নগাঁৱৰ দক্ষিণপাটত খুটিকটীয়া ষ্টেট বেংকৰ উদ্যোগত কৃষক সন্মিলন

173

নগাঁৱৰ দক্ষিণপাটত খুটিকটীয়া ষ্টেট বেংকৰ উদ্যোগত কৃষক সন্মিলন

দুৰ্নীতিৰ দৰ্পণ সেৱা , ৱাহিদুদ জামান , নগাঁও , ২৩ ছেপ্টেম্বৰ : ভাৰতীয় ষ্টেট বেংকৰ খুটিকটীয়া শাখাৰ উদ্যোগত আজি নগাঁৱৰ দক্ষিণপাট চাৰিআলিত ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰত এক কৃষক সন্মিলন সভা অনুষ্ঠিত হয় । উক্ত কৃষক সন্মিলন সভাত দক্ষিণপাট অঞ্চলৰ শতাধিক পুৰুষ আৰু মহিলা কৃষকে অংশ গ্ৰহণ কৰে । দক্ষিণপাট গ্ৰাহক সেৱা কেন্দ্ৰৰ কেন্দ্ৰ পৰিচালক ভাস্কৰ জ্যোতি শইকীয়াই পৰিচালনা কৰা উক্ত কৃষক সন্মিলনত ষ্টেট বেংকৰ খুটিকটীয়া শাখাৰ শাখা পৰিচালক কৃষ্ণ বাহাদুৰ ঠাকুৰীয়াই উপস্থিত থাকি কৃষক সকলৰ লগত মত বিনিময় কৰাৰ লগতে কৃষক সকলে কেনেকৈ কৃষি ঋণ লাভ কৰিব আৰু ঋণৰ যোগেদি কেনেকৈ লাভাম্বিত হব পাৰি , ইয়াৰ উপৰত বিতং আলোচনা কৰে । ইয়াৰ উপৰিও খুটিকটীয়া শাখাৰ ক্ষেত্ৰ বিষয়া অৰ্পন ফুকনে কৃষক সন্মিলনত উপস্থিত থাকি কৃষক সকলক কৃষি ঋণ কেনেকৈ আবেদন কৰিব পাৰি , কি কি তথ্য পাতিৰ প্ৰয়োজন , এই বিষয় সমূহৰ কৃষক সকলক জানিবলৈ দিয়ে । তেওঁ প্ৰতিজন কৃষকক ফচল বীমা কৰিবলৈ আহ্বান জনায় । আজিৰ কৃষক সন্মিলনত বেংক বিষয়া সকলৰ লগতে পশুপালনৰ লগতে অঞ্চলটোৰ আদৰ্শ মহিলা কৃষক দিপালী বৰদলৈ,বয়োজেষ্ঠ কৃষক হেমকান্ত দাস,গুবিন চন্দ্ৰ দাস আদি উপস্থিত থাকে ।