উত্তৰাখণ্ডত ভয়ংকৰ ভূমিস্খলনঃ নিহত ২

66

উত্তৰাখণ্ডত ভয়ংকৰ ভূমিস্খলনঃ নিহত ২

ষ্টাফ ৰিপৰ্টাৰ, দুৰ্নীতিৰ দৰ্পণ, ৩০ আগষ্ট: উত্তৰাখণ্ডত যেন প্ৰকৃতিয়ে দেখুৱাইছে নিজৰ ৰূদ্ৰ ৰূপ ৷ পিথোৰাগঢ় জিলাৰ জুম্মা গাঁৱত সংঘটিত ভূমিস্খলনৰ ফলত দুগৰাকী লোকে প্ৰাণ হেৰুওৱাৰ লগতে মাটিত পোত গৈছে পাঁচজনকৈ লোক ৷ মাজ নিশা সংঘটিত হোৱা ডাৱৰ বিস্ফোৰণৰ পাচতেই সৃষ্টি হয় ভূমিস্খলনৰ ৷ উত্তৰাখণ্ডত ভয়াৱহ ভূমিস্খলনইতিমধ্যে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে এছডিআৰএফ আৰু এছএছবিৰ দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে সেই স্থানত ৷ পিথোৰাগঢ়ৰ জিলা দণ্ডাধীশ অশিস চৌহানে জনোৱা মতে,নৰেন্দ্ৰ নগৰৰ পৰা চাম্বা লৈ ঋষিকেশ-গংগোত্ৰী সংযোগী ঘাইপথ,তপোবনৰ পৰা মালেথালৈ ঋষিকেশ-বদ্ৰীনাথ সংযোগী ৫৮ নং ৰাষ্ট্ৰীয় ঘাইপথ দুটা ক্ষতিগ্ৰস্ত হৈছে ভূমিস্খলনৰ ফলত ৷ জানিব পৰা মতে, জুম্মাৰ পাঁচটা আৰু সিৰৌদয়াৰ দুটাকৈ বাসগৃহ ক্ষতিগ্ৰস্ত হৈছে এই ভূমিস্খনৰ ফলত ৷ ইতিমধ্য জিলা প্ৰশাসনে তৎপৰতাৰে উদ্ধাৰ অভিযান চলাই গৈছে ৷ প্ৰয়োজন সাপেক্ষে ব্যৱহাৰ কৰিব পৰাকৈ হেলিকপ্টাৰো সাজু কৰি ৰখা হৈছে ৷ landslide in Uttarakhand মুখ্যমন্ত্ৰীৰ টুইটবিগত কিছু দিন ধৰি নেৰানেপেৰা বৰষুণ অভ্যাহত আছে উত্তৰাখণ্ডত ৷ যাৰ ফলত ব্যাহত হৈ পৰিছে স্বাভাৱিক জীৱন যাত্ৰা ৷ পাহাৰীয়া ৰাজ্যখন পৰিভ্ৰমণ কৰিব খোজাসকলৰ বাবেও সঘনাই হৈ থকা ভূমিস্খলনে বাধা মাতিছে।