প্রধানমন্ত্রীৰ বৈঠক: আফগানিস্তানৰ পৰিস্থিতিকলৈ বিশদ আলোচনা

51

প্রধানমন্ত্রীৰ বৈঠক: আফগানিস্তানৰ পৰিস্থিতিকলৈ বিশদ আলোচনা

ষ্টাফ ৰিপৰ্টাৰ,দুৰ্নীতিৰ দৰ্পণ, ৭ ছেপ্টেম্বৰঃ সঘনাই সলনি হৈ থকা আফগানিস্তানৰ পৰিস্থিতিক লৈ আজি এক উচ্চস্তৰীয় বৈঠকত মিলিত হয় প্রধানমন্ত্রী নৰেন্দ্র মোদী ৷ প্রধানমন্ত্রীৰ বাসভৱনত আজি অনুষ্ঠিত বৈঠকত আফগানিস্তান তালিবানে সম্পূর্ণ দখল কৰা আৰু পাকিস্তানৰ আই এছ আইৰ সৈতে তালিবানৰ বৈঠকক লৈ বিতং আলোচনা কৰা হয় ৷ বৈঠকত কেন্দ্রীয় প্রতিৰক্ষামন্ত্রী ৰাজনাথ সিং , গৃহমন্ত্রী অমিত শ্বাহ , বৈদেশিক মন্ত্রী এছ জয়শংকৰ,বিত্তমন্ত্রী নির্মলা সীতাৰমণ,ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে অংশগ্রহণ কৰে ৷ আফগানিস্তানৰ ৰাজধানী কাবুল সম্পূর্ণ নিয়ন্ত্রণলৈ অনাৰ পিছতো তালিবানে এতিয়ালৈকে আনুষ্ঠানিকভাৱে চৰকাৰ গঠন নকৰা বিষয়টোৰ ওপৰত বৈঠকত আলোচনা কৰা হয় ৷ উল্লেখ্য যে , কাটাৰৰ ৰাজধানী দোহাস্থিত ভাৰতীয় ৰাষ্ট্রদূত দীপক মিট্টলৰ সৈতে তালিবানৰ ৰাজনৈতিক কার্যালয়ৰ মুৰব্বীয়ে বৈঠকত মিলিত হোৱাৰ পিছত তালিবানে কাশ্মীৰৰ মুছলমানৰ অধিকাৰৰ হকে মাত মাতি যাব বুলি নতুন দিল্লীত এক প্রকাৰ সকীয়নি দিছিল ৷ এই সকীয়নিক নতুন দিল্লীয়ে এই কাৰণেই গুৰুত্ব দিবলগীয়া হৈছে যে তালিবানে আফগানিস্তানত নতুন চৰকাৰ গঠন কৰাক লৈ পাকিস্তানৰ আই এছ আয়ে গুৰুত্বপূর্ণ ভূমিকা লোৱা বুলি সংবাদ মাধ্যমত প্রকাশ পাইছে ৷ ইতিমধ্যে তালিবানেও পাকিস্তানৰ আই এছ আইৰ সৈতে বৈঠকত মিলিত হোৱা বুলি স্বীকাৰ কৰিছে ৷ এনে পৰিস্থিতিক লৈ প্রধানমন্ত্রী উচ্চস্তৰীয় বৈঠকত মিলিত হয় ৷