থাওৰা সমষ্টিত মন্ত্ৰী পিযুষ হাজৰিকাৰ ১৪ টা পথৰ আধাৰশিলা স্থাপন

206

থাওৰা সমষ্টিত মন্ত্ৰী পিযুষ হাজৰিকাৰ ১৪ টা পথৰ আধাৰশিলা স্থাপন

দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিপৰ্টাৰ,হবিবুৰ ৰহমান ,১২ ছেপ্তেম্বৰঃ আজি ১০৭ নং থাওৰা সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত সমষ্টিটোত ১৪ টা পথৰ পকীকৰণৰ কামৰ আধাৰশিলা স্থাপন কাৰ্যসূচীত ভাগ লয় অসম চৰকাৰৰ বহু কেইটা দপ্তৰৰ মন্ত্ৰী পিযুষ হাজৰিকাই ৷ মন্ত্ৰী পিযুষ হাজৰিকা আধাৰশিলা অনুষ্টানত উপস্থিত থাকি মন্তব্য কৰি কয় যে-এই পথ সমূহৰ নির্মাণকাৰ্য অতি সোনকালে সম্পূৰ্ণ কৰা হব বুলি জানিবলৈ দিয়ে ৷ এই অনুষ্ঠানত মাননীয় সাংসদদ্বয় তপন কুমাৰ গগৈ আৰু প্ৰদান বৰুৱা , মন্ত্ৰী যোগেন মোহন , বিধায়ক ভুৱন পেগু,থাওৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক সুশান্ত বৰগোঁহাই আৰু কুশল দুৱৰী ও উপস্থিত থাকে । আজি আধাৰশিলা স্থাপন কৰা তথা কৰিবলগীয়া পথসমূহৰ তালিকা হল-বকতা বাঁহগড়ৰ পৰা আহোম গাওঁ পথ ১.০৫ কি.মি.। জৱলাটিঙৰপৰা কুটুহাগুৰি পথ ১.৭০ কি.মি.। খামুন পথৰ পৰা পটিয়া গাওঁ হৈ নেমুগুৰি খৰাহাট সংযোগী পথ ২.০৬ কি.মি.। দিৰৈটিং বাগানৰ পৰা বৰপিয়াল হাবি হৈ হলঙনি পথ ২.৬৫ কি.মি.। ডিমৰুগুৰি গাঁৱৰ পৰা চেপন চূণপোৰা সংযোগী পথ ১.৭৫ কি.মি.। তেতেলীতল তিনিআলিৰ পৰা হলগুৰি তিনিআলিলৈ ৯.০৩ কি.মি. (RIDF)। ডিমৌ পলিটেকনিক হৈ কুচুমাৰী পথ ১.০৩ কি.মি.। কলিয়াপানী ফিল্ড পথ হৈ মধুপুৰ সংযোগী পথ ১.৪৭ কি.মি.। ৩৭ নং ঘাইপথৰ পৰা মাজাৰ শ্বৰীফ লৈ যোৱা পথ ১.৭০ কি.মি.। পালেঙী কেঁচুৱনী পথ ১.৫৫ কি.মি.। ধ্যান চাৰিআলিৰ হৈ চমৰাজান পথ ২.৩০ কি.মি.। ধোন্দৰমুখ সন্দিকৈ পথ ২ কি.মি.। কছাৰী পথাৰৰ হৈ নিগনিঘাট পথ ১.১৫ কি.মি. আৰু গজালি গাঁও সংযোগী পথ ০.৮০ কি.মি.।