বটদ্ৰৱাত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ , আটক দুই

0
47

বটদ্ৰৱাত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ , আটক দুই

দুৰ্নীতিৰ দৰ্পণ সেৱা ,নজৰুল ইছলাম , বটদ্ৰৱা , ৪ মে : আজি ৰাতি এক গোপন সূত্ৰৰ পম খেদি বটদ্ৰৱা আৰক্ষীয়ে প্ৰায় দহ লক্ষাধিক টকা মূল্যৰ ড্ৰাগছ সহ দুজন ব্যক্তিক আটক কৰিবলৈ সক্ষম হয় । প্ৰাপ্ত তথ্য মতে , নগাঁও জিলাৰ বটদ্ৰৱা থানাৰ অন্তৰ্গত ভেৰভেৰি গাঁৱৰ আবুল কাশেমৰ দুই পুত্ৰ ক্ৰমে আইনুল হক(ভেকুলী) আৰু ৰশ্বিদুল হকে আৰক্ষীৰ চকুত ধূলি দি দীৰ্ঘদিনৰ পৰা অঞ্চলটোত নিষিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল । যোৱা নিশা বটদ্ৰৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত চলা এক অভিযানত উল্লেখিত দুই ড্ৰাগছ ব্যৱসায়ীৰ লগতে ৭২ টা নিছা জাতীয় টেবলেট , ৫০.৫৫ গ্ৰাম হিৰুইনৰ লগতে ৫৫ টা কনতেইনাৰত ৪.২৬ গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰিবলৈ সক্ষম হয় । উল্লেখ্য যে , নগাঁও জিলাৰ পশ্চিম অঞ্চল বৰ্তমান ড্ৰাগছৰ ঘাঁটিলৈ পৰিবৰ্তন হৈছে । যাৰ বাবে কণ কণ শিশুৰ পৰা একাংশ কলেজীয়া ছাত্ৰই এই নিচাত জড়িত হৈ অকালতে জীৱন ধ্বংসৰ মুখলৈ গতি কৰিছে । ইয়াৰ সমান্তৰাল কৈ দিনক দিনে বৃহত্তৰ অঞ্চল সমূহত চুৰি,ডকাইতি,দৰ্শন বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । প্ৰশ্ন হয় , দৈনন্দিন এনে অঞ্চল সমূহলৈ এনে নিষিদ্ব ড্ৰাগছ সৰবৰাহ হয় কেনেকৈ ? এনে ব্যৱসায় অঞ্চল সমূহৰ পৰা সমূলি উৎক্ষাৎ কৰিব নোৱাৰিলে পৰৱৰ্তী প্ৰজন্ম এক বৰ্বৰ দিশত গতি কৰাটো নিশ্চিত ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here