ছট্টিশগড় উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়,স্বামী-স্ত্ৰীৰ মাজত বলপূৰ্বকভাৱে হোৱা যৌন সম্পৰ্ক ধৰ্ষণ নহয়

129

ছট্টিশগড় উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়,স্বামী-স্ত্ৰীৰ মাজত বলপূৰ্বকভাৱে হোৱা যৌন সম্পৰ্ক ধৰ্ষণ নহয়

ষ্টাফ ৰিপৰ্টাৰ,দুৰ্নীতিৰ দৰ্পণ, ২৭ আগষ্ট : বিগত দিন কেইটাত ‘ধৰ্ষণ’ক লৈ দেশৰ কেইবাখনো ৰাজ্যৰ ন্য়ায়ালয়ে দিয়া ৰায়ক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ দেশতে । বম্বে উচ্চ ন্যায়ালয়ৰ ‘Skin to skin contact’ৰ বিতৰ্কৰ অন্ত নৌহওতেই এইবাৰ ছট্টিশগড় উচ্চ ন্যায়ালয়ে ‘ধৰ্ষণ’ সন্দৰ্ভত আগবঢ়ালে আন এক ব্যাখ্যা । বিবাহৰ পিছত ধৰ্ষণৰ অভিযোগত অভিযুক্ত এজন লোকক নিৰ্দোষী সাব্যস্ত কৰি বৃহস্পতিবাৰে ন্য়ায়ালয়ে ৰায় দিয়ে যে,‘আইনী প্ৰক্ৰিয়াৰ মাজেৰে বিবাহপাশত আৱদ্ধ হোৱা পতি-পত্নীৰ মাজত বলপূৰ্বকভাৱে যৌন সম্পৰ্ক হ’লেও তাক ধৰ্ষণ নহয় বুলি ক’ব নোৱাৰি । যদি পত্নীৰ বয়স ১৮ বছৰতকৈ অধিক হয়,তেন্তে পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে স্বামীয়ে যৌন সম্পৰ্ক কৰিব কৰিলেও সেয়া ধৰ্ষণ বুলি গণ্য কৰিব নোৱাৰি । ’ন্যায়াধীশ এন কে চন্দ্ৰবংশীৰ একক বিচাৰপীঠে এই ৰায় দিয়ে । দৰাচলতে , এগৰাকী মহিলাই যৌতুকৰ বাবে নিৰ্যাতন চলোৱা অভিযোগ তুলি তেওঁৰ স্বামী আৰু শহুৰেকৰ বিৰুদ্ধে ছট্টিশগড়ৰ বেমেটাৰা জিলাৰ বেমেটাৰা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল । ভাৰতীয় দণ্ডবিধিৰ ৪৯৮(এ),৩৩৭,৩৭৬,৩৪ নং ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল । মহিলা গৰাকীয়ে স্বামীৰ বিৰুদ্ধে মহিলাৰ প্ৰতি নিষ্ঠুৰতা প্ৰদৰ্শন কৰাৰ অভিযোগ উত্থাপন কৰিছে । ইয়াৰ পাছতে স্বামীয়ে এই অভিযোগক প্ৰত্যাহ্বান জনাই ছট্টিশগড় উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় । ন্যায়াধীশ এন কে চন্দ্ৰবংশীৰ বিচাৰপীঠে বৃহস্পতিবাৰে এই আবেদনৰ শুনানি গ্ৰহণ কৰে । ছট্টিশগড় উচ্চ ন্যায়ালয়ৰ অধিবক্তা ৱাই চি শৰ্মাই কয় যে,ভাৰতীয় দণ্ডবিধিৰ ৩৭৫ নং ধাৰা অনুসৰি,এজন স্বামীয়ে তেওঁৰ পত্নীৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰাটো ধৰ্ষণ নহয় । অৱশ্যে পত্নী কিশোৰী হ’ব নোৱাৰিব । ভাৰতত বৈবাহিক ধৰ্ষণ বুলি কোনো অপৰাধক গণ্য কৰা নহয় বুলিও অধিবক্তা শৰ্মাই মন্তব্য কৰে । ন্য়ায়ালয়ৰ ৰায়ক লৈ এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কিয়নো,বিবাহৰ পিছতো বহু মহিলাই স্বামীৰ বিৰুদ্ধে বলপূৰ্বক ধৰ্ষণৰ অভিযোগ উত্থাপন কৰে ।