পশ্চিম বংগত তেজষ্ক্ৰিয় পদাৰ্থসহ শৈলেন কর্মকাৰ আৰু অসিত ঘোষক গ্ৰেপ্তাৰ চিআইডিৰ

65

পশ্চিম বংগত তেজষ্ক্ৰিয় পদাৰ্থসহ শৈলেন কর্মকাৰ আৰু অসিত ঘোষক গ্ৰেপ্তাৰ চিআইডিৰ

ষ্টাফ ৰিপৰ্টাৰ, দুৰ্নীতিৰ দৰ্পণ, ২৭ আগষ্টঃ পশ্চিমবংগৰ ৰাজধানী কলকাতাৰ নেতাজী সুভাষ চন্দ্র বসু আন্তর্জাতিক বিমানবন্দৰৰ সমীপত তেজস্ক্রিয় পদার্থসহ দুজনক গ্রেপ্তাৰ কৰিছে চি আই ডিয়ে ৷ গ্রেপ্তাৰ কৰা লোক দুজনৰ পৰা প্রায় আঢ়ৈশ গ্রাম তেজস্ক্রিয় পদার্থ কেলিফ’র্ণিয়াম জব্দ কৰিছে ৷ এই কেলিফ’র্নিয়ামৰ মূল্য ৪,২৫০ কোটি টকা ৷ নিউক্লিয়াৰ ৰিয়েক্টৰত ব্যৱহাৰ কৰা তেজস্ক্রিয় পদার্থ কেলিফ’র্নিয়ামৰ সৈতে গ্রেপ্তাৰ কৰা লোক দুজন ৰাজ্যখনৰ হুগলী জিলাৰ বাসিন্দা ৷ চি আই ডিয়ে লোক দুজনক ৪১ বছৰীয়া শৈলেন কর্মকাৰ আৰু ৪৯ বছৰীয়া অসিত ঘোষ বুলি চিনাক্ত কৰিছে ৷ চি আই ডিৰ শীর্ষ বিষয়াই প্রকাশ কৰা মতে , প্রায় আঢ়ৈশ গ্রাম কেলিফ’র্নিয়ামখিনি হৈছে ছাইৰঙী চাৰিটা শিল ৷ প্রাৰম্ভিক তদন্তত ছাইৰঙী শিল চাৰিটাক কেলিফ’র্নিয়াম বুলি চিনাক্ত কৰি সঠিক অনুসন্ধানৰ বাবে শিলকেইটা চৰকাৰী লেবৰেটৰীলৈ প্রেৰণ কৰা হৈছে ৷ ধৃত লোক দুজনে স্বীকাৰ কৰা মতে,কেৰালাৰ পৰা সেই সামগ্রীখিনি আনিছিল আৰু সামগ্রীখিনি বিক্রীৰ বাবে যো–জা কৰিছিল ৷ উল্লেখ্য যে , কেলিফ’র্নিয়াম অতি ব্যয়বহুল তেজস্ক্রিয় পদার্থ ৷ অনুজ্ঞাপত্র অবিহনে ই বিক্রী কৰিব নোৱাৰে ৷ দেশৰ মুম্বাইস্থিত ভাৱা এট’মিক ৰিছার্চ চেণ্টাৰতহে এই সামগ্রীবিধ পোৱা যায় ৷ কেলিফ’র্নিয়াম ছিন্থেটিক কর্কট ৰোগৰ চিকিৎসা আৰু চিকিৎসা উদ্যোগত ব্যৱহাৰ কৰা হয় ৷