বিবাহৰ বাবে তালিবানে বিচাৰি ফুৰিছে কিশোৰী , হাতত মাৰণাস্ত্রলৈ ঘৰে ঘৰে তালিবানী সন্ত্ৰাসী
ষ্টাফ ৰিপৰ্টাৰ, দুৰ্নীতিৰ দৰ্পণ, ২৬ আগষ্ট : আফগানিস্তান পুনৰ তালিবানৰ দখললৈ যোৱাৰ পিছত কট্টৰ ইছলামিষ্ট সন্ত্রাসবাদী সংগঠনটোৱে মহিলাসকলৰ ক্ষেত্রত কঠোৰ ব্যৱস্থা গ্রহণ নকৰে বুলি ঘোষণা কৰিছে যদিও কাবুলৰ পতনৰ পিছৰে পৰা তালিবানে মহিলাৰ বিৰুদ্ধে এটাৰ পিছত এটাকৈ ফতোৱা জাৰি কৰিবলৈ লৈছে ৷ শেহতীয়াকৈ তালিবানে আফগানিস্তানত বিবাহ বিচ্ছেদ ঘটাই ভাৰতত বাস কৰি থকা দেশখনৰ এগৰাকী মহিলাৰ বিৰুদ্ধে জাৰি কৰিছে মৃত্যু পৰোৱানা ৷ চাৰি বছৰ পূর্বে যুদ্ধ বিধ্বস্ত দেশখনৰ পৰা আহি নতুন দিল্লীত থাকিবলৈ লোৱা মহিলা গৰাকীৰ বিৰুদ্ধে মৃত্যুদণ্ড ঘোষণা কৰাৰ লগে লগে তালিবানৰ মধ্যযুগীয় পাশৱিক চৰিত্র পুনৰ স্পষ্ট হৈ পৰিছে ৷ স্মর্তব্য যে , নিজৰ স্বামী তালিবানৰ সক্রিয় সদস্য বুলি জনাৰ পিছতে মহিলা গৰাকীয়ে বিবাহ বিচ্ছেদ ঘটাই ভাৰতত আহি উপস্থিত হৈছে ৷ বর্তমান নতুন দিল্লীত দুই কন্যাৰ সৈতে বাস কৰি আছে মহিলা গৰাকীয়ে ৷ মহিলা গৰাকীৰ অন্য দুগৰাকী কন্যা সন্তানক নিজৰ স্বামীয়ে তালিবানৰ হাতত বিক্রী কৰিছিল ৷ তালিবানে মহিলা গৰাকীৰ বিৰুদ্ধে মৃত্যুৰ পৰোৱানা জাৰি কৰাৰ পিছতে মহিলাগৰাকী আতংকিত হৈছে ৷ আফগানিস্তানলৈ পুনৰ উভতি যোৱাৰ পৰিকল্পনা নাই বুলি ইতিমধ্যে ভাৰতৰ সংবাদ মাধ্যমক জনাইছে মহিলা গৰাকীয়ে ৷ ইফালে,আফগানিস্তানত এতিয়া তালিবানে ঘৰে ঘৰে গৈ ১৫ বছৰ বয়সৰ ওপৰৰ যুৱতী সকলক বলপূর্বক উঠাই আনি বৈবাহিক সম্পর্ক স্থাপন কৰিবলৈ লোৱা বুলি দেশখনৰ পৰা আমেৰিকালৈ ওভতা এগৰাকী সাংবাদিকে উল্লেখ কৰিছে ৷ হোলী মেক্কে নামৰ মহিলা সাংবাদিক গৰাকীয়ে ডালাছ মর্নিং নিউজত লিখিছে যে আফগানিস্তান সম্পূর্ণৰূপে তালিবানৰ দখললৈ যোৱাৰ পিছতে মহিলাসকলৰ জীৱনলৈ নামি আহিছে বিপদ ৷ মাত্র কেইদিনমান পূর্বে তালিবানে ১৫ বছৰ বয়সৰ ওপৰৰ তৰুণী তথা যুৱতী সকলৰ তালিকা বিচাৰি বিভিন্ন অঞ্চলত জাননী জাৰি কৰিছিল ৷ এতিয়া এই জাননী জাৰি কৰাৰ পৰিৱর্তে তালিবান যোদ্ধাবোৰে হাতত মাৰণাস্ত্র লৈ মানুহৰ ঘৰে ঘৰে মহিলা আৰু ১৫ বছৰৰ ঊর্ধ্বৰ তৰুণী তথা যুৱতী সকলক বিচাৰি ফুৰিছে ৷ এই ঘটনাক লৈ আতংকিত হৈ পৰিছে আফগানিস্তানৰ নাৰী সমাজ ৷