জাৰ্মানীত পিজা বিক্ৰী কৰি ফুৰিছে আফগানিস্থানৰ প্ৰাক্তন মন্ত্ৰীয়ে

109

জাৰ্মানীত পিজা বিক্ৰী কৰি ফুৰিছে আফগানিস্থানৰ প্ৰাক্তন মন্ত্ৰীয়ে

ষ্টাফ ৰিপৰ্টাৰ,দুৰ্নীতিৰ দৰ্পণ,২৬আগষ্টঃ আফগানিস্তানৰ প্ৰাক্তন মন্ত্ৰী আহমেদ শ্বাহ চাদাতে এতিয়া জাৰ্মানীত পিজা ডেলিভাৰী দিয়া ব্যক্তি হিচাপে কাম কৰিবলগীয়া হৈছে।পূৰ্বে আহমেদ শ্বাহ চাদাতে আফগানিস্তাৰ প্ৰাক্তন তথ্য আৰু প্ৰযুক্তি মন্ত্ৰী হিচাপে দায়িত্বত আছিল।বিগত বৰ্ষৰ ডিচেম্বৰ মাহত আফগানিস্তান ত্যাগ কৰা আহমেদ শ্বাহ চাদাতে জাৰ্মানীৰ লিপজিঙত বাস কৰে।২০১৮ চনত চাদাতে আফগানিস্তানৰ আশ্ৰফ ঘানিৰ কেবিনেটত মন্ত্ৰী হিচাপে যোগদান কৰিছিল যদিও ২০২০ চনত ঘানিৰ সৈতে থকা মতানৈক্যৰ বাবে তেওঁ পদত্যাগ কৰিছিল। ইয়াৰ পাছতে তেওঁ আফগানিস্তান এৰি জাৰ্মানীলৈ উৰা মাৰে।উল্লেখযোগ্য যে, চলিত মাহত তালিবানে আফগানিস্তানৰ ৰাজধানী কাবুল দখল কৰাৰ পাছতে দেশখনত ভয়াবহ পৰিবেশে বিৰাজ কৰিছে। দেশখনৰ ৰাষ্ট্ৰপতি আশ্ৰফ ঘানিয়ে তালিবানে কাবুল দখল কৰাৰ পূৰ্বে দেশ এৰি পলায়ন কৰে।বৰ্তমান আফগানিস্তানত আৱদ্ধ বিভিন্ন দেশৰ নাগৰিক সকলক উদ্ধাৰৰ বাবে দেশসমূহে কাবুল বিমান বন্দৰত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।