নামনি সোৱণশিৰি প্ৰকল্প বন্ধৰ দাবীত গোগামুখত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সৰ্বাত্মক বন্ধ কাৰ্যসূচী
দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিপৰ্টাৰ , ২১ ছেপ্টেম্বৰঃ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধৰ দাবীত আজি পুনৰ উত্তাল হ’ল গোগামুখৰ মহৰি কেম্প । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত বিভিন্ন সন্থা,সংগঠনৰ সহযোগত মহৰি কেম্পত অৱস্থান ধৰ্মঘট তথা সৰ্বাত্মক বন্ধ কাৰ্যসূচীৰে গোগামুখ-এন এইছ পি চি পথ অৱৰোধ কৰাৰ লগতে প্ৰকল্প বন্ধৰ দাবী উত্থাপন কৰে । এই সৰ্বাত্মক বন্ধ কাৰ্যসূচীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পলাশ চাংমাই, সহ সম্পাদক সৌৰভ দাস, লখিমপুৰ, ধেমাজি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিষয়ববীয়া , মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সচিব ৰাজু সিংহ আদিয়ে অংশ গ্ৰহণ কৰি কোনো কাৰণতে বৃহৎ নদী বান্ধ সম্পূৰ্ণ কৰিব নোৱাৰিব বুলি হুংকাৰ প্ৰদান কৰে ৷ লগতে বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰি পৰিবেশ উত্তাল কৰে । সংগঠন সমূহে ২০০০ মেগাৱাট শক্তি সম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কাৰ্য বন্ধ নকৰিলে অনাগত সময়ত জংগী আন্দোলনৰ ভাবুকি দিয়ে । লখিমপুৰ-ধেমাজি-মাজুলী বাসীৰ জীৱন সম্পত্তিৰ সুনিশ্চিত নকৰালৈকে নামনি সোৱণশিৰিৰ জলবোমা নিৰ্মাণ কাৰ্য্য বন্ধ কৰি ৰাখিবলৈ সকিয়নী প্ৰদান কৰে কেন্দ্ৰীয় চৰকাৰ,ৰাজ্য চৰকাৰৰ লগতে এন এইছ পি চিক ।