আফগানিস্তানত আমেৰিকাৰ এয়াৰ ষ্ট্ৰাইক

85

আফগানিস্তানত আমেৰিকাৰ এয়াৰ ষ্ট্ৰাইক

ষ্টাফ ৰিপৰ্টাৰ, দুৰ্নীতিৰ দৰ্পণ, ২৮ আগষ্ট : আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বাহিনীয়ে শনিবাৰে আফগানিস্তানত ইছলামিক ষ্টেটক লক্ষ্য কৰি এয়াৰ ষ্টাইক চলায় ৷ আফগানিস্তানৰ কাবুল বিমান বন্দৰৰ বাহিৰত বৃহস্পতিবাৰে সংঘটিত আত্মঘাতী বোমা বিস্ফোৰণৰ প্ৰত্যুত্তৰ হিচাপে আমেৰিকাই এই এয়াৰ ষ্টাইক চলোৱাৰ কথা জানিব পৰা হৈছে । আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বাহিনীয়ে এই অভিযানত কাবুল বিস্ফোৰণৰ মাষ্টাৰ মাইণ্ডক হত্যা কৰা বুলি দাবী কৰিছে । আফগানিস্তানৰ কাবুল বিমান বন্দৰৰ বাহিৰত বৃহস্পতিবাৰে দুটাকৈ আত্মঘাতী বোমা বিস্ফোৰণ ঘটে । এই আত্মঘাতী বোমা বিস্ফোৰণৰ কাবুল প্ৰায় ১৬৯ গৰাকী আফগান আৰু ১৩ গৰাকী আমেৰিকান নিহত হৈছিল । আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বাহিনীয়ে কাবুলত আক্ৰমণৰ পৰিকল্পনাত জড়িত নাংগাহাৰত ইছলামিক ষ্টেটৰ এজন সদস্যৰ বিৰুদ্ধে ড্ৰোণ আক্ৰমণ কৰাৰ কথা জানিবলৈ দিয়ে । আমেৰিকাৰ নৌসেনাৰ মুখপাত্ৰ কেপ্তেইন উইলিয়াম আৰ্বানে এই আক্ৰমণত এজন সন্ত্ৰাসবাদী নিহত হোৱাৰ কথা জানিবলৈ দিয়ে ৷ তেওঁ লগতে এই আক্ৰমণত কোনো লোক হতাহত হোৱা নাই বুলিও সদৰী কৰে । অৱশ্যে বৃহস্পতিবাৰে কাবুল বিমান বন্দৰৰ গেটৰ বাহিৰত হোৱা আত্মঘাতী বোমা বিস্ফোৰণত নিহত সন্ত্ৰাসবাদী জড়িত আছিল নে নাই এতিয়ালৈ সঠিকভাৱে জানিব পৰা হোৱা নাই । আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে বৃহস্পতিবাৰে এই আক্ৰমণৰ পাছত ইয়াৰ উচিত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ দিছিল ৷ তেওঁ লগতে জনতাক কাবুল বিমান বন্দৰৰ গেট তাৎক্ষণিকভাৱে এৰি যাবলৈ আহ্বান জনাইছিল ৷