মেক্সিকোত ৭.০ প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি: নিহত ১

107

মেক্সিকোত ৭.০ প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি: নিহত ১

ষ্টাফ ৰিপৰ্টাৰ, দুৰ্নীতিৰ দৰ্পণ, ৮ ছেপ্টেম্বৰ : এক বৃহৎ প্ৰাবল্যৰ ভূমিকম্পই মঙলবাৰে মেক্সিকোৰ Acapulco অঞ্চল জোকাৰি যায় ৷ প্ৰায় ৭.০ প্ৰাৱল্যৰ এই ভূমিকম্পৰ ফলত এজন লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে ৷ জানিব পৰা মতে, মঙলবাৰে নিশা Acapulco অঞ্চলত সংঘটিত এই ভূমিকম্পই কেইবাশ কিলোমিটাৰ দূৰত মেক্সিকো চহৰৰ অট্টালিকাসমূহতো প্ৰভাৱ পেলায় ৷ প্ৰাপ্ত খবৰ অনুসৰি প্ৰায় ২০০ মাইল দূৰত থকা মেক্সিকো চিটিত ৰাজধানীৰ কিছু অংশত প্ৰায় এক মিনিটৰ বাবে মাটি কঁপি উঠিছিল কিন্তু আন অংশত ভূমিকম্পৰ জোঁকাৰণি অতি কম পৰিমাণে অনুভূত হৈছিল৷ কিছু লোকে অলপ সময়ৰ বাবে অট্টালিকাসমূহ খালী কৰিছিল যদিও বেছিভাগেই বৰষুণৰ বাবে নিশাই ঘৰলৈ ঘূৰি গৈছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূ-তাত্বিক জৰীপৰ মতে ভূমিকম্পটোৰ প্ৰাথমিক প্ৰাবল্য আছিল ৭ আৰু Acapulcoৰ উত্তৰ-পূৱত ১৭ কিলোমিটাৰ (প্ৰায় ১০ মাইল)ত ভূমিকম্পটোৰ কেন্দ্ৰ আছিল ৷ Guerrero ৰাজ্যৰ গভৰ্ণৰ Hector Astudillo ই ভূমিকম্পৰ ফলত এজন লোকৰ মৃত্যু হোৱা কথাটো নিশ্চিত কৰে৷ তেওঁ জানিবলৈ দিয়া মতে, Acapulcoৰ কাষৰ Coyuca de Benitez চহৰত এটা পোষ্ট পৰি এজন লোক নিহত হৈছে ৷ ভূমিকম্পৰ পাচতে সাগৰত কোনোধৰণৰ পৰিৱৰ্তন সংঘটিত হ’ব পাৰে বুলি অঞ্চলবাসী আতংকিত হৈ পৰিছে ৷ অৱশ্যে সংশ্লিষ্ট কৰ্তৃপক্ষই এইপৰ্যন্ত চুনামি সম্পৰ্কীয় কোনো ধৰণৰ বিপদাশাংকাৰ বিষয়ে একো কোৱা নাই। Astudillo ই কয় যে, চুনামি সতৰ্কতা কেন্দ্ৰই সাগৰপৃষ্ঠত কোনো তাৰতম্য প্ৰত্যক্ষ কৰা নাই ৷ পাচত প্ৰশান্ত মহাসাগৰীয় চুনামি সতৰ্কতা কেন্দ্ৰও সাম্ভাব্য ঢৌৰ ভাবুকি পাৰ হৈ গৈছে বুলি সদৰী কৰে ৷ Acapulcoৰ মেয়ৰ Adela Románও কোনো ধৰণৰ গুৰুতৰ পৰিস্থিতিৰ সৃষ্টি হোৱা নাই বুলি জানিবলৈ দিয়ে। ইফালে মেক্সিকোৰ নেচনেল চিভিল ডিফেন্সে ইতিমধ্যে ১০ খন ৰাজ্যত পৰ্যালোচনা চলাই আছে যদিও এতিয়ালৈকে ভুক্তভোগী বা গুৰুতৰ ক্ষতিৰ কোনো প্ৰতিবেদন পোৱা নাই ৷