পদক লাভ কৰিলে ভাৰতীয় মহিলা হকী দলক ঘৰ অথবা গাড়ী উপহাৰ দিব সাভজী ধোলাকিয়াই

129

ষ্টাফ ৰিপৰ্টাৰ, দুৰ্নীতিৰ দৰ্পণ , ৪ আগষ্ট: ভাৰতীয় মহিলা হকী দলৰ মনোবল বৃদ্ধি কৰাৰ বাবে হীৰাৰ ৰজা হিচাপে জনাজাত চুৰাটৰ হৰি কৃষ্ণ এক্সপোৰ্ট কোম্পানীৰ প্ৰতিষ্ঠাপক তথা অধ্যক্ষ সাভজী ধোলাকিয়াই এক বিশেষ উপহাৰ আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে । টকিঅ’ অলিম্পিকত পদক লাভ কৰিলেই ভাৰতীয় মহিলা হকী দলৰ খেলুৱৈলৈ তেওঁ উপহাৰ আগবঢ়াব । তেওঁ জনোৱা মতে, খেলুৱৈসকলক ১১ লাখ টকা মূল্যৰ ঘৰ অথবা ৫ লাখ টকাৰ গাড়ী প্ৰদান কৰিব। হীৰা ব্যৱসায়ীগৰাকীয়ে কয় যে, তেওঁ এই পদক্ষেপৰ জৰিয়তে দেশৰ খেলুৱৈসকলৰ মনোবল বৃদ্ধি কৰাৰ প্ৰয়াস কৰিছে । পদক লাভ কৰিলে ভাৰতীয় মহিলা হকী দলক ঘৰ অথবা গাড়ী উপহাৰ দিব। সাভজী ধোলাকিয়াইমহিলা খেলুৱৈসকলৰ প্ৰশংসা কৰি তেওঁ কয় যে, ভাৰতৰ মহিলা খেলুৱৈয়ে টকিঅ’ অলিম্পিকত ইতিহাস ৰচনা কৰিছে । প্ৰথমবাৰৰ বাবে অষ্ট্ৰেলিয়াক পৰাস্ত কৰি অলিম্পিকৰ ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ কথাও তেওঁ উল্লেখ কৰে । তেওঁ কয় যে, যদি মহিলা হকী দলটোৱে পদক জয় কৰিবলৈ সক্ষম হয়, তেন্তে কোনো খেলুৱৈ বিচাৰিলে হৰি কৃষ্ণ গ্ৰুপে আৰ্থিক সাহাৰ্য আগবঢ়াব । তাৰোপৰি প্ৰতিগৰাকী খেলুৱৈক ১১ লাখ মূল্যৰ ঘৰ অথবা ৫ লাখ টকাৰ গাড়ী প্ৰদান কৰিব হৰি কৃষ্ণ গ্ৰুপে।পদক লাভ কৰিলে ভাৰতীয় মহিলা হকী দলক ঘৰ অথবা গাড়ী উপহাৰ দিব সাভজী ধোলাকিয়াইটুইটযোগে তেওঁ এই কথা জানিবলৈ দিছে । চুৰাটৰ প্ৰতিষ্ঠিত হীৰা ব্যৱসায়ী সাভজী ধোলাকিয়া লোকৰ ভাল কামনা কৰা এগৰাকী ব্যক্তি আৰু তেওঁ সদায় কৰ্মাচাৰীৰ সাধাৰণ প্ৰয়োজনখিনিৰ বাবেও চিন্তা কৰি আহিছে । তেওঁ নিজৰ কোম্পানীৰ কৰ্মচাৰীসকলক প্ৰতি বছৰে এটাকৈ ঘৰ, নতুন গাড়ী আৰু অলংকাৰ দিপাৱলীৰ বনাচ হিচাপে উপহাৰ দি আহিছে । লগতে, প্ৰতিষ্ঠিত হীৰা ব্যৱসায়ী ধোলাকিয়াৰ ক্ৰীড়া ক্ষেত্ৰৰ প্ৰতিও যথেষ্ট আগ্ৰহ আছে । আনহাতে, টকিঅ’ অলিম্পিকত ভাৰতীয় মহিলা হকী দলে অষ্ট্ৰেলিয়াক ১-০ গ’লত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। বুধবাৰে আবেলি ৩.৩০ বজাত আৰ্জেণ্টিনাৰ সৈতে প্ৰতিদ্বন্দিতা কৰিব ভাৰতীয় মহিলা হকী দলটোৱে ।