গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিবলৈ বিধায়কলৈ কাতৰ আহ্বান ৰাইজৰ
ষ্টাফ ৰিপৰ্টাৰ , দুৰ্নীতিৰ দৰ্পণ , ২৪ আগষ্টঃ ভৱানীপুৰ আৰু সৰুক্ষেত্ৰী সমষ্টিৰ সীমা মুৰীয়া গড়কাপ্তানি পথৰ কাষেৰে বৈ গৈছে পহুমৰা নৈ ৷ এই নৈখনে সংকট কঢ়িয়াই আনিছে বৃহত্তৰ কৰাগাড়ী গাওঁ , কয়াকুছি পাম , খৰমা আদি অঞ্চলৰ ৰাইজৰ ৷ বহু অপেক্ষাৰ অন্তত এই গড়- কাপ্তানি পথ নিৰ্মাণ হৈছে ৷ পহুমৰা নৈৰ গৰা খহনীয়াই এই পথৰ সংকট কঢ়িয়াই অনাত হতাশাত ভুগিছে ৰাইজে ৷ ৪১ নং ভৱানীপুৰ বিধান সভা সমষ্টিৰ ১০৪ নং নিজ ভৱানীপুৰ গাও পঞ্চায়তৰ অন্তৰ্গত খৰমা কয়াকুছি পাম সংযোগী পথৰ কাষেৰে জিঅ বেগেৰে খহনীয়া প্ৰতিৰোধ কৰাৰ বাবে ৰাইজে স্থানীয় বিধায়ক ফণীধৰ তালুকদাৰৰ লগতে বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনায় ৷