তালিবানে বিশ্বৰ প্ৰায় ১০০ খন দেশৰ সৈতে কৰিলে বিশেষ চুক্তি

74

তালিবানে বিশ্বৰ প্ৰায় ১০০ খন দেশৰ সৈতে কৰিলে বিশেষ চুক্তি

ষ্টাফ ৰিপৰ্টাৰ,দুৰ্নীতিৰ দৰ্পণ,৩০আগষ্টঃ তালিবানীয়ে বিশ্বৰ প্ৰায় ১০০ খন দেশৰ সৈতে কৰিলে বিশেষ চুক্তি।আমেৰিকা, ব্ৰিটেইন, অষ্ট্ৰেলিয়া, তুৰ্কী আদি দেশৰ সৈতে বিশেষ চুক্তি। সেই দেশ কেইখনৰ কোনো নাগৰিক যদি আফগানিস্তানত আৱদ্ধ হৈ আছে, আৰু যদি সেই সকল লোকৰ হাতত সঠিক নথি পত্ৰ আছে, তেন্তে সেইসকলক নিজ নিজ দেশলৈ উভতি যোৱাত কোনো বাধা নাই, সুকলমে, সোশৰীৰে উভতি যাব পাৰিব দেশলৈ।আনহাতে কোনো আফগানী লোকেও যদি কোনো অন্য দেশলৈ যাব বিচাৰে যাব পাৰিব, সেই ক্ষেত্ৰতো নাথাকিব কোনো বাধা। অৱশ্যে লগত থাকিব লাগিব কোনো ভেজাল নথকা সঠিক নথি পত্ৰ।আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ ফালৰ পৰা সদৰি কৰা হৈছে এই খবৰ। লগতে কৈছে দেশ সমূহে নিজ নিজ দেশৰ নাগৰিকক উদ্ধাৰৰ ব্যৱস্থা কৰিব পাৰে এই ক্ষেত্ৰত তালিবানৰ ফালৰ পৰা কোনো ধৰণৰ বাধা নাপায়।