টাটা–স্পেনিছ সংস্থাই নির্মাণ কৰিব বায়ুসেনাৰ বিমান

51

টাটা–স্পেনিছ সংস্থাই নির্মাণ কৰিব বায়ুসেনাৰ বিমান

ষ্টাফ ৰিপৰ্টাৰ, দুৰ্নীতিৰ দৰ্পণ, ২৫ ছেপ্টেম্বৰঃ স্পেইনৰ সংস্থা ‘এয়াৰ বাছ ডিফেঞ্চ এণ্ড স্পেচ’ৰ সৈতে যৌথভাৱে ভাৰতীয় বায়ুসেনাৰ বাবে বিমান নির্মাণ কৰিব টাটা গোষ্ঠীয়ে ৷ আজি এই বিষয় লৈ দুয়োটা সংস্থাৰ মাজত স্বাক্ষৰ হৈছে চুক্তি ৷ প্রতিৰক্ষা মন্ত্রালয়ৰ মুখপাত্র ভাৰত ভূষণ বাবুৱে ছ’চিয়েল মিডিয়া টুইটাৰযোগে সদৰী কৰিছে সংস্থা দুটাৰ মাজত চুক্তি স্বাক্ষৰৰ কথা ৷ টাটা এডভান্সড ছিষ্টেমছ লিমিটেড (টি এ এছ এল)ৰ তৰফৰ পৰা উল্লেখ কৰা হৈছে যে ২০ হাজাৰ কোটি টকাৰ চুক্তি অনুসৰি আগন্তুক ১০ বছৰত স্পেইনৰ বিমান নির্মাতা সংস্থাটোৰ সৈতে যৌথভাৱে ভাৰতত মুঠ ৪০ খন চি–২৯৫ সামৰিক পৰিবহণ বিমান নির্মাণ কৰা হ’ব ৷ প্রতিৰক্ষা মন্ত্রালয়ৰ সূত্র অনুসৰি ৫ৰ পৰা ১০ টন ক্ষমতাসম্পন্ন স্পেনীয় বিমানবোৰ ভাৰতীয় বায়ুসেনাৰ ৫ দশকৰ পুৰণি এভ্রো–৭৪৮ ৰ পৰিৱর্তে ব্যৱহাৰ কৰা হ’ব । উল্লেখ্য যে , চলিত মাহৰ আৰম্ভণিতে ভাৰতীয় বায়ুসেনাৰ বাবে স্পেইনৰ পৰা ৫৬ খন চি–২৯৫ পৰিবহণ বিমান ক্রয়ৰ প্রস্তাৱত অনুমোদন জনাইছিল নৰেন্দ্র মোদী মন্ত্রী পৰিষদৰ নিৰাপত্তা বিষয়ক কমিটীয়ে ৷ প্রতিৰক্ষা মন্ত্রালয়ৰ তৰফৰ পৰা সদৰী কৰা অনুসৰি ইয়াৰ ভিতৰত স্পেইনৰ নির্মাণ সংস্থাৰ পৰা ১৬ খন বিমান উৰণৰ উপযুক্ত অৱস্থাত আমদানি কৰা হ’ব ৷ বাকী ৪০ খন বিমান স্পেইনৰ সংস্থাৰ সহযোগিতাত ভাৰতত নির্মাণ কৰিব টি এ এছ এলে৷ অর্থাৎ টাটাই এক বৃহৎ প্রকল্পৰ সহযোগী হিচাপে বায়ুসেনাৰ বাবে নির্মাণ কৰিব পৰিবহণ বিমান ৷ ইউ পি এ চৰকাৰৰ সময়ত আমেৰিকাৰ পৰা গধুৰ সামৰিক পৰিবহণ বিমান চি–১৭ গ্ল’বমাষ্টাৰ আৰু চি–১৩০ জে ছুপাৰ হাৰকিউলিছ ক্রয়ৰ সিদ্ধান্ত গ্রহণ কৰা হৈছিল ৷ এইবাৰ বায়ুসেনাই লাভ কৰিব চি–২৯৫ বিমান ৷