প্ৰাণৰ ভয়ত পলায়ন কৰাৰ কথা প্ৰকাশ কৰিলে আফগানিস্তানৰ ৰাষ্ট্ৰপতি আশ্ৰাফ ঘানিয়ে 

45
প্ৰাণৰ ভয়ত পলায়ন কৰাৰ কথা প্ৰকাশ কৰিলে আফগানিস্তানৰ ৰাষ্ট্ৰপতি আশ্ৰাফ ঘানিয়ে
ষ্টাফ ৰিপৰ্টাৰ,দুৰ্নীতিৰ দৰ্পণ,১৯আগষ্টঃ প্ৰাণৰ ভয়ত আশ্ৰাফ ঘানিয়ে দেশ এৰি পলায়ন কৰিছে। এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আফগানিস্তানৰ পৰা পলায়ন কৰা ৰাষ্ট্ৰপতি আশ্ৰফ ঘানিয়ে।সংযুক্ত আৰব আমিৰশ্বাহীৰ পৰা প্ৰেৰণ কৰা এক ফেইচবুক ভিডিঅ’ বাৰ্তাযোগে নিজৰ প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পলাতক আফগান ৰাষ্ট্ৰপতি গৰাকীয়ে। বাৰ্তাটোত ঘানিয়ে প্ৰাণৰ ভয়ত নিজৰ ইচ্ছাৰ বিৰুদ্ধে দেশ এৰিবলৈ বাধ্য হোৱা বুলিও উল্লেখ কৰে।বৰ্তমান প্ৰাক্তন আফগান ৰাষ্ট্ৰপতি হামিদ কাৰজাই আৰু আব্দুল্লাহৰ মধ্যস্থতাত তালিবানৰ উদ্যোগত আফগানিস্তানত নতুন চৰকাৰ গঠনৰ প্ৰস্তুতি আৰম্ভ হৈছে।আফগানিস্তানত নতুন চৰকাৰ গঠনৰ সম্পৰ্কেও পলাতক ৰাষ্ট্ৰপতি আশ্ৰফ ঘানিয়ে নিজৰ মত এনেদৰে ব্যক্ত কৰে যে ,“মই বিচাৰো এই প্ৰচেষ্টা সফল হওঁক। মই নিজেও আফগানিস্তানলৈ উভতি যোৱাৰ ক্ষেত্ৰত কথা-বাৰ্তা আৰম্ভ কৰিছো, যাতে আফগানিস্তানৰ নাগৰিক সকলে ন্যায় লাভ কৰে। ইছলামিক আৰু জাতীয়তাবাদী মূল্যবোধৰ জয় হওঁক।” একমাত্ৰ ক্ষমতাৰ লোভৰ বাবেই কাবুলক ছিৰিয়া অথবা য়েমেনৰ নিচিনা হ’ব দিব নোৱাৰি বুলিও আশ্ৰফ ঘানিয়ে ভিডিঅ’ বাৰ্তাটোত উল্লেখ কৰি তেওঁক দেশ এৰিবলৈ বাধ্য কৰোৱা হ’ল বুলি কয়।