পাকিস্তানৰ নেত্ৰী নিলম ইৰছাদ শ্বেইখে ভাৰতক হুংকাৰ , কাশ্মীৰ দখলৰ ক্ষেত্ৰত সহায় ল’ব তালিবানৰ

73

পাকিস্তানৰ নেত্ৰী নিলম ইৰছাদ শ্বেইখে ভাৰতক হুংকাৰ , কাশ্মীৰ দখলৰ ক্ষেত্ৰত সহায় ল’ব তালিবানৰ

ষ্টাফ ৰিপৰ্টাৰ , দুৰ্নীতিৰ দৰ্পণ, ২৬ আগষ্টঃ কাশ্মীৰ ভাৰতৰ পৰা কাঢ়ি লোৱাৰ লক্ষ্যৰে তালিবানৰ সহায় ল’ব পাকিস্তানে ৷ অর্থাৎ কাশ্মীৰ জয়ৰ বাবে নৃশংস সন্ত্রাসবাদী সংগঠন তালিবানৰ সহায় ল’ব বুলি মুকলিকৈ ভাৰতক হুংকাৰ দিছে পাকিস্তানৰ পি টি আইৰ নেত্রীয়ে ৷ পাকিস্তানৰ প্রধানমন্ত্রী ইমৰান খানৰ দল পি টি আইৰ জ্যেষ্ঠ নেত্রী তথা প্রধানমন্ত্রীৰ ঘনিষ্ঠ নিলম ইৰছাদ শ্বেখে আজি মুকলিকৈ ঘোষণা কৰিছে ৷ পাকিস্তানে জম্মু–কাশ্মীৰক লৈ চলাই থকা ষড়যন্ত্র পুনৰ স্পষ্ট হৈ পৰিল ৷ উল্লেখ্য যে , পাকিস্তানে নিজৰ দেশত সন্ত্রাসবাদী সংগঠন লালিত–পালিত কৰি ভাৰত ভূমিত প্রৱেশ কৰাই জম্মু–কাশ্মীৰ অশান্ত কৰি আছে ৷ এই সত্যতা ৰাষ্ট্রসংঘৰ মজিয়াকে ধৰি আন্তর্জাতিক সমুদায়ৰ মাজত চর্চিত হৈ থকাৰ সময়তে এইবাৰ আফগানিস্তান দখল কৰা তালিবানৰ সহযোগত কাশ্মীৰত ভাৰতৰ বিৰুদ্ধে যুঁজ পাকিস্তানে চলাব বুলি হুংকাৰ দিছে ৷ তাৎপর্যপূর্ণ যে , আমেৰিকা যুক্তৰাষ্ট্রৰ সেনাবাহিনী আফগানিস্তানৰ পৰা প্রত্যাহাৰৰ অন্তিম সময়সীমাৰ দুসপ্তাহ পূর্বেই পাকিস্তানৰ সহযোগত তালিবানে আফগানিস্তান দখল কৰে ৷ ইয়াৰ পাছতে তালিবানক লৈ বিশ্বজুৰি তীব্র প্রতিক্রিয়া সৃষ্টি হৈছে ৷ পি টি আইৰ নেত্রী শ্বেখে প্রকাশ কৰা মতে,ভাৰতৰ জম্মু–কাশ্মীৰ জয়ৰ কাৰণে পাকিস্তানে চলাই থকা যুঁজখনত তালিবানে তেওঁলোকক সহায় কৰিব বুলি নিশ্চিতি দিছে ৷ পি টি আই নেত্রী শ্বেখৰ এই মন্তব্যৰ ভিডিঅ’ই ইতিমধ্যে ছ’চিয়েল মিডিয়াত আলোড়ন তুলিছে ৷ পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আই তথা সামৰিক বাহিনী তালিবান আৰু ভাৰত বিৰোধী কার্যকলাপৰ সৈতে জড়িত হৈ থকাটো সর্বজনবিদিত ৷ টেলিভিছনৰ এক সাক্ষাৎকাৰত সাংবাদিকে পি টি আই নেত্রীগৰাকীক তালিবানৰ সহায় লৈ ভাৰতৰ কাশ্মীৰ জয় কৰাৰ মন্তব্যক সমালোচনা কৰিলেও নেত্রী গৰাকীয়ে এইক্ষেত্রত নিজৰ স্থিতিত অটল আছিল ৷ মন কৰিবলগীয়া যে , পাকিস্তানে তালিবানক সম্পূর্ণ সহায় কৰি আফগানিস্তান দখল কৰাত সহযোগ কৰা বুলি আফগানিস্তান চৰকাৰে ইতিমধ্যে অভিযোগ কৰিছে ৷ আফগানিস্তানৰ প্রাক্তন প্রথম উপ–ৰাষ্ট্রপতি তথা স্বঘোষিত তত্ত্বাৱধায়ক ৰাষ্ট্রপতি আমৰুল্লা ছালেহে মুকলিকৈ তালিবানক পাকিস্তানে সহায় কৰা বুলি প্রকাশ কৰিছে ৷