সংকতৰ গৰাহত ভ্ৰাম্যমাণ থিয়েটাৰ , কি হব ভ্ৰাম্যমাণৰ ভৱিষ্যত ? নাট্যনগৰী পাঠশালাৰ কহিনুৰ আৰু আৱাহন থিয়েটাৰৰ পেক্ষাগৃহ এতিয়া শূন্য

0
55
সংকতৰ গৰাহত ভ্ৰাম্যমাণ থিয়েটাৰ , কি হব ভ্ৰাম্যমাণৰ ভৱিষ্যত ? নাট্যনগৰী পাঠশালাৰ কহিনুৰ আৰু আৱাহন থিয়েটাৰৰ পেক্ষাগৃহ এতিয়া শূন্য
১৯৬৩ চনত অচ্যুত লহকৰ দেৱৰ নেতৃত্বত এই ভ্ৰাম্যমাণ থিয়েটাৰ পৰ্যবসিত হৈছিল এটা উদ্যোগৰূপে । কিন্তু অসমৰ সবাতোকৈ জনপ্ৰিয় গণমাধ্যম ভ্ৰাম্যমাণ থিয়েটাৰ আজি সংকটৰ গৰাহত ।
দুৰ্নীতিৰ দৰ্পণ সেৱা , ৰাজীৱ চৌধুৰী , বজালী , ১৫ মেঃ সময় আছিল ১৯৬৩ চন । পাঠশালাৰ মাজ মজিয়াত প্ৰয়াত অচ্যুত লহকৰে ভিন্ন ঘাট প্ৰতিঘাট অতিক্ৰম কৰি জন্ম দিছিল অসমৰ প্ৰথমটো ভ্ৰাম্যমাণ নাট্য দল নটৰাজ থিয়েটাৰৰ । ইয়াৰ পিছতেই আৱাহন থিয়েটাৰ কহিনুৰ থিয়েটাৰে ভ্ৰাম্যমাণক দিছিল নতুন যাত্ৰা । অসমৰ ভিন্ন প্ৰান্তত জন্ম হৈছিল নতুন নতুন সৰু ডাঙৰ কেইবাটাও নাট্য দলৰ । বিগত ৫৭ টা বছৰজুৰি অসমৰ চুকে-কোনে বিপুল জনপ্ৰিয়তাৰে দপদপাই থাকিল ভ্ৰাম্যমাণ থিয়েটাৰ । মঞ্চৰ দ্বাৰাই বহুতো অভিনেতা তাৰকাৰ স্বীকৃতি পালে তথা এই উদ্যোগেই হৈ পৰিল হেজাৰ হেজাৰ পৰিয়ালৰ জীৱিকা । কিন্তু কোৰোনা মহামাৰীয়ে স্তব্ধ কৰিলে ভ্ৰাম্যমাণৰ সকলো কাম-কাজ । বহু শিল্পী এতিয়া দয়াৰ পাত্ৰ হৈ সাহায্যৰ বাবে হাত পাতিবলগীয়াও পৰিস্থিতিৰ সৃষ্টি হৈছে । অসমীয়া সমাজ জীৱনৰ অবিচ্ছেদ্য অংগ ভ্ৰাম্যমাণ থিয়েটাৰৰ ভৱিষ্যতক লৈ সৃষ্টি হৈছে প্ৰশ্নৰ । কি হ’ব অসম গৌৰৱ ভ্ৰাম্যমাণৰ । যাৰ লগত জড়িত হৈ আছে বহু আহ্বায়ক সমিতি অভিনেতা-শিল্পী-কলা-কুশলী লগতে প্ৰযোজকৰ প্ৰতিষ্ঠাৰ বিষয় । স্বাভাৱিকতে ইয়াকে লৈ কহিনুৰ থিয়েটাৰৰ প্ৰযোজক তপন লহকৰে ভ্ৰাম্যমাণৰ এনে দুৰ্যোগৰ সময়ত দুখ ব্যক্ত কৰাৰ লগতে বিচাৰিছে নতুন চৰকাৰৰ চৰকাৰী হস্তক্ষেপ।অসমৰ শ-শ পৰিয়ালৰ উপাৰ্জনৰ একমাত্ৰ মাধ্যম , বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান জড়িত হৈ থকা এই উদ্যোগটো চলি থাকিবলৈ কিবা চৰকাৰী নীতি নিয়ম বান্ধি দিব নেকি সেয়া হব লক্ষণীয় ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here