প্ৰধানমন্ত্ৰীৰ জন্ম দিনত বগৰিবাৰী মৰ্ডেল হস্পিতালত মেঘা ভেকচিন ডে পালন
দুৰ্নীতিৰ দৰ্পণ সেৱা ,বগৰিবাৰীৰ পৰা গুলজাৰ হুছাইনৰ প্ৰতিবেদন,১৭ ছেপ্তেম্বৰঃ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিৱস । এই উপলক্ষ্যে সমগ্ৰ ভাৰত বৰ্ষৰ লগত সংগতি ৰাখি বগৰিবাৰী মৰ্ডেল হস্পিতালত মেঘা ভেকচিন ডে পালন হয় । ভেকচিন কেন্দ্ৰটোত দিনে নিশাই কৰ্মৰত কৰ্মী সকলে অইন দিনতকৈ আজি দ্বিগুন ৰাইজক টিকা প্ৰদান কৰে । টিকা কেন্দ্ৰটোৰ গুৰু দায়ীত্ত্বত থকা পৰিদৰ্শক মানষ ভট্ৰাচাৰ্য আৰু গাননিক সুভাস কলিতাৰ ভূমিকাক ৰাইজে ব্যপক প্ৰশংসা কৰে । বিষয়া দ্বয়ে অশিক্ষিত তথা পিছ পৰা অঞ্চলটোৰ ৰাইজৰ মাজত ভেকচিন সংক্ৰান্তে সৃষ্টি হোৱা বিভ্ৰান্ত আতৰাবলৈ সক্ষম হয়। ইয়াৰে অংশ ৰূপে আজি দলে-দলে গঞা ৰাইজে ভেকচিন লবলৈ আগবাঢ়ি আহি মেঘা ভেকচিন ডে সফল কৰি তোলে ।