পুনৰ মুকলি হোৱাৰ দিশে ভাৰত-বাংলাদেশৰ মাজৰ বিমান সেৱা

39

পুনৰ মুকলি হোৱাৰ দিশে ভাৰত-বাংলাদেশৰ মাজৰ বিমান সেৱা

ষ্টাফ ৰিপৰ্টাৰ, দুৰ্নীতিৰ দৰ্পণ, ৩১ আগষ্ট : বাংলাদেশ ভ্ৰমণৰ বাবে অপেক্ষা কৰি থকা বিমান যাত্ৰী সকলৰ বাবে এক সু-খবৰ ৷ প্ৰায় ৪ মাহৰ বিৰতিৰ পাছত অহা ৩ ছেপ্তেম্বৰৰ পৰা পুনৰ মুকলি হ’ব ভাৰত-বাংলাদেশৰ মাজৰ বিমান সেৱা ৷ অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ে প্ৰকাশ কৰিছে এই তথ্য ৷ দুয়োখন দেশৰ মাজত হোৱা উমৈহতীয়া বুজাপৰাৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ কিন্তু এইক্ষেত্ৰত কিছু নিৰ্দেশনা বাহাল ৰাখিছে কেন্দ্ৰীয় চৰকাৰে ৷ সীমিত সংখ্যক যাত্ৰী তথা নিৰ্দিষ্ট স্বাস্থ্যসন্মত নীতি-নিয়ম মানিহে ভাৰত-বাংলাদেশৰ মাজৰ বিমান সেৱা পুনৰ আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ লগতে পূৰ্বৰ নিৰ্ধাৰিত ১৪০ জন যাত্ৰীৰ পৰিৱৰ্তে বৰ্তমান বিমানৰ ৯০-৯৫ শতাংশ আসন যাত্ৰীৰ বাবে উপলব্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ে। আনহাতে বাংলাদেশৰ পৰা ভাৰতলৈ অহা প্ৰতিগৰাকী যাত্ৰীয়ে বিমান বন্দৰতে স্ব-পৰিশোধিতভাৱে মলিকুলাৰ পৰীক্ষা কৰাটো বাধ্যতামূলক কৰা হৈছে। আফগানিস্তানত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে এয়াৰ ষ্ট্ৰাইকঢাকা ট্ৰিবিউনত প্ৰকাশ পোৱা এক প্ৰতিবেদন মতে, কেৱল ক’ভিডৰ টিকা লোৱা ব্যক্তিসকলৰ মাজতে এই সেৱা সীমাবদ্ধ নহ’ব লগতে আসনৰ ক্ষেত্ৰত কোনো সংৰক্ষণৰ প্ৰয়োজনীয়তা নিৰ্ধাৰণ কৰা হোৱা নাই ৷ কিন্তু দুয়োদেশৰ মাজত চলাচল কৰিবলগীয়া বিমানৰ সংখ্যাৰ ক্ষেত্ৰতহে কিছু নিষেধাজ্ঞা গ্ৰহণ কৰা হৈছে ৷ সেই অনুসৰি সপ্তাহত এটা দিশৰ পৰা পৰা যিকোনো এখন দেশৰ পৰা ৭ খন বিমানহে আনখন দেশলৈ যাব পৰিব ৷ লগতে ইণ্ডিগ’,স্পাইচ জেট আৰু এয়াৰ ইণ্ডিয়াৰ বিমানকহে এইক্ষেত্ৰত অনুমতি প্ৰদান কৰা হৈছে ৷উল্লেখ্য যে, ২০২০ চনৰ ২৮ অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱা বাংলাদেশৰ সৈতে হোৱা চুক্তিখন ২৭ মাৰ্চ, ২০২১ লৈকে বৈধ আছিল ৷ য’ত ভাৰত আৰু বাংলাদেশৰ বিমানক দুয়োখন দেশৰ মাজত সেৱা পৰিচালনা কৰাৰ অনুমতি দিয়া হৈছিল ৷ চুক্তিৰ ম্যাদ উকলাৰ পিছত তথা কভিড পৰিস্থিতিৰ বাবে দুয়োখন দেশৰ মাজত বিমান সেৱা বন্ধ হৈ আছিল ৷