অনলাইন গেমত ৪০ হাজাৰ টকা খৰচ কৰি আত্মহত্যা যুৱকৰ

94

ষ্টাফ ৰিপৰ্টাৰ, দুৰ্নীতিৰ দৰ্পণ,৩১ জুলাইঃ অনলাইন গেম খেলিবলৈ গৈ মাকৰ ৪০ হাজাৰ টকা খৰচ কৰি আত্মহত্যা কৰিলে মধ্যপ্ৰদেশৰ ১৩ বছৰ বয়সৰ যুৱকে । ঘটনাটো মধ্যপ্ৰদেশৰ ছতপুৰ জিলাৰ শান্তিনগৰত ঘটিছে । ঘটনাৰ দিনা ঘৰত আছিল যুৱক জন আৰু তেওঁৰ ভনী । প্ৰাপ্ত খবৰ মতে , হঠাৎ-তেওৰ মাকে জানিব পাৰে যে , তেওঁৰ ব্যাংক একাউণ্টৰ পৰা ১৫০০ টকা কাটি লোৱা হৈছে । লগে লগে তেওঁ লৰাজনক ফোন কৰি  জানিব বিচাৰে যে , কিয় তেওঁৰ একাউণ্টৰ পৰা টকা কাটি লোৱা হৈছে । যুৱক জনে জনায় যে ,“ফ্ৰি ফায়াৰ” নামৰ এখন অনলাইন গেম খেলিবলৈ গৈ তেওঁ এই টকা খৰচ কৰি পেলাইছে । বিষয়টো শুনি খংত গালি পাৰে মাকে আৰু তাৰ পাছতেই ঘৰৰ দৰ্জা বন্ধ কৰি গলত ৰছী লগাই আত্মহত্যা কৰে সেই যুৱক । ঘটনাটোক লৈ সৃষ্টি হৈছে ব্যাপক চাঞ্চল্যৰ । অনলাইন গেম সমূহে কোন দিশত গতি কৰাইছে যুৱক যুৱতীৰ ভৱিষ্যত !