আন্তঃগাঁথনিমূলক সংস্কাৰ আৰু টেলিকম খণ্ডত সংস্কাৰৰ সিদ্ধান্ত গ্রহণ কেন্দ্ৰৰ , বিধ্বস্ত যান–বাহন খণ্ডক উজ্জীৱিত কৰাৰ লক্ষ্যৰে ২৬ হাজাৰ কোটি টকা অনুমোদন

216

আন্তঃগাঁথনিমূলক সংস্কাৰ আৰু টেলিকম খণ্ডত সংস্কাৰৰ সিদ্ধান্ত গ্রহণ কেন্দ্ৰৰ , বিধ্বস্ত যান–বাহন খণ্ডক উজ্জীৱিত কৰাৰ লক্ষ্যৰে ২৬ হাজাৰ কোটি টকা অনুমোদন

ষ্টাফ ৰিপৰ্টাৰ, দুৰ্নীতিৰ দৰ্পণ, ১৬ ছেপ্টেম্বৰঃ দেশৰ যান–বাহন আৰু টেলিকম খণ্ডত বৃহৎ সংস্কাৰৰ পদক্ষেপ ল’লে কেন্দ্রীয় চৰকাৰে ৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্রীয় কেবিনেটৰ বৈঠকত ৭ টা আন্তঃগাঁথনিমূলক সংস্কাৰ আৰু টেলিকম খণ্ডত ৫ টা প্রক্রিয়াত সংস্কাৰৰ সিদ্ধান্ত গ্রহণ কৰে ৷ কেন্দ্রীয় কেবিনেটৰ বৈঠকত অনুমোদন জনোৱা গুৰুত্বপূর্ণ সিদ্ধান্তসমূহ তথ্য আৰু প্রযুক্তি মন্ত্রী অনুৰাগ ঠাকুৰে সদৰী কৰি কয় যে , পি এল আই আঁচনিৰ অধীনত যান–বাহন খণ্ডক উজ্জীৱিত কৰাৰ লক্ষ্যৰে ২৬,০৫৮ কোটি টকাত অনুমোদন জনোৱা হয় ৷ এই বৃহৎ পৰিমাণৰ ধন যান–বাহন খণ্ডত বিনিয়োগ হোৱাৰ ফলত এই খণ্ডটোত ৭.৫ লাখ নতুন সংস্থাপন সৃষ্টি হ’ব ৷ পৰৱর্তী ৫ বছৰ ধৰি এই ধনৰাশি যান–বাহন খণ্ডত বিনিয়োগ কৰা হ’ব ৷ যান–বাহন খণ্ডত ২.৩ লাখ কোটিতকৈ অধিক উৎপাদনৰ বাবে ৫ বছৰত পি এল আই আঁচনিৰ অধীনত ৪২,৫০০ কোটি টকা নতুনকৈ বিনিয়োগ কৰা হ’ব ৷ যান–বাহন খণ্ড,যান–বাহন সামগ্রী উদ্যোগ আৰু ড্র’ন উদ্যোগৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰাৰ বাবে মোদী কেবিনেটে এই ধনৰাশিত অনুমোদন জনোৱা হয় ৷ ড্র’ন উদ্যোগত ১২০ কোটি টকা বিনিয়োগ কৰা হ’ব ৷ ইপিনে , টেলিকম খণ্ডৰ কাৰণে সাহায্য পেকেজত মোদী কেবিনেটে অনুমোদন জনায় ৷ এই খণ্ডটোত ধন আদায় দিবলগীয়া টেলিকম কোম্পানীসমূহক চাৰি বছৰৰ বাবে ধন আদায়ৰ ক্ষেত্রত সকাহ দিয়া হৈছে ৷ চাৰি বছৰৰ পাছত এই কোম্পানীসমূহে ধনখিনি সুদসহ আদায় দিব লাগিব ৷ তদুপৰি টেলিকম খণ্ডত ৫ টা প্রক্রিয়াত সংস্কাৰ কৰি এই খণ্ডটোত ১০০ শতাংশ প্রত্যক্ষ বিদেশী বিনিয়োগ (এফ ডি আই)ৰ অনুমতি দিয়া হৈছে ৷ এই এফ ডি আইৰ বাবে চৰকাৰৰ পৰা বিনিয়োগকাৰীয়ে কোনোধৰণৰ অনুমতি ল’ব নালাগে ৷ কেবিনেটৰ অন্তত সংবাদ মাধ্যমক সম্বোধন কৰি আন এগৰাকী কেবিনেট মন্ত্রী অশ্বিনী বৈষ্ণৱে টেলিকম খণ্ডত চৰকাৰে সংস্কাৰ কৰা বিষয়টো বিতংভাৱে বর্ণনা কৰে ৷ চলিত বিত্তীয় বর্ষৰ শেষৰফালে টেলিকম খণ্ডৰ নিলাম প্রক্রিয়া হ’ব বুলিও মন্ত্রীগৰাকীয়ে প্রকাশ কৰিছে ৷ তদুপৰি কে ৱাই চি ডিজিটাইজেচন হ’ব বুলি ঘোষণা কৰি মন্ত্রী বৈষ্ণৱে কয় যে , এতিয়াৰে পৰা কে ৱাই চি ডিজিটেল হ’ব ৷ কোনোধৰণৰ কাগজ–পত্রৰে এই ব্যৱস্থা নচলিব ৷ ৪ জি আৰু ৫ জিৰ কাৰণে কোৰ আৰু ৰেডি’এছেজ টেকন’লজী শীঘ্রেই দেশত মোতায়েন কৰা হ’ব বুলিও মন্ত্রীগৰাকীয়ে ঘোষণা কৰে ৷