নগৰবেৰাৰ নতুন বদলাত নাওঁ খেল প্ৰতিযোগিতা, আজমল হকৰ নাওঁ প্ৰথম স্থান লাভ কৰে
দুৰ্নীতিৰ দৰ্পণ সেৱা, নগৰবেৰা , ৪ ছেপ্টেম্বৰঃ কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত নগৰবেৰাৰ নতুন বদলাত এদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰে সৰু নাওঁ খেল প্ৰতিযোগিতা । ৰাজ্যত ক্ৰমান্বয়ে যেন বিলুপ্ত হবলৈ ধৰিছে পৌৰাণিক খেল ধেমালি সমূহ আৰু ইয়াৰ মাজতে গ্ৰামাঞ্চলৰ একাংশ লোকে জীয়াই ৰাখিবলৈ আপ্ৰাণ চেষ্টা কৰিছে পৰম্পৰাগত নাওঁ খেল প্ৰতিযোগিতা । কামৰূপৰ বকো সমষ্টিৰ নগৰবেৰাৰ নতুন বদলাত ইএনডি মথাউৰিৰ সুতিত বুকুত নতুন বদলা গাওঁৰ ৰাইজৰ উদ্যোগত এদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰে হাত নাওঁ খেল প্ৰতিযোগিতা । খেলত বিভিন্ন ঠাইতৰ পৰা প্ৰায় কুৰি খন নাওঁ প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰে যদিও ইয়াৰে বদলা পথাৰৰ আজমল হকৰ নাওঁ প্ৰথম স্থান , ৰঙ্গেশ্বৰী গাঁৱৰ হাফিজুৰ ৰহমানৰ নাওঁ দ্বিতীয় স্থান আৰু আল আমিন নাওঁ খন তৃতীয় স্থান লাভ কৰে । আয়োজক সমিতিয়ে জনোৱা মতে , নাওঁ খেলৰ প্ৰথম পুৰস্কাৰ ড্ৰেছিং আইনা দ্বিতীয় পুৰস্কাৰ ডাইনিং ছেট এটা আৰু তৃতীয় পুৰস্কাৰ কলহ এটা । তাহানিৰ ৰজা দিনীয়া এই পৰম্পৰাগত নাওঁ খেল প্ৰতিযোগিতাৰ আনন্দ উল্লাসে প্ৰমাণ কৰি দিলে যে গ্ৰামাঞ্চলত আজিও অক্ষত আছে । আধুনিকতাৰ পৰশে যেন চুব পৰা নাই খেল বিধক । প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰা নাওঁ সমুহ প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ সময়ত মথাউৰিৰ ওপৰত হাজাৰ হাজাৰ পুৰুষ , মহিলা, শিশুৰ হৰ্ষোল্লাস কৰি নাওঁৰ বাইচাল সকলক প্ৰেৰণা দিয়াৰ লগতে উপভোগ কৰে নাওঁ খেলৰ মনোমোহা দৃশ্য ।