দ্বিতীয় বাৰলৈ বিধায়ক হিচাপে নিৰ্বাচিত হোৱা ৭৬ নং বিশ্বনাথ বিধানসভা সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰৰ শুভেচ্ছা পত্ৰ বিশ্বনাথ বাসীলৈ

0
59

দ্বিতীয় বাৰলৈ বিধায়ক হিচাপে নিৰ্বাচিত হোৱা ৭৬ নং বিশ্বনাথ বিধানসভা সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰৰ শুভেচ্ছা পত্ৰ বিশ্বনাথ বাসীলৈ

দুৰ্নীতিৰ দৰ্পণ সেৱা , ছয়নিকা ডেকা,বিশ্বনাথ,৩ মে’: বিশ্বনাথ সমষ্টিৰ ভোট গণনাত দ্বিতীয় বাৰলৈ নিৰ্বাচিত হোৱা ৭৬ নং বিশ্বনাথ বিধানসভা সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে শুভেচ্ছা পত্ৰ প্ৰেৰণ কৰিছে বিশ্বনাথ বাসীলৈ । পত্ৰ যোগে সমুহ বিশ্বনাথ বাসী ৰাইজক দ্বিতীয় বাৰৰ বাবে বিধানসভা নিৰ্বাচনত নিৰ্বাচিত কৰাৰ বাবে আন্তৰিক ধন্যবাদ ও কৃতজ্তা জনোৱাৰ লগতে ৰাইজৰ মৰম আৰু আশীৰ্বাদ শিৰত লৈ আগন্তুক দিনত ৰাইজৰ উন্নয়নৰ অবিৰত যাত্ৰাক নতুন ৰূপত তেওঁ আগুৱাই লৈ যাব বুলি প্ৰতিশ্ৰুতি প্রদান কৰে ।

চুমিলা ৰংহাংপীৰ হত্যাকাৰীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী সাৰথি ঐক্য যুৱ মঞ্চৰ

দুৰ্নীতিৰ দৰ্পণ সেৱা , ছয়নিকা ডেকা,বিশ্বনাথ,৩ মে’: নগাঁও জিলাৰ ৰহা আৰক্ষী থানাৰ অন্তৰ্গত খাইগড়ত যোৱা ২২ এপ্ৰিলত সংঘটিত হোৱা সন্দেহজনক অগ্নিকাণ্ডত এগৰাকী ১২ বছৰীয়া কিশোৰীৰ মৃত্যু হোৱাৰ ঘটনাত উদ্বেগ প্ৰকাশ কৰিছে বিশ্বনাথ চাৰিআলিৰ অন্যতম সামাজিক অনুষ্ঠান সাৰথি ঐক্য যুৱ মঞ্চই । খাইগড়ৰ প্ৰকাশ চন্দ্ৰ বৰঠাকুৰৰ ঘৰত চুমিলা ৰংহাংপী নামৰ ১২ বছৰীয়া বনকৰা কিশোৰী গৰাকীৰ ৰহস্যজনকভাৱে অগ্নিদগ্ধ হৈ মৃত্যু হোৱাৰ ঘটনাক এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ তুলি হত্যাকাৰীক ফাষ্টট্ৰেক আদালতৰ জৰিয়তে চৰম শাস্তিৰ দাবী জনাই অলপতে বিশ্বনাথ জিলাৰ উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে সাৰথি ঐক্য যুৱ মঞ্চই । সাৰথি ঐক্য যুৱ মঞ্চৰ সভাপতি নীহাৰ শইকীয়া আৰু সম্পাদক যতীন বৰা স্বাক্ষৰিত স্মাৰক পত্ৰ প্ৰদান কাৰ্য্যসূচীত সাৰথি ঐক্য যুৱমঞ্চ সভাপতি নিহাৰ শইকীয়া , সম্পাদক যতিন বৰা, কাৰ্য্যনিৰ্বাহক সদস্য অচ্যুৎ দাস, ত্ৰিনয়ন হাজৰিকা, নয়ন নিৰ্বান কাকতি, হিৰক হাজৰিকা আদি উপস্থিত থাকে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here