দিল্লীৰ প্ৰদূষণ সন্দৰ্ভত দাখিল কৰা আবেদনৰ উচ্চতম ন্যায়ালয়ত শুনানি গ্ৰহণ , নিৰ্দেশনা অমান্য কৰাৰ বাবে সমালোচনা উচ্চতম ন্যায়ালয়ৰ

59

দিল্লীৰ প্ৰদূষণ সন্দৰ্ভত দাখিল কৰা আবেদনৰ উচ্চতম ন্যায়ালয়ত শুনানি গ্ৰহণ , নিৰ্দেশনা অমান্য কৰাৰ বাবে সমালোচনা উচ্চতম ন্যায়ালয়ৰ

ষ্টাফ ৰিপৰ্টাৰ, দুৰ্নীতিৰ দৰ্পণ, ২৯ নৱেম্বৰ : আজি উচ্চতম ন্যায়ালয়ত দিল্লীৰ প্ৰদূষণ সন্দৰ্ভত দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি মুখ্য ন্যায়াধীশ এন ভি ৰমনা, ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ সূৰ্যকান্তে৷ এই শুনানিৰ সময়তেই জ্যেষ্ঠ অধিবক্তা বিকাশ সিঙে কয় যে, নিৰ্মাণকাৰ্যৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ পিছতো উচ্চতম ন্যায়ালয়ৰ নাকৰ তলতে চলি আছে ‘ ‘চেণ্ট্ৰেল ভীষ্টা’ প্ৰকল্পৰ কাম উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত সঁহাৰি প্ৰদৰ্শন কৰি কয় যে, উচ্চতম ন্যায়ালয়ে পৰিস্থিতিটোৰ বিষয়ে ভালদৰে অৱগত ৷ আৰু কেৱল এই বিষয়টো উত্থাপন কৰাটো মুখ্য উদ্বেগৰ পৰা এক বিচ্যুতি হ’ব । মুখ্য ন্যায়াধীশে চলিচিটৰ জেনেৰেল তুষাৰ মেহতা, যিয়ে এই সন্দৰ্ভত এক এফিডেফিট দখিল কৰিব বুলি কৈছিল তেওঁক মাতি পঠিয়ায় ৷ উচ্চতম ন্যায়ালয়ে লগতে উল্লেখ কৰে যে, আজিৰ দিনটোত ৰাজধানী দিল্লীৰ বায়ুৰ গুণগত মানদণ্ড সূচক ৪১৯ লৈ হ্ৰাস পাইছে , যাৰ প্ৰতি চলিচিটৰ জেনেৰেলে নিজৰ উদ্বেগ প্ৰকাশ কৰি কয় যে বায়ুৰ গুণগত মানদণ্ড স্তৰ প্ৰতিদিনে বেয়ালৈ গৈ আছে ৷ কোভিড-১৯ৰ নতুন প্ৰকাৰ অমিক্ৰনৰ সমস্যা সন্দৰ্ভত চলিচিটৰ জেনেৰেলে কয় যে ভাইৰাছটো এটা সম্পূৰ্ণ বেলেগ সমস্যা আৰু ইয়াক পৃথকে মোকাবিলা কৰা প্ৰয়োজন । নিৰ্মাণ শ্ৰমিকৰ পুঁজিৰ ক্ষেত্ৰত উত্তৰ প্ৰদেশ, হাৰিয়ানা আৰু পঞ্জাৱে গ্ৰহণ কৰিবলগীয়া পদক্ষেপৰ অভাৱৰ লগতে আজিৰ এই শুনানি প্ৰক্ৰিয়াত নৰা জ্বলোৱাৰ দৰে অন্যান্য বিষয় উত্থাপন কৰা হয় ৷ ইয়াৰ প্ৰতিক্ৰিয়াস্বৰূপে, চলিচিটৰ জেনেৰেল তুষাৰ মেহতাই পৰিৱেশ মন্ত্ৰীৰ পৰা পোৱা তথ্যৰ সৈতে নৰা জ্বলোৱাটো আৰু এক সমস্যা নহয় বুলি নিশ্চিত কৰে।