তালিবানৰ হাতত আমেৰিকাৰ বায়’মেট্রিক যন্ত্র

65

তালিবানৰ হাতত আমেৰিকাৰ বায়’মেট্রিক যন্ত্র

ষ্টাফ ৰিপৰ্টাৰ, দুৰ্নীতিৰ দৰ্পণ, ৩০ আগষ্টঃ আফগান বাহিনীক দিয়া আমেৰিকাৰ বায়’মেট্রিক হাথিয়াৰ ব্যৱহাৰ কৰি এইবাৰ আফগানিস্তানৰ নাগৰিক সকলৰ ওপৰত তীক্ষ্ণ নজৰদাৰী আৰম্ভ কৰিছে তালিবানে ৷ বিগত ১২ বছৰ ধৰি আমেৰিকাই দিয়া অত্যাধুনিক বায়’মেট্রিক যন্ত্রবোৰত লাখ লাখ আফগান নাগৰিকৰ হাতৰ বুঢ়া আঙুলি বা তর্জনী আঙুলিৰ চাপ আৰু চকুৰ মণিৰ চাৰি দিশৰ অংশ ‘আইৰিছ’ৰ ছবি ৰখা হৈছে ৷ এই সূত্র ধৰিয়ে তালিবানে এইবাৰ জানিবলৈ সক্ষম হ’ব আফগান নাগৰিকসকলৰ নাম আৰু পৰিচয় ৷ অকল সেয়াই নহয়,আফগান নাগৰিক সকলৰ কোনে কি কামত জড়িত হৈ আছে,সেই কথাও সহজে জানিবলৈ সক্ষম হ’ব তালিবানে ৷ বিগত দুই দশক ধৰি আফগানিস্তানৰ কোন ব্যক্তিয়ে আমেৰিকা আৰু নাটো বাহিনী,আফগান সেনা তথা ভাৰতীয় চোৰাংচোৱা সংস্থা ‘ৰ’ৰ সৈতে জড়িত হৈ আছিল , সেই তথ্য এতিয়া সহজে লাভ কৰিব তালিবানে ৷ তালিবানৰ আল ইছা ইউনিটে এই সকলো তথ্য বাহিৰ কৰাৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে ৷ এই ক্ষেত্রত তালিবানক সহায় কৰিব পাকিস্তানে ৷ আফগানিস্তানৰ সংবাদ মাধ্যম জেংগেৰ নিউজক দিয়া এক সাক্ষাৎকাৰত এই তথ্য জনাইছে তালিবানৰ আল ইছা ইউনিটৰ অন্যতম ব্রিগেড কমাণ্ডাৰ নোৱাজউদ্দিন হাক্কানিয়ে ৷ হাক্কানিয়ে স্পষ্ট কৰিছে যে , কাকো ৰেহাই দিয়া নহ’ব ৷ বায়’মেট্রিক ডাটা ইতিমধ্যে হস্তগত হোৱা বুলি দাবী কৰিছে ব্রিগেড কমাণ্ডাৰ গৰাকীয়ে ৷ গতিকে , আমেৰিকান সেনা,ভাৰতীয় চোৰাং চোৱা আদি বিদেশী বাহিনীবোৰক যিসকলে তথ্য দিছিল তালিবানে , সেই লোকসকলক শীঘ্রে চিনাক্ত কৰি কঠোৰ শাস্তি প্রদান কৰিব পাৰে ৷ এতিয়া এই আশংকাই ঘনীভূত হৈছে ৷