উত্তৰাখণ্ডত ধাৰাসাৰ বৰষুণৰ ফলত বিভীষিকা, এতিয়ালৈ ৮ জনৰ মৃত্যু, কেইবাটাও পথ বন্ধ

106

উত্তৰাখণ্ডত ধাৰাসাৰ বৰষুণৰ ফলত বিভীষিকা, এতিয়ালৈ ৮ জনৰ মৃত্যু, কেইবাটাও পথ বন্ধ

দুৰ্নীতিৰ দৰ্পণ, ষ্টাফ ৰিপৰ্টাৰ, ১৯ অক্টোবৰঃ উত্তৰাখণ্ডত ধাৰাসাৰ বৰষুণৰ ফলত যেন বিভীষিকাময় পৰিস্থিতিয়ে বিৰাজ কৰিছে । বিভিন্ন স্থানত ভূমিস্খলনৰ ফলত ৬ জন লোক আহত হোৱাৰ লগতে এতিয়ালৈ মুঠ ৮ জন লোকৰ প্ৰাণ যোৱাৰ খবৰ প্ৰকাশ পাইছে । লগতে ৰামনগৰত কোছী নদীৰ জলস্তৰ ধাৰাবাহিক ভাৱে বৃদ্ধি পোৱাৰ ফলত কেইবাখনো ৰিজ’ৰ্ট পানীত বুৰ যোৱাৰ বিপৰীতে কেইবাখনো খালী কৰোৱা হৈছে। নাইনিতালৰ ৰামগড়ৰ এটা অঞ্চল সম্পূৰ্ণৰূপে জলমগ্ন হৈ পৰিছে । আনহাতে, আলমোড়াত একাংশ লোক ঘৰৰ ধ্বংসস্তুপত আবদ্ধ হৈ পৰাৰ খবৰ আহিছে আৰু পৰিস্থিতি ইমানেই বেয়া যে , উদ্ধাৰকাৰী দলো উপস্থিত হ’ব পৰা নাই । পৌড়ীৰ লেঞ্চডাউনত ভূমিস্খলনৰ ফলত এটা পৰিয়ালৰে ৩ সদস্যৰ মৃত্যু হৈছে । আনহাতে , চম্পাৱত জিলাত একেধৰণৰ ঘটনাত দুজন আৰু ৰুদ্ৰপ্ৰয়াগ জিলাত কানপুৰৰ এগৰাকী পৰ্যটকৰ মৃত্যু হোৱাৰ খবৰ প্ৰকাশ পাইছে । ভূমিস্খলন আৰু মূষলধাৰ বৰষুণৰ বাবে ঠায়ে ঠায়ে বন্ধ হৈ পৰিছে পথ । ধাৰাসাৰ বৰষুণৰ পিছত বৰ্তমান ডেৰাদুনত ৰ’ত দেখা গৈছে , গঢ়ৱালত বৰষুণ কমিছে , কিন্তু কুমাও মণ্ডলত এতিয়াও অব্যাহত আছে বৰষুণ । ৰুদ্ৰপ্ৰয়াগ , কেদাৰনাথত পাতল বৰষুণ অব্যাহত আছে । বতৰ বিজ্ঞান বিভাগে মঙলবাৰে অৰ্থাৎ ১৯ অক্টোবৰৰ বাবেও ৰেড এলাৰ্ট জাৰি কৰিছে । এলাৰ্ট অনুসৰি , ৰাজ্যখনৰ কেইবাটাও অঞ্চলত ধাৰাসাৰ বৰষুণ হ’ব পাৰে । ইয়াৰ উপৰি প্ৰতিঘণ্টাত ৬০ ৰ পৰা ৮০ কিলোমিটাৰ বেগত ধুমুহা অহাৰো সম্ভাৱনা প্ৰকাশ কৰিছে ।