নতুনকৈ ভাৰত বিৰোধি কূটনীতি চীনৰ , অৰুণাচল প্ৰদেশৰ যুৱকক চীনৰ পিপল লিবাৰেচন আৰ্মিত যোগদান কৰোৱাৰ চেষ্টা

135

নতুনকৈ ভাৰত বিৰোধি কূটনীতি চীনৰ , অৰুণাচল প্ৰদেশৰ যুৱকক চীনৰ পিপল লিবাৰেচন আৰ্মিত যোগদান কৰোৱাৰ চেষ্টা

ষ্টাফ ৰিপৰ্টাৰ , দুৰ্নীতিৰ দৰ্পণ , ১৪ আগষ্টঃ তিব্বতৰ ওপৰত নিজৰ অধিকাৰ সাব্যস্ত কৰাৰ পাছত ৰঙা চীনে এইবাৰ ভাৰতৰ ভূমিত চকু দি আহিছে । দীৰ্ঘ দিনৰে পৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য নিজৰ দখললৈ নিয়াৰ চেষ্টা কৰিছে চীনে। আনকি চীনে বিদ্যালয়ত বিতৰণ কৰা মেপত অৰুণাচল প্ৰদেশ চীন দেশৰ সীমাৰ ভিতৰত দেখুৱাইছে । স্কুলীয়া পৰ্যায়ৰ পপাই ছাত্ৰ ছাত্ৰীৰ মনত অৰুণাচল প্ৰদেশ চীনৰ বুলি পতিয়ন নিয়াবলৈ চেষ্টা চলাইছে চীনে । এইবাৰ অৰুণাচল প্ৰদেশৰ যুৱকক চীনা সৈন্যত যোগদান কৰোৱাৰ চেষ্টা কৰিলে চীনে । যাৰ বাবে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুই কেন্দ্ৰীয় চৰকাৰৰ ওচৰত অনুৰোধ জনাইছে,যাতে অতি শীঘ্ৰে সীমান্তৱৰ্তী অঞ্চলত সকলো দেশীয় কাম সমাপন কৰে ।ইয়াৰে ভিতৰত নিবনুৱা সমস্যা আৰু যোগাযোগৰ ব্যৱস্থাৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ বাবে অনুৰোধ জনাইছে , যাতে চীনে এই সমস্যা দুটাৰ অপব্যৱহাৰ কৰিব নোৱাৰে । ৰাজ্য খনৰ কংগ্ৰেছৰ পূৰ্ব সাংসদ তথা বৰ্তমানৰ পাছিঘাটৰ বিধায়ক নিনোংগ ইৰিঙে দাবী কৰিছে যে,চীনে সীমান্তত থকা অৰুণাচলৰ যুৱক সকলক চীনৰ সেনা পিপল লিবাৰেচন আৰ্মিত যোগদানৰ বাবে চেষ্টা অব্যাহত ৰাখিছে ।