দেশৰ প্ৰধান মন্ত্ৰীৰ আবাস যোজনা তথা ৰেচন কাৰ্ডৰ সুবিধাই ঢুকি নোপোৱা এগৰাকী গোলাঘাটৰ বৃদ্ধা মাতৃৰ কৰুণ বিননী

দুৰ্ণীতিৰ দৰ্পণ সেৱা , বিনোদ কুমাৰ নাথ , গোলাঘাটৰ প্ৰতিবেদন , ১২ জুন : যি সময়ত দেশৰ প্ৰধান মন্ত্ৰীৰ ডিজিটেল ভাৰত গঢ়াৰ আৰু মুখ্যমন্ত্ৰীৰ অসম উন্নয়ণৰ কথা কোৱা দৃষ্টিগোচৰ হয় , তেনে সময়তে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ উন্নয়ণৰ ফুপুল স্বৰুপ উদঙালে গোলাঘাটৰ এগৰাকী বৃদ্ধাই ৷ এখেতৰ নাম প্ৰিয়লতা শইকীয়া ৷ বৰ্তমানৰ ঠিকনা এখেতৰ গোলাঘাট বেঙেনাখোৱাৰ এটা জুপুৰিসুলভ ভাৰা কোঠালী৷স্বামীৰ তথা পুত্ৰৰ পৰা আতৰি প্ৰায় দহ বছৰ কাল পাৰ কৰি এতিয়া প্ৰায় ডেৰ বছৰ কাল ৰাইজৰ পদুলীয়ে পদুলীয়ে ঘৰে ঘৰে দুমুঠি অন্ন নিজৰ তথা এটি নাটি পুৱালীৰ বাবে আহৰণ কৰে ৷ এই ক্ষেত্ৰত প্ৰশ্ন কৰাত তেখেত জনাই যে , ৱাৰ্ড মেম্বাৰক অনুৰোধ কৰি কৰি ভাগৰি পৰিছে । পিছে মেম্বাৰে পঠাই জিলা যোগান বিভাগলৈ (Supply office)৷ তেখেত নিৰক্ষৰ বৃদ্ধাই চিনি নাপাই কাৰ্য্যালয় ৷ গতিকে , এইদৰে কৰ’ণাৰ ভয়াৰ্থ আৰু দুৰ্ভীক্ষৰ সময়টো পেট পোহপাল দিবৰ বাবে খোজকাঢ়ি ঘূৰি ফুৰিব লগা হৈছে দূৰ দিগন্তত । আনহাতে , ৰাইজৰ হৈ চৈ কিয় ওলাই আহিছে ক’ৰণাৰ সময়ত আঁতৰি থাকক ৷ আনহাতে , গম পোৱা মতে তেখেতৰ নাই এটি আবাহ গৃহ ৷ পৰজীৱীৰ দৰে আনৰ কৃপাত কৰিছে জীৱন যাপন ৷ প্ৰধানমন্ত্ৰীৰ গৃহ নিৰ্মান আঁচনীয়েও ঢুকি নাই পোৱা উক্ত বৃদ্ধা জৰাকীক ৷ গতিকে , এই ক্ষেত্ৰত বৃদ্ধা গৰাকীৰ অনুৰোধ চৰকাৰখনলৈ যে নমৰা দিন কিইটা অন্ততঃ ভালদৰে যদি চলাই দিয়ে , চৰকাৰখনে যথেষ্ট উপকৃত হ’ল হৈ ৷ এই খিনিতে ডিজিটেল ভাৰত গঢ়া আৰু উন্নয়নৰ ঢোল কোবোৱা চৰকাৰখনলৈ অনুৰোধ তথা প্ৰশ্ন উঠে সচিতন মহলৰ যে এনেদৰে খুজি মাগি খোৱা সকলৰ ওপৰত কিয় নপৰে দৃষ্টি চৰকাৰ তথা প্ৰশাসনে , তেওলোকোটো এইখন দেশৰে নাগৰিক ? আঁচনি সমূহে কিয় ঢুকি নাপায় তেওলোকক ? গতিকে , এই ক্ষেত্ৰত সংশ্লিষ্ট চৰকাৰখনে কি পদক্ষেপ গ্ৰহণ কৰিব সময়তহে লক্ষণীয় হ’ব ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here