ঢেকীয়াজুলিত উপস্থিত কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱট
দুৰ্নীতিৰ দৰ্পণ সেৱা , মিছামাৰীৰ পৰা আজিজুৰ ৰহমান , ১৭ ছেপ্টেম্বৰঃ ঢেকীয়াজুলিৰ শ্বহীদ মনবৰ নাথ সামূহিক চিকিৎসালয়ত উপস্থিত হৈ চিকিৎসালয়খন পৰিদৰ্শন কৰাৰ লগতে ৰোগীসকলক ফলমূল বিতৰণ কৰিলে বিজেপিৰ কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱটে । মন্ত্ৰী গৰাকীয়ে লগতে ৩০ খন বিচনাযুক্ত শ্বহীদ মনবৰ নাথ সামূহিক চিকিৎসালয় প্ৰাঙ্গণত বিজেপিৰ যুৱ মৰ্চাৰ তৰফৰ পৰা অনুষ্ঠিত এক ৰক্তদান শিবিৰো পৰিদৰ্শন কৰে ৷ কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱটে সংবাদ মাধ্যমৰে হোৱা সাক্ষাৎকাৰত জনায় যে , অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্বত অসম চৰকাৰে অসমখনত সৰ্বাংগীণ উন্নয়ন আৰু বিকাশৰ বাবে কাম কৰি আছে । দেশত সৃষ্টি হোৱা ক’ভিড পৰিস্থিতি ৰোধ কৰিবলৈ বিশেষকৈ গ্ৰাম্যাঞ্চলৰ ৰাইজৰ সুবিধাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৬৮ হাজাৰ কোটি টকাৰ আঁচনি ঘোষণা কৰিছে ।বৰ্তমান আমাৰ দেশত যি টীকাকৰণ অভিযান চলি আছে , এই অভিযানে ইতিমধ্যেই ৭৫ কোটি লোকক স্পৰ্শ কৰিছে ৷ অনাগত সময়ত এই অভিযানে দেশৰ অধিকসংখ্যক লোকক স্পৰ্শ কৰিবলৈ সক্ষম হ’ব ৷ আজি দেশৰ অধিকাংশ লোকে ক’ভিড ১৯ ৰোগৰ পৰা নিজকে সুৰক্ষিত অনুভৱ কৰিছে আৰু সেইসকল লোকে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭১ তম্ জন্ম দিৱসত মোদীজীলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে বুলি কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে ৷ কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ঢেকিয়াজুলিৰ শ্বহীদ মনবৰ নাথ সামূহিক চিকিৎসালয় পৰিদৰ্শন কৰা কালত মন্ত্ৰীগৰাকীক সংগ দিয়ে সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ লগতে স্থানীয় বিধায়ক তথা মন্ত্ৰী অশোক সিংহলে ৷