তালিবানৰ প্ৰহাৰত মৃত্যু হৈছিল ডানিছৰ

83

ষ্টাফ ৰিপৰ্টাৰ , দুৰ্নীতিৰ দৰ্পণ , ২ আগষ্টঃ পুলিৎজাৰ বিজয়ী কৰা সাংবাদিক ডানিছ চিদ্দিকীয়ে আফগান বাহিনী আৰু তালিবানৰ মাজত হোৱা ক্ৰছফায়াৰ সংঘৰ্ষত মৃত্যু হোৱা নাছিল । তেওঁক তালিবান সদস্য সকলে গ্ৰেপ্তাৰ কৰিছিল আৰু নিৰ্মমভাৱে প্ৰহাৰ কৰি হত্যা কৰিছিল । জাৰ্মান সংবাদ মাধ্যম ডয়চে ৱেলৰ মতে শেহতীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰ ভিত্তিক এখন পত্ৰিকাই এনে ধৰণৰ অভিযোগ উত্থাপন কৰা বুলি সদৰি কৰিছে । পত্ৰিকাই খনে ভাৰত চৰকাৰৰ নিকট সূত্ৰৰ পৰা ডানিছৰ মৃতদেহৰ একাধিক ছবি লাভ কৰা বুলি দাবী কৰিছে । সেই ছবি সমুহৰ পৰা প্ৰয়াত সাংবাদিকজনৰ মূৰত অজস্ৰ আঘাতৰ চিন স্পষ্ট ভাবে দেখা গৈছে আৰু গুলীয়ে তেওঁৰ গোটেই শৰীৰটো চালনি কৰি পেলাইছে । ৰয়টাৰৰ মুখ্য ফটো সাংবাদিক ডানিছ চিদ্দিকীয়ে চৰকাৰী বাহিনীৰ সৈতে তালিবানৰ যুঁজৰ ফটো তুলিবলৈ আফগানিস্তানলৈ গৈছিল । ৩৮ বছৰীয়া সাংবাদিকজনে মৃত্যুৰ আগতে কেইদিনমান ধৰি কান্দাহাৰ প্ৰদেশৰ পৰিস্থিতিৰ বিষয়ে বাতৰি সংগ্ৰহ কৰি আছিল । যোৱা বৃহস্পতিবাৰে ৱাশ্বিংটন এক্সামিনাৰৰ এক প্ৰতিবেদন অনুসৰি, আফগান বাহিনীয়ে তালিবান যোদ্ধাসকলক কান্দাহাৰৰ পাকিস্তান সীমান্ত দখল কৰাত বাধা দিবলৈ গৈছিল । তেতিয়া ডেনিশে চৰকাৰী বাহিনীৰ কনভয়ৰ লগত গৈছিল । ডেনিছে তেওঁলোকৰ সৈতে সীমান্ত অঞ্চলত উপস্থিত হৈছিল । প্ৰতিবেদনত দাবী কৰা হৈছে যে , তালিবানে সীমান্তৰ পৰা কেইবাশ মিটাৰ দূৰত আফগান বাহিনীৰ ওপৰত প্ৰথমে আক্ৰমণ কৰিছিল । এই আক্ৰমণে আফগান কনভয়ক দুটা ভাগত বিভক্ত কৰিছিল আৰু ডানিছে আফগান কমাণ্ডাৰৰ পৰা পৃথক হৈ পৰিছিল । তেওঁক তিনিজন আফগান সৈনিকৰ সৈতে আনফালে যাব লগাত পৰে । ডানিছৰ শৰীৰত স্প্লিণ্টাৰ আঘাত লাগে । আফগান সৈন্যসকলে তেওঁক এটা স্থানীয় মছজিদলৈ লৈ যায় । তাত তেওঁক প্ৰাথমিক চিকিৎসা দিয়া হয় । কিন্তু মছজিদত ডানিছ আৰু আফগান বাহিনীয়ে আশ্ৰয় লোৱাৰ খবৰ তালিবানে লাভ কৰে । তালিবানৰ এটা দলে আহি মছজিদত আক্ৰমণ কৰে । দলটোৱে মছজিদত প্ৰৱেশ কৰি ডানিছক আটক কৰে । প্ৰতিবেদনত কোৱা হয় যে , যেতিয়া তালিবানে যেতিয়া ডানিছক বন্দী কৰা হৈছিল , তেতিয়া তেওঁ জীয়াই আছিল । তেওঁৰ পৰিচয় নিশ্চিত হোৱাৰ পিছত, তেওঁক তালিবানে হত্যা কৰে , একই পৰিণতি হয় লগত থকা তিনিজন সেনাৰ । আফগান বাহিনীৰ কমাণ্ডাৰকে ধৰি বাকী সৈন্যসকলে তেওঁলোকক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰি প্ৰাণ হেৰুৱাব লগা হৈছিল ।