ৰঙিয়াত প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ফলমূল বিতৰণ

202

ৰঙিয়াত প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ফলমূল বিতৰণ

দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিপ’ৰ্টাৰ , ৰঙিয়া, ২০ ছেপ্টেম্বৰঃ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ১৭ চেপ্তেম্বৰৰ জন্মদিনটোৰ সৈতে সংগতি ৰাখি ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশে যোৱা ১৭ চেপ্তেম্বৰ ২০২১ তাৰিখৰ পৰা অহা ৭ অক্টোবৰত ২০২১ তাৰিখলৈ “সেৱা আৰু সমৰ্পণ অভিযান“ নামেৰে বিভিন্ন জনসেৱামূলক কাৰ্য্যসূচী হাতত লৈছে ৷ উক্ত “সেৱা আৰু সমৰ্পণ অভিযান”ৰ অংশ ৰূপে আজি ৰাজ্যিক সংখ্যালঘু মৰ্চাই ৰাতিপুৱা ১১-০০ বজাৰ পৰা ৰঙিয়া পৰিদৰ্শন বঙলাৰ পৰা শুভাৰম্ভণি কৰি ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ৰ উপ অধীক্ষক ডাঃ দিলীপ কুমাৰ বৈশ্য , জ্যেষ্ঠ চিকিৎসক ডাঃ পদ্মেশ্বৰ কলিতাৰ উপস্থিতিত চিকিৎসালয়খনৰ ৰোগী সকলৰ মাজত ফল মূল বিতৰণ কাৰ্যসূচী গ্ৰহণ কৰে । উক্ত কাৰ্যসূচীত সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতি শান্তিয়াছ কুজুৰ , সাধাৰণ সম্পাদকদ্বয় মুস্তাক উদ্দিন আহমেদ , শ্বহিদুল ইছলাম , সম্পাদক চফিকুল হাছান , উপ সভাপতিত্বদ্বয় অশোক সিংহী , খলিলুৰ ৰহমান , তবিবৰ ৰহমান, অঞ্জুমা বেগম, চচিয়েল মিডিয়া কোষ আহ্বায়ক তাফজুল আলী, সংখ্যালঘু মৰ্চাৰ মিডিয়া কোষৰ আহ্বায়ক হজৰত জাকাৰিয়া ভূঞা,বিজেপিৰ সংখ্যালঘু মৰ্চাৰ কাৰ্য্যকৰ্তা তথা উত্তৰ কামৰূপ জিলাৰ কাৰ্যকৰ্তা সকলে অংশগ্ৰহণ কৰে ।