ভাৰতে আফগানিস্তানক উপহাৰ দিয়া সংসদ ভৱনত সোমাল তালিবান

112

ভাৰতে আফগানিস্তানক উপহাৰ দিয়া সংসদ ভৱনত সোমাল তালিবান

ষ্টাফ ৰিপৰ্টাৰ , দুৰ্নীতিৰ দৰ্পণ , ১৭ আগষ্টঃ তালিবানে আফগানিস্তানৰ ৰাজধানী দখল কৰাৰ পাছত আফগানিস্তানৰ সংসদ ভৱনত প্ৰৱেশ কৰে তালিবানী সকলে । সেই সংসদ ভৱনটো ভাৰত চৰকাৰে মিত্ৰতাৰ চিন স্বৰূপে আফগানিস্তানক উপহাৰ হিচাপে দিছিল । তালিবানী সকলে আফগানিস্তানৰ সংসদ ভৱনত প্ৰৱেশ কৰাৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে । তালিবানে দেওবাৰে কাবুল দখল কৰাৰ পাছতে ৰাষ্ট্ৰপতি ভৱনত প্ৰৱেশ কৰি দখল কৰে সকলো । তালিবান সকলে কাবুল দখল কৰাৰ পূৰ্বে দেশখনৰ ৰাষ্ট্ৰপতি আশ্ৰফ ঘানিয়ে দেশ এৰি পলায়ন কৰে । উল্লেখযোগ্য যে,তালিবানে আফগানিস্তান দখল কৰাৰ পাছতে ৰাষ্ট্ৰসংঘৰ সুৰক্ষা পৰিষদত জৰুৰীকালীন বৈঠক অনুষ্ঠিত হয় ।ৰাষ্ট্ৰসংঘৰ সুৰক্ষা পৰিষদত অনুষ্ঠিত হোৱা বৈঠকত ভাৰতে আফগানিস্তানৰ বৰ্তমানৰ পৰিস্থিতিক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে । ৰাষ্ট্ৰসংঘত থকা ভাৰতৰ প্ৰতিনিধিয়ে বৰ্তমান সময়ত আফগানিস্তানত থকা শিশু,মহিলা সকলে ভয় আৰু শংকাৰ মাজত সময় অতিবাহিত কৰিবলগীয়া হৈছে বুলিও উল্লেখ কৰে ।