আকাশতে ৰকেট বিধ্বস্ত মার্কিন সেনাৰ ,কাবুল বিমানবন্দৰত ৫ টাকৈ আক্রমণ আইছিছৰ , ভাৰতৰ সৈতে বাণিজ্যিক,ৰাজনৈতিক সম্পর্ক বর্তাই ৰাখিব বিচাৰে তালিবানে

200

আকাশতে ৰকেট বিধ্বস্ত মার্কিন সেনাৰ ,কাবুল বিমানবন্দৰত ৫ টাকৈ আক্রমণ আইছিছৰ , ভাৰতৰ সৈতে বাণিজ্যিক,ৰাজনৈতিক সম্পর্ক বর্তাই ৰাখিব বিচাৰে তালিবানে

ষ্টাফ ৰিপৰ্টাৰ,দুৰ্নীতিৰ দৰ্পণ,৩১ আগষ্টঃ আশংকা কৰা মতে কাবুল বিমানবন্দৰত সোমাৰে পুৱা আইছিছে ৰকেট আক্রমণ চলায় ৷ ৫ টা ৰকেটেৰে বিমানবন্দৰত আক্রমণ চলালেও বিমানবন্দৰত বাহৰ পাতি থকা আমেৰিকাৰ সেনাই আকাশতে ৰকেট বিধ্বংসী প্রতিৰক্ষা পদ্ধতিৰে এই আক্রমণৰ ৰকেট বিধ্বস্ত কৰে ৷ কিছুদিন পূর্বে কাবুল বিমানবন্দৰৰ বাহিৰত আইছিছে আত্মঘাতী আক্রমণ চলাই ১৩ মার্কিন সেনাসহ ১৭০ জনৰ প্রাণ কাঢ়ি লোৱাৰ পাছত আজি পুৱা পুনৰ সন্ত্রাসবাদী সংগঠনটোৱে বিমানবন্দৰত ৰকেটেৰে আক্রমণ চলায় ৷ আফগানিস্তান এৰাৰ ৩১ আগষ্ট অন্তিম সময়সীমাৰ প্রাক্মুহূর্তত আইছিছে বিমানবন্দৰত ভয়াৱহ আক্রমণৰ তথ্য আমেৰিকা যুক্তৰাষ্ট্রই লাভ কৰাৰ পাছত এইক্ষেত্রত অতি সক্রিয় হৈ আছিল মার্কিন সেনা ৷ এনে তৎপৰতাৰ বাবেই আইছিছৰ ৰকেট আকাশতে ক্ষেপণাস্ত্র বিধ্বংসী অস্ত্রৰে ৰকেটকেইটা বিধ্বস্ত কৰিবলৈ সক্ষম হয় মার্কিন সেনা ৷ সোমবাৰে পুৱা ৰকেটেৰে আক্রমণ কৰাৰ পাছত কিছু সময়ৰ বাবে বিমানবন্দৰত উত্তেজনাময় পৰিস্থিতি সৃষ্টি হ’লেও মার্কিন সেনাই বিমানবন্দৰৰ পৰা তেওঁলোকৰ দেশৰ নাগৰিক,আফগান লোকক বিদেশলৈ পঠিওৱা বিমান সেৱা অব্যাহত ৰাখিছিল ৷ বিমানবন্দৰত স্বাভাৱিকভাৱেই কাম–কাজ চলাই গৈছে মার্কিন সেনাই ৷ আফগানিস্তানৰ ৰাজধানী কাবুলকে ধৰি দেশখনৰ শাসনভাৰ তালিবানে ইতিমধ্যে নিজৰ দখললৈ আনিছে যদিও কাবুলস্থিত হামিদ কাৰজাই আন্তর্জাতিক বিমানবন্দৰ আমেৰিকা যুক্তৰাষ্ট্রৰ সেনাৰ হাতত আছে ৷ উল্লেখ্য যে , যোৱা নিশা কাবুলত আমেৰিকাৰ সেনাই বিস্ফোৰকভর্তি বাহন এখনত ড্র’নেৰে আক্রমণ চলাই বিধ্বস্ত কৰে ৷ এই আক্রমণত আইছিছৰ আত্মঘাতী বোমাৰু নিহত হোৱা বুলি আমেৰিকাই দাবী কৰিছে ৷ এই ঘটনাৰ কেইঘণ্টামানৰ পাছতেই সোমবাৰে পুৱা আইছিছে ৰকেটেৰে আক্রমণ চলায় ৷ কাবুল বিমানবন্দৰৰ বাহিৰত আত্মঘাতী আক্রমণৰ দায়িত্ব স্বীকাৰ কৰা আইছিছ (কে)ই আজিৰ ৰকেট আক্রমণৰো দায়িত্ব স্বীকাৰ কৰে ৷ কাইলৈ আমেৰিকাৰ সেনা আফগানিস্তানৰ পৰা স্বদেশলৈ উভতি যোৱাৰ অন্তিম সময়সীমাৰ মাজত কাবুল বিমানবন্দৰত পুনৰ আইছিছে আক্রমণ চলোৱাৰ সম্ভাৱনা আছে ৷ আফগানিস্তানৰ নতুন শাসকে ভাৰতৰ সৈতে বাণিজ্যিক,ৰাজনৈতিক সম্পর্ক বর্তাই ৰাখিব বিচাৰে তালিবানে । তদুপৰি তালিবানে ভাৰতক এখন গুৰুত্বপূর্ণ দেশ হিচাপে আখ্যা দি আফগানিস্তানৰ নতুন শাসকৰ পৰা দেশখনলৈ কোনো ভাবুকি নাহে বুলি স্পষ্ট কৰি দিছে ৷ তালিবানে আফগানিস্তান দখল কৰাৰ পাছতে ভাৰতৰ সৈতে সম্পর্ক তিক্ত হ’ব নে মধুৰ হ’ব , তাক লৈ চর্চা চলি থকাৰ মাজতে আজি তালিবানৰ মুখপাত্র জাবিহুল্লাহ মুজাহিদে কয় যে , ভাৰত অঞ্চলটোৰ এখন গুৰুত্বপূর্ণ দেশ আৰু আফগানিস্তানৰ নতুন শাসকৰ পৰা দেশখনলৈ কোনো ভাবুকি নাহে ৷ পূর্বৰ নির্বাচিত আফগানিস্তান চৰকাৰৰ সৈতে ভাৰতৰ সম্পর্কৰ প্রসংগ উল্লেখ কৰি মুখপাত্র মুজাহিদে আশা প্রকাশ কৰে যে , তালিবানৰ অধীনত গঠিত নতুন চৰকাৰে ভাৰতৰ সৈতে মধুৰ সম্পর্ক গঢ়িব বিচাৰে ৷ মন কৰিবলগীয়া যে , পাকিস্তান আৰু ভাৰতৰ মাজত চলি থকা চিৰবৈৰিতাৰ প্রসংগটোৰ পৰা আঁতৰি তালিবানে পাকিস্তানৰ পক্ষ নলয় বুলি উল্লেখ কৰি মুখপাত্রজনে কয় যে , তালিবানে তেওঁলোকৰ দেশৰ পৰা আনৰ বিৰুদ্ধে কোনো ষড়যন্ত্র কৰিবলৈ নিদিয়ে ৷ তেওঁলোকে নিশ্চিত কৰি দিছে যে , তেওঁলোকৰ ফালৰ পৰা ভাৰতলৈ কোনো ভাবুকি নাহে ৷ বিশ্বৰ সকলো দেশৰে ৰাষ্ট্রদূতৰ কার্যালয় আফগানিস্তানত থকাটো তালিবানে বিচাৰে বুলি উল্লেখ কৰি মুজাহিদে কয়– আন দেশৰ ৰাষ্ট্রদূত আফগানিস্তানত থাকিলে দেশখন লাভান্বিত হ’ব আৰু সেয়েহে তেওঁলোকে সকলো দেশৰ সৈতে সম্পর্ক মধুৰ কৰি ৰাখিব বিচাৰে ৷ সকলো দেশৰে ৰাষ্ট্রদূতৰ কার্যালয়ক সুৰক্ষা দিব তালিবানে ৷ ইপিনে,তালিবানৰ জ্যেষ্ঠ নেতা শ্বেৰ মহম্মদ আব্বাছ ষ্টানেকজাই কাবুলত নতুন চৰকাৰ গঠন কৰাৰ বাবে বিভিন্ন গোট আৰু ৰাজনৈতিক দলৰ সৈতে পৰামর্শ চলাই থকা বুলি উল্লেখ কৰাৰ লগতে দেশখনৰ সকলো সম্প্রদায়ৰ প্রতিনিধিক প্রাধান্য দিয়া হ’ব বুলি উল্লেখ কৰে ৷ জ্যেষ্ঠ নেতা ষ্টানেকজায়েও ভাৰতৰ সৈতে বাণিজ্যিক,ৰাজনৈতিক সম্পর্ক বর্তাই ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷ পাকিস্তানে স্থলপথেৰে আফগানিস্তানৰ সৈতে বাণিজ্যিক সম্পর্ক ৰক্ষাত বাধা আৰোপ কৰাৰ পাছতো ভাৰতে আকাশী মার্গেৰে আফগানিস্তানৰ সৈতে বাণিজ্যিক সম্পর্ক বর্তাই ৰখাৰ ওপৰত প্রাধান্য দিয়ে জ্যেষ্ঠ নেতা ষ্টানেকজায়ে ৷ উল্লেখ্য যে , আফগানিস্তানত ভাৰতে অংশীদাৰিত্ব হিচাপে প্রায় তিনি বিলিয়ন মার্কিন ডলাৰ ব্যয় সাপেক্ষ প্রায় ৫০০ প্রকল্পত জড়িত হৈ আছে ৷ গুৰুত্বপূর্ণ যে , জ্যেষ্ঠ নেতা শ্বেৰ মহম্মদ আব্বাছ ষ্টানেকজাইৰ ভাৰতৰ সৈতে ১৯৮০ চনৰ প্রাক্মুহূর্তত সম্পর্ক গঢ়ি উঠিছিল ৷ ভাৰতৰ ডেৰাডুনৰ ভাৰতীয় সামৰিক একাডেমীৰ বিদেশী সদস্য হিচাপে ষ্টানেকজায়ে প্রশিক্ষণ লৈছিল ৷ এই প্রশিক্ষণ লৈ আফগান সেনাত ভর্তি হৈছিল যদিও পিছলৈ ষ্টানেকজায়ে আফগান সেনা এৰি তালিবানৰ সৈতে জড়িত হৈছিল ৷