ধুবুৰীৰ বিলাসীপাৰাত আৰক্ষীৰ এনকাউণ্টাৰ, নিহত ডকাইত বগা ওৰফে ছহিদুল ইছলাম
দুৰ্নীতিৰ দৰ্পণ, ষ্টাফ ৰিপৰ্টাৰ,হবিবুৰ ৰহমান, ১২ ছেপ্তেম্বৰঃ ৰাজ্যত পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ । এইবাৰ ঘটনাৰ স্থান ধুবুৰী জিলাৰ বিলাসীপাৰাত । শনিবাৰে নিশা ছয়জনীয়া ডকাইতৰ দল এটাই বঙাইগাঁওৰ পৰা বিলাসীপাৰা অভিমুখে অহা থকাৰ তথ্য লাভ কৰিছিল আৰক্ষীয়ে । ইয়াৰ পিছতে বিলাসীপাৰা মহকুমা আৰক্ষীয়ে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত চাপৰ থানা , শালকোচা আৰক্ষী চকী আৰু বিলাসীপাৰা বেলতলীত অভিযান চলায় । কিন্তু ডকাইতৰ ছয়জনীয়া দলে তিনিখন বাইকেৰে দ্ৰুতগতিত এখন এখনকৈ তালাচী চকী পাৰ হৈ আহিবলৈ আৰম্ভ কৰে । অৱশেষত বাইকত অহা ডকাইতৰ দলটোৱে বেলতলীত আৰক্ষীক দেখি গুলীয়াই পলাবলৈ লওঁতেই পূৰ্বৰে পৰা উক্ত স্থানত খাপ পিটি থকা আৰক্ষীয়ে ওলোটাই গুলীচালনা কৰে । আনহাতে , চাপৰৰ পৰা বাইকৰ পিছে-পিছে খেদি অহা আৰক্ষীৰ দলেও ডকাইতৰ দললৈ লক্ষ্য কৰি গুলী চালনা কৰে । উক্ত গুলীয়াগুলিত এজন ডকাইতৰ শৰীৰত গুলী লাগি বাইকৰ পৰা পৰি যায় । গুলীবিদ্ধ হৈ বাইকৰ পৰা পৰি যোৱা ম’ষ্ট ৱাণ্টেড ডকাইত ছহিদুল ইছলাম ওৰফে ছাইদৰ আলী ওৰফে সুজি ওৰফে বগা ছহিদুল বুলি আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়ে । আনহতে , গুলীবিদ্ধ ডকাইতটোৰ পৰা আৰক্ষীয়ে এটা অত্যাধুনিক পিষ্টল আৰু গুলী জব্দ কৰিবলৈ সক্ষম হয় । আনহাতে , দলটোৰ আন পাচঁটা ডকাইতে পলায়ন কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে গুলীবিদ্ধ ডকাইতটোক প্ৰথমে বিলাসীপাৰা চিকিৎসালয়ত ভৰ্তি কৰায় ৷ আৰু পিছত ধুবুৰী অসামৰিক চিকিৎসালয়লৈ লৈ আহে যদিও ধুবুৰী অসামৰিক চিকিৎসালয়ত ডকাইতটোৰ মৃত্যু হোৱা বুলি চিকিৎসকে ঘোষণা কৰে । বিলাসীপাৰা আৰু চাপৰ আৰক্ষীয়ে ডকাইতৰ দলটোলৈ ৯ জাঁই গুলী চলাইছিল বুলি আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱে জানিবলৈ দিয়ে । উক্ত গুলীচালনাৰ ঘটনাত ছইদৰ আলী নামৰ ডকাইতটোৰ দেহত গুলী লগাত বাইকৰ পৰা বাগৰি পৰে আৰু পুৱতি নিশা ধুবুৰী অসামৰিক চিকিৎসালয়ত মৃত্যু হয় । উল্লেখযোগ্য যে , পূৰ্বে ছাইদৰ আলীয়ে চাৰিটাকৈ ডকাইতিৰ গোচৰত অভিযুক্ত আছিল । পলাই যোৱা আন পাঁচটা ডকাইতক বিচাৰি আৰক্ষীৰ অভিযান অব্যাহত আছে । আৰক্ষীৰ গুলীচালনাত মৃত্যু হোৱা ডকাইতটোৰ বিৰুদ্ধে ধুবুৰীৰ চাপৰ থানাত তিনিটা গোচৰ আৰু বঙাইগাঁৱৰ অভয়াপুৰী থানাত এটা গোচৰ চলি আছিল বুলিও জানিব পৰা গৈছে ।