ৰাছিয়াত ভয়ংকৰ বিমান দুৰ্ঘটনা , ১৬ জন লোকৰ মৃত্যু , আহত কেইবাজন

83

ৰাছিয়াত ভয়ংকৰ বিমান দুৰ্ঘটনা , ১৬ জন লোকৰ মৃত্যু , আহত কেইবাজন

দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিপৰ্টাৰ , ১০ অক্টোবৰঃ ৰাছিয়াৰ তাতাৰস্তান অঞ্চলত ২৩ লোকসহ যাত্ৰা কৰা এখন বিমান দুৰ্ঘটনাত পতিত হয় । এই বিমান দুৰ্ঘটনাত ১৬ জন লোকৰ মৃত্যু হয় । আনহাতে , ৭ জন লোকক জীৱন্তে উদ্ধাৰ কৰা হয় । জৰুৰীকালীন মন্ত্ৰণালয়ে কয় যে , ৰাছিয়ান বিমান L-410 Turbolet–এ তাতাৰস্তান গণৰাজ্যৰ ওপৰেৰে গৈ থকাৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত হয় । দুৰ্ঘটনাত পতিত বিমানখন দুটা ইঞ্জিনযুক্ত শ্বৰ্ট ৰেঞ্জ ট্ৰান্সপ’ৰ্ট এয়াৰক্ৰাফ্ট আছিল । ইয়াত পেৰাছ্যুটৰে জঁপিওৱা এটা দলো আছিল । ৭ জন লোকক ধ্বংসস্তুপৰ মাজৰ পৰা জীৱন্তে উদ্ধাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে ।