মিডল ইষ্ট গ্রীন ইনিচিয়েটিভ ছামিটঃ প্রধানমন্ত্রী মোদীক আমন্ত্রণ চৌদি আৰবৰ

128

 ষ্টাফ ৰিপৰ্টাৰ , দুৰ্নীতিৰ দৰ্পণ , ১ আগষ্ট : ৰাষ্ট্রসংঘৰ জলবায়ু পৰিৱর্তনৰ কার্যসূচীত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰি থকা ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীক মিডল ইষ্ট গ্রীন ইনচিয়েটিভ ছামিটত অংশগ্রহণৰ বাবে আমন্ত্রণ জনাইছে চৌদি আৰবৰ ক্রাউন প্রিন্স মহম্মদ বিন ছালমানে ৷ চৌদি গ্রীন ইনচিয়েটিভৰ সৈতে সংযুক্ত কৰি মিডল ইষ্ট গ্রীন ইনচিয়েটিভ যোৱা মার্চ মাহত ঘোষণা কৰাৰ পাছত অহা অক্টোবৰত আয়োজন কৰা হৈছে মিডল ইষ্ট গ্রীন ইনচিয়েটিভ ছামিট ৷ এই ছামিটত অংশগ্রহণৰ বাবে প্রধানমন্ত্রী মোদীক আমন্ত্রণ জনোৱা হৈছে ৷ উল্লেখ্য যে , চৌদি আৰবে জলবায়ু পৰিৱর্তনৰ সৈতে যুঁজ কৰাৰ লক্ষ্যৰে ইনচিয়েটিভ গঠন কৰিছে আৰু ইয়াৰ জৰিয়তে সমগ্র অঞ্চলটোত জলবায়ু পৰিৱর্তনৰ যুঁজক আগবঢ়াই নিয়াৰ লক্ষ্য লৈছে ৷ মন কৰিবলগীয়া যে , মিডল ইষ্ট গ্রীন ইনচিয়েটিভে গাল্ফ কোপাৰেচন কাউন্সিল (জিচিচি) দেশসমূহৰ সৈতে সন্মিলিত হৈ মধ্যপ্রাচ্যৰ দেশসমূহত ৪০ বিলিয়ন গছৰ পুলি ৰোপণ কৰিব ৷ প্রায় ২০০ নিযুত হেক্টৰ অনুর্বৰ ভূমিত এই গছ পুলিসমূহ ৰোপণ কৰাৰ পৰিকল্পনা প্রস্তুত কৰিছে ৷