিন আৰ্থিক সাহায্য দিয়াৰ কথা ঘোষণা কৰে ৷ লগতে গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হৈ বৰ্তমানেও ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত জীৱন মৰণৰ সৈতে যুঁজ দি থকা ঘনশ্যাম আগৰৱাল আৰু মঞ্জিত দাস নামৰ দুই যুৱকদ্বয়ৰ চিকিৎসাৰ সম্পূৰ্ণ খৰচ চৰকাৰে বহন কৰাৰ কথা অৱগত কৰে ৷ অ ন জি চি ৰ পৰা অপহৃত ৰিতুল শইকীয়াৰ সন্দৰ্ভত সংবাদকৰ্মীয়ে কৰা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰিতুল শইকীয়া বৰ্তমান ম্যানমাৰত নিৰাপদে আৰু সুশৰীৰে থকাৰ কথা জানিবলৈ দিয়াৰ লগতে ৰিতুল শইকীয়াৰ মুক্তিৰ বাবে চৰকাৰ তথা প্ৰশাসনে যিমানদূৰ সম্ভৱ আলাপ-আলোচনা চলাই থকাৰ কথা জানিবলৈ দিয়ে ৷ ঘটনাস্থলী পৰিভ্ৰমণৰ সময়ত মুখ্যমন্ত্ৰীৰ সংগ দিয়ে ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী , তিনিচুকীয়া বিধান সভা সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী সঞ্জয় কিষাণ , ডুমডুমা বিধানসভা সমষ্টিৰ বিধায়ক ৰুপেশ গোৱালা , নাহৰকটীয়া বিধানসভা সমষ্টিৰ বিধায়ক তৰংগ গগৈ , ডিগবৈ বিধানসভা সমষ্টিৰ বিধায়ক সুৰেন ফুকনৰ লগতে তিনিচুকীয়া জিলা উপায়ুক্ত আৰক্ষী অধিক্ষকৰ লগতে মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনৰ কেইবাগৰাকী উচ্চপদস্থ বিষয়া ৷

3 COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here