তামুলপুৰৰ বিভিন্ন ঠাইত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি পালন , কোভিড বিধি মানি তামুলপুৰ সাংস্কৃতিক কেন্দ্ৰত মহাপুৰুষৰ তিথি পালন
দুৰ্নীতিৰ দৰ্পণ , প্ৰতিবেদক , তামুলপুৰ , ৮ ছেপ্টেম্বৰঃ সমগ্র ৰাজ্যৰ লগতে বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ বিভিন্ন ঠাইৰ সত্ৰ , নাম ঘৰবোৰত আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি পুৱাৰে পৰা পালন কৰা হয় । অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান মৰ্মে অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ অধীনস্থ তামুলপুৰ সাংস্কৃতিক কেন্দ্ৰত কোভিড বিধি মানি গুৰুজনাৰ তিৰোভাব তিথি পালন কৰা হয় । তামুলপুৰ সাংস্কৃতিক কেন্দ্ৰৰ সাংস্কৃতিক উন্নয়ন বিষয়া যুগান্ত বায়নৰ তৎপৰতাত আজি হৰিনাম কীৰ্তনেৰে মুখৰিত হয় তামুলপুৰ সাংস্কৃতিক কেন্দ্ৰ । তামুলপুৰ শাখা সত্ৰৰ ভকত বৈষ্ণৱ সকলৰ দ্বাৰা তামুলপুৰ সাংস্কৃতিক কেন্দ্ৰত পুৱাৰে পৰা দুপুৰীয়ালৈ নাম কীৰ্তন , ভাগৱত পাঠ কৰাৰ লগতে গুৰুজনাৰ আদৰ্শক স্মৰণ কৰা হয় । সাংস্কৃতিক উন্নয়ন বিষয়া যুগান্ত বায়নে মহাপুৰুষ জনাৰ এই তিৰোভাৱ তিথি উৎযাপনৰ দ্বাৰা আমাৰ সমাজত বাঢ়ি অহা অসূয়া-অপ্ৰীতি দূৰ কৰি সমন্বয়ৰ অসম তথা সমন্বয়ৰ ভাৰত বৰ্ষ গঢ়ি উঠিব বুলি আশা প্ৰকাশ কৰে ।
ইফালে , মহাপুৰুষ জনাৰ তিৰোভাৱ তিথি আজি মহকুমা সদৰস্থ তামুলপুৰ শ্ৰীমন্ত শাখা সত্ৰ,মটঙ্গাপাৰ শাখা সত্ৰ,কুমাৰীকাটাৰ বাঁহবাৰী ,খৈৰাবাৰী,দৰঙ্গামেলা শাখা সত্ৰ,নাগ্ৰীজুলি শ্ৰীমন্ত শংকৰদেৱ শাখা সত্ৰকে ধৰি বিভিন্ন নামঘৰ আদিত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয় । ৰাতিপুৱাৰ পৰা মহকুমাটোৰ বিভিন্ন শাখা সত্ৰ,নামঘৰবোৰত ভকত বৈষ্ণৱ আৰু আই মাতৃ সকলে নাম-কীৰ্তন কৰি মুখৰিত কৰি তোলে আকাশ বতাহ। বিভিন্ন জাতি জনগোষ্ঠীৰ মিলন ভূমি তামুলপুৰ মহকুমাৰ বিভিন্ন সত্ৰ, নামঘৰত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে নাম প্ৰসংগত অংশ গ্ৰহণ কৰি মিলনৰ তীৰ্থ ভূমিত পৰিণত কৰে সত্ৰ, নামঘৰৰ চৌহদ।