অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ , নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে সৰ্বাত্মক অৱৰোধ কাৰ্য্যসূচী

211

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ , নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে সৰ্বাত্মক অৱৰোধ কাৰ্য্যসূচী

দুৰ্নীতিৰ দৰ্পণ সেৱা , বিকাশ শইকীয়া ,চিলাপথাৰ , ২১ ছেপ্তেম্বৰঃ ধেমাজি জিলাৰ গোগামুখত নামণি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সৰ্বাত্মক অৱৰোধ কাৰ্যসূচীৰে আজিৰে পৰা সৰ্বাত্মক অৱৰোধ কাৰ্যসূচী সাব্যস্ত কৰিছে অসম জাতীয়তাবাদী যুৱ -ছাত্ৰ পৰিষদে । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত এই সৰ্বাত্মক অৱৰোধ কাৰ্যসূচীত অংশ গ্ৰহণ কৰিছে সদৌ অসম ছাত্ৰ সন্থা , সদৌ অসম চুতীয়া জাতি ছাত্ৰ সন্থা , সদৌ অসম আদি বাসী ছাত্ৰ সন্থা (আছা) আৰু ইউনিক ওমেন কমিটিৰ লগতে বিভিন্ন দল সংগঠনে সহযোগিতা আগবঢ়াইছে । বিভিন্ন সময়ত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পক লৈ বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে যদিও বৰ্তমান সময়লৈকে চৰকাৰে কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা দেখা নাই । নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে পুনৰ সৰৱ হৈছে ছাত্ৰ সংগঠনটো । প্ৰতিবাদকাৰী সকলৰ স্পষ্ট দাবী যেতিয়ালৈকে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম সম্পূৰ্ণ ৰূপে বন্ধ কৰা নহয় , তেতিয়ালৈকে প্ৰতিবাদ অব্যাহত থাকিব । কাৰণ চনকা পাহাৰৰ মাজত ইমান ডাঙৰ জলবিদ্যুৎ প্ৰকল্প সম্ভৱ নহয় । যোৱা ১৯ আগষ্টত নেৰানেপেৰা বৰষুণ ফলত কফাৰ ডামৰ ওপৰেদি বৈ যোৱা পানীৰ ৩ দিন পিছতেই ৫ নং টেনেল অংশত বৃহৎ পাহাৰ অংশ খহি পৰি ৫ নং টেনেল ভাঙি গৈছিল তেতিয়া নদী কাষৰীয়া অঞ্চলত বসবাস কৰা সাধাৰণ জনতা উজাগৰে থাকিব লগা হৈছিল। ঠিক সেই ধৰণে ২০০৪ চনত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ ফলত ধেমাজি লখিমপুৰ জিলাৰ আধা অংশ পানীত তলত ডুপ গৈছিল । এনে ভয়ানক বান ভৱিষ্যত কালত যে নহ’ব তাৰ কোনো মানা নাই । নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ চনকা পাহাৰক লৈ বিভিন্ন বৈজ্ঞানিকে বিভিন্ন ধৰনে মত পোষণ কৰিছে ফলত আজি পৰ্যন্ত বিভিন্ন দল সংগঠনে ইয়াৰ প্ৰতিবাদ সাব্যস্ত কৰিছে যদিও কোনো ধৰণৰ উত্তৰ দিব পৰা নাই চৰকাৰে । বৰ্তমান সময়লৈকে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ প্ৰায় ৭০ শতাংশ কাম সম্পূৰ্ণ হৈছে । ভৱিষ্যতে ভয়ংকৰ পৰিবেশ হোৱাৰ আগতেই সেয়েহে এতিয়াই এই প্ৰকল্প বন্ধ কৰাৰ দাবী জনাই আহিছে বিভিন্ন দল সংগঠনে । কিন্তু দল সংগঠনৰ দাবী প্ৰতিবাদক ভৰিৰে মোহাৰি বিভাগীয় কৰ্তৃপক্ষই কাম অব্যাহত ৰাখিছে । এই প্ৰতিবাদৰ জৰিয়তে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কামৰ কাৰণে কোনো ধৰনৰ বয়-বস্তু লৈ যাবলৈ নিদিয়াৰ হুংকাৰ জনাইছে সংগঠন সমূহে ।