জম্মু–কাশ্মীৰৰ পুঞ্চত সন্ত্ৰাসবাদীৰ সৈতে সংঘৰ্ষত ৫ জনকৈ সৈনিক শ্বহীদ

66

জম্মু–কাশ্মীৰৰ পুঞ্চত সন্ত্ৰাসবাদীৰ সৈতে সংঘৰ্ষত ৫ জনকৈ সৈনিক শ্বহীদ

দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিপৰ্টাৰ , ১১ অক্টোবৰঃ জম্মু–কাশ্মীৰৰ পুঞ্চ জিলাস্থিত ডেৰাৰ গলী অঞ্চলত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা সংঘৰ্ষত এজন জিঅ’চিসহ ৫ জন সৈনিক শ্বহীদ হয় । নিৰাপত্তাৰক্ষীয়ে অঞ্চলটো ঘেৰি ৰাখিছে আৰু বৰ্তমানো সংঘৰ্ষ অব্যাহত আছে খবৰ পোৱা গৈছে । প্ৰতিৰক্ষা বিভাগৰ এজন মুখপাত্ৰই কয় যে , সন্ত্ৰাসবাদীৰ উপস্থিতিৰ তথ্য লাভ কৰাৰ পিছত সুৰনকোটত ডিকেজিৰ সমীপৰ এখন গাঁৱত অভিযান আৰম্ভ কৰে । বিষয়াজনে কয় যে , অস্ত্ৰ–শস্ত্ৰৰে সজ্জিত সন্ত্ৰাসবাদী নিয়ন্ত্ৰণ ৰেখা পাৰ কৰি চৰমেৰৰ জংঘলত লুকাই থকাৰ খবৰ লাভ কৰিছিল । লগে-লগে উক্ত স্থানলৈ অতিৰিক্ত নিৰাপত্তাৰক্ষী প্ৰেৰণ কৰা হয় , যাতে সন্ত্ৰাসবাদী ওলাই যোৱাৰ সকলো পথ বন্ধ হৈ পৰে । জানিব পৰা মতে , চাৰিজন সন্ত্ৰাসবাদীৰ দলে সীমা পাৰ হৈ পুঞ্চত উপস্থিত হৈছিল আৰু তাৰ পিছত কাশ্মীৰ ঘাটিৰ বাবে ৰাওনা হৈছিল । মুগল ৰোডৰ সমীপৰ ডেৰাৰ গলী অঞ্চলত নিৰাপত্তাৰক্ষীয়ে চাৰিওটা সন্ত্ৰাসবাদীক ঘেৰাও কৰে , যাৰ পিছত দুয়োপক্ষৰ মাজত গুলীয়াগুলি আৰম্ভ হয় । এই গুলীয়াগুলিত ৫ জন সৈনিক গুৰুতৰভাৱে আহত হৈছিল , লগে লগে আটাইকেইজনক হাস্পতাললৈ লৈ যোৱা হয় যদিও শেষ নিশ্বাস ত্যাগ কৰে ।